কৃষি মন্ত্ৰীৰ গৃহ সমষ্টিত গেলিছে টনে টনে ৰঙালাও, কৃষকৰ হাহাকাৰ
কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত ৰঙালাও কৃষকৰ হাহাকাৰ । বিক্ৰী কৰিবলৈ চিঙি থোৱা আৰু বৰষুণৰ বাবে তলীতে গেলিছে টনে টনে ৰঙালাও ।

Published : May 29, 2025 at 7:32 PM IST
গোলাঘাট: ৰাজ্যত ৰঙালাও খেতি কৰি অভিলেখ সৃষ্টি কৰা কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে । বিগত দুটা বছৰত ৰঙালাও খেতিত কৃষকে লাভ কৰিছিল আশাপ্ৰদ মূল্য । সেয়েহে এইবাৰ কৃষকে কৰিছিল দুগুণ ৰঙালাও খেতি । বিগত বছৰত ৬ কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যলৈ ৰপ্তানি কৰাৰ বিপৰীতে এইবাৰ ১২ কোটি টকাৰ ৰঙালাও ৰপ্তানি কৰাৰ লক্ষ্য লোৱা হৈছিল যদিও উচিত মূল্য পোৱা হ'লে কমেও ২০ কোটি টকাৰ ৰঙালাও অসমৰ বাহিৰলৈ ৰপ্তানি কৰিব পাৰিলেহেঁতেন ।
কিন্তু ৰঙালাওৰ এইবাৰ দাম নুঠিল । উপযুক্ত সমৰ্থন মূল্য নোপোৱাৰ বাবেই দ'মে দ'মে গেলিছে ৰঙালাও । এনে এগৰাকী যুৱ কৃষক মন্তু বৰাৰ ঘৰত জমা কৰি ৰখা হৈছে পৰ্বতসম ৰঙালাও । ইতিমধ্যে ১০৯ টন ৰঙালাউ বিক্ৰী কৰিলে যদিও ঘৰত প্ৰায় সমপৰিমাণৰ ৰঙালাও জমা কৰি ৰাখিছে বিক্ৰীৰ বাবে । পথাৰৰ খৰচ, পথাৰৰ পৰা মূল পথলৈ ট্ৰেক্টৰেৰে অনা খৰচ, শ্ৰমিকক দিব লগা মজুৰিৰ পাছত কিলোগ্ৰামত ৪ টকাকৈ ৰঙালাউ বিক্ৰী কৰিলে প্ৰচূৰ লোকচান হয় বুলি তেওঁ কয় ।
৫ টকাৰ ওপৰত দাম পাব বুলি ৰভা দি জমা ৰাখিছে ৰঙালাউ । উচিত মূল্য পালে মন্তু বৰাই এইবাৰ ৰঙালাও বিক্ৰী কৰি পাব ৫ লাখ ৮০ হাজাৰ টকা । কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই কৃষকসকলৰ সৈতে এক আলোচনাত বহাৰো পোষকতা কৰিছে ১৯৯৭ চনৰ পৰা কৃষিকেই জীৱিকাৰূপে লোৱা মন্তু বৰাই ।
এই সম্পৰ্কে কৃষক মন্তু বৰাই কয়, "আমাৰ অসমীয়া মানুহে দেখাক দেখি খেতি কৰে । মই যদি এই খেতি কৰি অধিক উপাৰ্জন কৰিছোঁ পিছৰ বছৰ সকলোৱে একে খেতি কৰে । কিন্তু এই ৰঙালাও খেতিত যিমান ধন খৰচ কৰিলোঁ সেই অনুসৰি কোনেও ধন লাভ কৰা নাই । যাৰ বাবে এই বছৰ সকলো খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । এই ৰঙালাওসমূহ মই সংৰক্ষিত কৰি থোৱাৰ এটাই কাৰণ, পিছত যদি অলপ বেছিকৈ ধন লাভ কৰোঁ মোৰ মুলধন আহিব ।"
তেওঁ লগতে কয়, "এনে এক সন্ধিক্ষণত অসম চৰকাৰে বা নুমলীগড় শোধনাগাৰে কয় যে ইয়াৰ পৰা জুছ প্ৰস্তুত কৰা হয় । মই গুৱাহাটী কৃষি গবেষণা কেন্দ্ৰলৈ যাওঁতে আমাক কৈছিল যে আপোনালোকে জুছ প্ৰস্তুত কৰক আমি ইয়াৰ বজাৰৰ ব্যৱস্থা কৰি দিম । কিন্তু ইয়াৰ উদ্যোগ কৃষি বিভাগে গ্ৰহণ কৰিব লাগিব, কৃষি বিভাগৰ সদিচ্ছা থাকিব লাগিব ৷ ডাঙৰ কথা হ'ল যে কৃষক যিমান দুখীয়া হৈ থাকিব সিমান চৰকাৰৰ ওচৰত নতশিৰে চলিব লাগিব ৷ গতিকে সেই ব্যৱস্থাৰ বাবে কৃষকৰ উন্নতি নহয় ।"
কৃষকজনে লগতে কয়, "ইয়াৰ উপৰিও আমি যেতিয়া বনিয়াৰ ওচৰত ধান বিক্ৰী কৰো তেতিয়া তুঁহ, পলিচ, চাউল আদি বেলেগে বেলেগে বিক্ৰী কৰা হয় ঠিক তেনেদৰে ৰঙালাওৰ গুটিৰে দৰৱ প্ৰস্তুত কৰে আৰু বাকলি তথা ফিতাৰে মাছৰ দানা বা গৰু দানা প্ৰস্তুত কৰা হয় ৷ গতিকে ইয়াৰ পৰা একো পেলনী নাযায় । কিন্তু ইয়াৰ লাভৰ অংশ পুঁজিপতি গোষ্ঠীৰ হাতলৈ গুচি যায় কৃষকে নাপায় ।"
মূল্যৰ প্ৰসংগত মন্তু বৰাই কয়, "বৰ্তমান ইয়াৰ প্ৰতি কেজি ৰঙালাওৰ মুল্য 4.50 টকা আৰু বিগত বৰ্ষত আছিল 8.50 টকা প্ৰতি কেজি । ইয়াৰ উপৰিও চীড কোম্পানীৰ পৰা কিমান গুটি বিক্ৰী হয় জুছ প্ৰস্তুত কৰা কোম্পানী সমুহে গম পাই যায় আৰু তাৰেই সুবিধা লৈ জুছ প্ৰস্তুত কৰা কোম্পানীয়ে । গতিকে ন্যূনতম সমৰ্থন মুল্য আমাৰ বহু প্ৰয়োজন ৷ কিন্তু নিৰ্ধাৰণ কোনে কৰিব ? গতিকে আমি কৃষকসকল এক হ'ব লাগিব, চৰকাৰৰ সহযোগিতা লাগিব, তেতিয়া ইয়াৰ ন্যূনতম সমৰ্থন মুল্য লাভ কৰিলোঁহেঁতেন ৷ কিন্তু এই কাম চৰকাৰে কৰি নিদিয়ে । চৰকাৰৰ কৃষকৰ প্ৰতি সদিচ্ছা নাই আৰু কৃষি মন্ত্ৰীজন ইয়াতেই থাকোঁতে আমাৰ এনে অৱস্থা ।"

