গৰম কমাৰ যেন কোনো লক্ষণেই নাই, গ্ৰীষ্ম বন্ধৰ পাচতো পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হ’ব পাঠদান
উৎকট গৰমৰ বাবে পূৰ্বৰ দৰে ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ পাঠদান ৷

Published : July 29, 2025 at 7:14 PM IST
|Updated : July 29, 2025 at 8:12 PM IST
গুৱাহাটী : উৎকট গৰমে দহিছে ৰাজ্য । এই উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ পূৰ্বৰ সময় বাহাল ৰাখিছে শিক্ষা বিভাগে । গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ পূৰ্বৰ সময় মতেই বাহাল ৰাখিবৰ বাবে মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া দিপীকা চৌধুৰীয়ে এক নিৰ্দেশনা জাৰি কৰিছে ।
৩১ জুলাইত সমাপ্ত হ'ব বিদ্যালয়বোৰৰ গ্ৰীষ্ম বন্ধ । পহিলা আগষ্টৰ পৰা বিদ্যালয়সমূহত পুনৰ পাঠদান আৰম্ভ হ’ব । কামৰূপ মহানগৰৰ চৰকাৰী বেচৰকাৰী বিদ্যালয়বোৰত পহিলা আগষ্টৰ পৰা পুৱা ৭:৩০ বজাৰ পৰা সকলো শ্ৰেণীৰে পাঠদান আৰম্ভ হ’ব । গ্রীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি পহিলা আগষ্টৰ পৰা গুৱাহাটীৰ শিক্ষানুষ্ঠানত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা ।
অৱশ্যে ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি তাৰতম্য থাকিব । পহিলা আগষ্টৰ পৰা নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১ বজালৈ অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, গৰমৰ বন্ধৰ পূৰ্বে জুনত গ্ৰীষ্মপ্ৰবাহৰ বাবে বিদ্যালয়বোৰৰ পাঠদানৰ সময় সলনি কৰা হৈছিল । পাঠদানৰ সযয় সালসলনি কৰি পুৱা ৭.৩০ বজাৰ পৰা পাঠদান আৰম্ভ কৰা হৈছিল । গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ পিছত নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান আৰু মধ্য ইংৰাজী বিদ্যালয়সমূহৰ পাঠদানৰ সময় একেই থাকিব যদিও উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজাৰ পৰিৱৰ্তে আধা ঘণ্টা বঢ়াই দিনৰ ১ বজালৈ কৰা হৈছে ।

