ETV Bharat / state

উন্নয়নৰ গংগা ! যাব নোৱাৰে এম্বুলেন্স, কোলাত নিলে ৰোগীক - POOR COMMUNICATION IN MAJULI

মাজুলীৰ ভকত চাপৰিত আছে ১৭ খনকৈ গাঁও । পিছে নাই এখনো দলং । কোনে শুনিব দুৰ্দশাৰ কথা ?

poor communication
পকী দলং নোহোৱাত এম্বুলেন্স নোৱাৰে যাব (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 22, 2025 at 10:08 AM IST

4 Min Read

মাজুলী : চৰকাৰে যাতায়তৰ ক্ষেত্ৰত হোৱা বিকাশৰ ছবিখন ৰাইজৰ মাজত দাঙি ধৰিবলৈ বিজ্ঞাপন প্ৰকাশ কৰি আহিলেও এই মুলুকতেই এতিয়াও কিছুমান অঞ্চলক স্পৰ্শ কৰা নাই উন্নয়নৰ গংগাই । দেশত অমৃতকালতো গৰলহে পান কৰিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজে । উন্নয়ন এই অঞ্চলৰ ৰাইজৰ বাবে হৈছে এক দিবা-স্বপ্ন ।

প্ৰতিখন চৰকাৰে তেওঁলোকক কৰি আহিছে প্ৰতাৰণা । এই অঞ্চলৰ ৰাইজৰ জনপ্ৰতিনিধিৰ মনত পৰে মাথো নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত । আজিও বহুতো অঞ্চলৰ ৰাইজৰ জলন্ত সমস্যা হিচাপে চিহ্নিত হৈ আহিছে এখন পকী দলং । এই পকী দলং নোহোৱা বাবে মাজুলীত কোলাত তুলি নিবলগীয়া হৈছে ৰোগী । পকী দলং নোহোৱাত এম্বুলেন্স যাব নোৱৰা বাবে মানুহৰ কোলাই হৈ পৰিছে জৰুৰীকালীন সেৱাৰ একমাত্ৰ ভৰসা ।

পকী দলং নোহোৱাত এম্বুলেন্স নোৱাৰে যাব (ETV Bharat Assam)

নদীদ্বীপ মাজুলীৰ ভকত চাপৰিত আছে ১৭ খনকৈ গাঁও । এই গাঁও কেইখনৰ হাজাৰ হাজাৰ লোকৰ বাবে দীৰ্ঘদিন ধৰি জলন্ত সমস্য়া হিচাপে চিহ্নিত হৈ আহিছে এখন পকী দলং । এই দলঙৰ অভাৱতেই ১০৮ জৰুৰীকালীন সেৱাৰ এম্বুলেন্স নাযায় ভকত চাপৰিলৈ । পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ মাজত । ভোটাৰক আকৰ্ষণ কৰিবলৈ নতুন নতুন কৌশল অৱলম্বন কৰিছে ৰাজনৈতিক দলসমূহৰ মাজত । নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়তে মাজুলীত দেখিবলৈ পোৱা গ'ল উন্নয়নৰ এক বিপৰীত ছবি ।

দলঙৰ অভাৱত মাজুলীত কোলাত তুলি চিকিৎসালয়লৈ নিব লগা হ'ল ৰোগী । এই দৃশ্য মাজুলীৰ ভকত চাপৰিৰ । অঞ্চলটোত স্বাধীনতাৰ সাত দশকৰ পাছতো নপৰিল উন্নয়নৰ পোহৰ । যাৰ বাবে আজিৰ দিনটো কোলাত তুলি চিকিৎসালয়লৈ নিবলগীয়া হৈছে ৰোগী । এখন দলঙৰ অভাৱত ১০৮ গাড়ী নাযায় ভকত চাপৰিলৈ । যাৰ বাবে এছোৱা ব্যক্তিগত বাহনত তুলি তাৰ পাছত ভগা বাঁহৰ দলঙৰ ওপৰত কোলাত তুলি আনিব লগা হয় ৰোগী । ২০২৫ বৰ্ষৰ জানুৱাৰীতে বিধায়ক ভূৱন গামে পকী দলঙৰ আধাৰশিলা কৰিলেও আজিৰ তাৰিখতো নপৰিল ৰদ, বালি, শিল ।

ভকত চাপৰিৰ ১৭ খন গাঁৱৰ ৰাইজৰ দুৰ্দশা

ভকত চাপৰিৰ ১৭ খন গাঁৱৰ ৰাইজৰ দুৰ্দশা ৰজাঘৰীয়াৰ চকুত কেতিয়াবা পৰিব ? এইটো এতিয়া ডাঙৰ প্ৰশ্ন হৈছে । জিলা সদৰ গড়মূৰৰ পৰা কেই কিলোমিটাৰ নিলগৰ গাঁওকেইখনৰ ৰাইজে দাবী কৰা দলঙখন কেতিয়া নিৰ্মাণ কৰিব সেয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে । এগৰাকী স্থানীয় লোকে এই সন্দৰ্ভত কয়, "এখন পকী দলং নোহোৱা বাবে ৰোগীক এনেদৰে কোচত তুলি আনিব লগা হ'ল । এখন দলঙৰ বাবে আমাৰ কেনেকুৱা সমস্যা হৈছে আজিৰ তাৰিখত আমি বুজাই ক'ব নোৱাৰা অৱস্থা হৈছে । যদি চৰকাৰে এই ১৭ খন গাঁৱৰ ৰাইজৰ কথা চিন্তা কৰি দলঙৰ লগতে পথটো পকী কৰি দিয়ে আমাৰ যথেষ্ট উপকাৰ হ'ব ।"

মাজুলী জিলাৰ এগৰাকী আছু নেতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "বছৰ বছৰ ধৰি ভকত চাপৰিৰ ৰাইজৰ যি সমস্যা সেয়া সমস্যা হৈয়ে ৰ'ল । প্ৰতিখন চৰকাৰে এই গাঁওসমূহৰ ৰাইজৰ সমস্যা সমাধানৰ আশ্বাস দি আহিছে যদিও আজিৰ তাৰিখত কোনো সমস্যা সমাধান কৰা নাই । ভকত চাপৰিৰ ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ হোৱা কাঠৰ দলঙখনৰ কাম-কাজ দুৰ্বল হোৱা বাবে দুবছৰ হওঁতেই দলঙখন ভাগি যায় । যাৰ পাছত ৰাইজে এখন পকী দলঙৰ দাবী কৰিছিল আৰু তাৰ পাছতেই যোৱা জানুৱাৰীত এখন পকীদলঙৰ আধাৰশিলা স্থাপন কৰিছিল ;কিন্তু আজিৰ তাৰিখত সেয়া আধাৰশিলা হৈয়েই থাকিল ।"

ইফালে ৰাইজে পাৰাপাৰ হ'বলৈ নিৰ্মাণ কৰা বাঁহৰ দলঙখনো আজিৰ তাৰিখত জৰাজীৰ্ণ হৈ পৰিছে । ১৭ খনকৈ গাঁৱৰ ৰাইজক এনেদৰে পণবন্দী কৰি ৰখাটো যুক্তিসংগত কথা নহয় বুলি কয় আছু নেতাগৰাকীয়ে । আছুনেতাগৰাকীয়ে লগতে ভকত চাপৰিৰ এইসকল ৰাইজৰ বাবে চৰকাৰক অতি সোনকালে সুবিধা কৰি দিবৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক:নিৰ্বাচন আহে আৰু যায়, কিন্তু চৰকাৰৰ অভিলাষী আঁচনিয়ে ঢুকি নাপায় এই গাঁওখনক - PANCHAYAT ELECTIONS 2025

অৰুণাচলত নিৰ্মাণ হৈছে দলং, অসমৰ নদীত মৰিছে মাছ - SILE RIVER WATER POLLUTED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.