ETV Bharat / state

ক্ষমা খুজিও ৰক্ষা নপৰিল অত্যুৎসাহী তনু শ্বাহী: আটক দুলীয়াজান আৰক্ষীৰ

'ফ্ৰী ম্যে খানা খানে আয়া হ্যে সব লোগ' বুলি গালি-গালাজ কৰা তনু শ্বাহীক আটক ৷ এজাহাৰত নাম দিয়া নাছিল শংকৰজ্যোতি বৰুৱাৰ ৷

Tanu Shahi detained
ক্ষমা খুজিও ৰক্ষা নপৰিল অত্যুৎসাহী তনু শ্বাহী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 7:56 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: দুলীয়াজানৰ বি এন সিং পেট্ৰ'ল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত ঘটনাৰ সময়ত কেতবোৰ বিতৰ্কিত মন্তব্য কৰা তনু শ্বাহী নামৰ যুৱতীগৰাকীক আটক কৰি জেৰা চলাইছে দুলীয়াজান আৰক্ষীয়ে । তনু শ্বাহীক বৃহস্পতিবাৰে বাসগৃহৰ পৰা আটক কৰে দুলীয়াজান আৰক্ষীয়ে ।

দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ'ল পাম্প ছাৰ্ভিচ ষ্টেচনত যোৱা ১৭ মে'ত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা । ইফালে এই ঘটনাত নাম সাঙোৰ খাই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ।

ক্ষমা খুজিও ৰক্ষা নপৰিল অত্যুৎসাহী তনু শ্বাহী; আটক দুলীয়াজান আৰক্ষীৰ (ETV Bharat Assam)

ঘটনাৰ সময়ত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সেই স্থানত উপস্থিত আছিল । ইয়াৰ পিছত দিন দুপৰতে পেট্ৰ'ল পাম্পত বৃহৎ গুণ্ডা বাহিনীৰ আক্ৰমণৰ ঘটনাক লৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । দুলীয়াজান থানাত সোধাপোছাৰ অন্তত গ্ৰেপ্তাৰ কৰি শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে জে'ললৈ প্ৰেৰণ কৰা হৈছে ।

ইয়াৰ পাছতে আৰম্ভণি হয় পেট্ৰ'ল ডিপোটো বন্ধ কৰাৰ দাবীত প্ৰতিবাদ । লগতে ঘটনাৰ সময়ত 'ফ্ৰী ম্যে খানা খানে আয়া হ্যে সব লোগ' বুলি গালি-গালাজ কৰা যুৱতী তনু শ্বাহীক গ্ৰেপ্তাৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰে বিভিন্ন দল-সংগঠনে ।

Tanu Shahi detained
ক্ষমা খুজিও ৰক্ষা নপৰিল অত্যুৎসাহী তনু শ্বাহী (ETV Bharat Assam)

কিয়নো ঘটনাৰ সময়ত তনু শ্বাহী নামৰ তেল ডিপোটোত কৰ্মৰত যুৱতীগৰাকীয়ে কৈছিল, "ফ্ৰী ম্যে খানা খানে আয়া হ্যে সব লোগ । সব দালাল লোগ হ্যে ।" সমগ্ৰ দৃশ্যৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে ।

আনকি তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিতেই জে'ললৈ যাবলগা হয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা । যাৰ বাবে তনু শ্বাহীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত দাখিল কৰা হয় এজাহাৰ । আনহাতে, এইগৰাকী যুৱতীক গ্ৰেপ্তাৰৰ দাবীত শুকুৰবাৰে দুলীয়াজান বন্ধ ঘোষণা কৰিছে বিভিন্ন দল-সংগঠনে ।

ইয়াৰ পাছতে দুলীয়াজানৰ বিতৰ্কিত যুৱতী তনু শ্বাহীক আটক কৰি জেৰা চলাইছে দুলীয়াজান আৰক্ষীয়ে । তনু শ্বাহীক বাসগৃহৰ পৰা আটক কৰে দুলীয়াজান আৰক্ষীয়ে ।

উল্লেখ্য যে শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ সৈতে নাম সাঙোৰ খাই পৰা তনু শ্বাহী নামৰ যুৱতীগৰাকীয়ে ক্ষমা খুজিছিল সামাজিক মাধ্যমত । অসমৰ দল-সংগঠনক অপমানসূচক মন্তব্যৰে গালি পৰাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে বুধবাৰে নিশা সামাজিক মাধ্যমৰ জৰিয়তে ক্ষমা খোজে তনু শ্বাহীয়ে । আটক হোৱাৰ পূৰ্বেও সংবাদ মাধ্যমৰ জৰিয়তে ক্ষমা খুজিছিল তনু শ্বাহীয়ে ।

এই সন্দৰ্ভত তনু শ্বাহীয়ে কয়, "মই ব্যক্তিগতভাৱে কাকো কোৱা নাছিলোঁ । ৰাইজে কিয় ভুল বুজিছে সেই কথা মই জানিব পৰা নাই । ঘটনাৰ সময়ত ভয়ত যি কৈছিলোঁ তাৰ বাবে মই ক্ষমা খুজিছোঁ ।"

আনহাতে, এজাহাৰত শংকৰজ্যোতি বৰুৱাৰ নাম উল্লেখ কৰিছিল নে‌ নাই বুলি সাংবাদিকে সোধাত শংকৰজ্যোতি বৰুৱাৰ নাম নাই দিয়া বুলি উল্লেখ কৰি তেওঁ কয়, "এতিয়াৰে পৰা সকলো আমাৰ অধিবক্তাই ক'ব, আমাক ক'বলৈ মানা কৰিছে । এতিয়াৰে পৰা যি কৰিব আৰক্ষীয়ে কৰিব । মই যাৰ কথা উল্লেখ কৰিছিলোঁ, তেওঁলোকক আটক কৰাৰ খবৰ পোৱা নাই ।"

লগতে পঢ়ক :ফ্ৰী ম্যে খানে ৱালা আদমি হ্যে... ক্ষমা প্ৰাৰ্থনা তনু শ্বাহীৰ - DULIAJAN PETROL PUMP CASE
লগতে পঢ়ক :প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ - SHANKARJYOTI BARUAH