ETV Bharat / state

এফালে উৎপাদন হ্ৰাস, আনফালে কেঁচাপাতৰ মূল্যৰ অৱনমন: বিপদত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক

উদ্বেগজনকভাৱে অসমত হ্ৰাস চাহৰ উৎপাদন । ৩০ শতাংশলৈ হ্ৰাস চাহৰ উৎপাদন । উচিত মূল্যৰ পৰাও বঞ্চিত ক্ষুদ্ৰ চাহ খেতিয়কসকল ।

small tea growers problems
বিপদত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 2:12 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট : "ফেক্টৰীত চাহপাত যোগান ধৰি যিমানখিনি মূল্য পাব লাগিছিল, সেই মূল্য পাবলৈ সক্ষম হোৱা নাই ক্ষুদ্ৰ চাহখেতিয়কসকলে । ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আৱেগৰ প্ৰতি গুৰুত্ব দি এক উচিত মূল্য দিবলৈ চৰকাৰক আহ্বান জনাইছোঁ ।" এই আহ্বান যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ।

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগতে অভিযোগ, "চাহ উদ্যোগটোৰ লগত জড়িত হৈ আছে দুই লাখৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক । কিন্তু এইসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদনী ব্যয় ক্ৰমাগত হাৰত বৃদ্ধি হৈ আহিছে যদিও আমি পোৱা নাই উচিত মূল্য । আজিৰ তাৰিখত ঠাইভেদে ১৮, ২০, ২২ টকা দৰত ক্ষুদ্ৰ চাহ খেতিয়কে বটলিফ ফেক্টৰীত কেঁচাপাত দিবলৈ বাধ্য হৈছে ।"

কেঁচাপাতৰ মূল্য হ্ৰাসত বিপদত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক (ETV Bharat Assam)

এই সন্দৰ্ভত যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মাই কয়, "জলবায়ু পৰিৱৰ্তনে অসমৰ চাহ খেতিৰ লগতে অন্যান্য খেতিত প্ৰভাৱ বিস্তাৰ কৰিছে । ইয়াৰ ফলত বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকল সমস্যাৰ সন্মুখীন হৈ আহিছে । সেয়েহে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে জলসিঞ্চন ব্যৱস্থা ।"

লগতে তেওঁ কয়, "আজিৰে পৰা দুই-তিনি বছৰ ধৰি চাহৰ উৎপাদন হ্ৰাস পাই আহিছে । এতিয়ালৈকে ৩০ শতাংশ চাহৰ উৎপাদন হ্ৰাস পাইছে । উৎপাদন হ্ৰাস হোৱাৰ পিছতো ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচাপাতৰ দামো কিন্তু বৃদ্ধি পোৱা নাই । বৰঞ্চ নিম্নতম হাৰতহে কেঁচাপাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে চাহ খেতিয়কসকল ।"

কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণ প্ৰসংগত তেওঁ কয়, "চাহৰ উচিত মূল্য নিৰ্ধাৰণ কৰিবলৈ দিয়াৰ বাবে জিলা আয়ুক্তৰ তত্বাৱধানত এখন মনিটৰিং কমিটীৰ সভা অনুষ্ঠিত হ'ল । উক্ত সভাত কলঘৰ কৰ্তৃপক্ষ, চাহখেতিৰ লগত জড়িত সংস্থা আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকল উপস্থিত আছিল । উক্ত সভাতে ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা কেঁচাপাতৰ দৰ ২৫ টকা নিৰ্ধাৰণ কৰি দিয়া হ'ল আৰু উক্ত সভাতে ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ কেইবাটাও চৰ্ত দিয়া হৈছিল । কিন্তু ২৫ টকা দৰ নিৰ্ধাৰণ হোৱাৰ পিছতো আজিকোপতি ক্ষুদ্ৰ চাহ খেতিয়কে ২৫ টকা দৰ লাভ নকৰিলে । ফলত অতি কষ্টত থাকিবলগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ।"

সেয়েহে ৰাজ্য চৰকাৰে ধানৰ ক্ষেত্ৰত যিদৰে দৰে দাম নিৰ্ধাৰণ কৰি দিছে, ঠিক সেইদৰে ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা চাহপাতৰো দাম নিৰ্ধাৰণ কৰি দিবৰ বাবে আহ্বান জনায় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদকজনে ।

small tea growers problems
বিপদত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক (ETV Bharat Assam)

আনহাতে, বহিঃৰাজ্যৰ চাহপাতে অসমৰ চাহ খেতিয়কসকলক প্ৰভাৱিত কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "নাগালেণ্ড আৰু অৰুণাচলৰ পৰা অহা কেঁচাপাতে ক্ষতিগ্ৰস্ত কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলক । কাৰণ সেই দুখন ৰাজ্যত উৎপাদন হোৱা কেঁচাপাত গুণমান সম্পন্ন নহয় ।"

সেয়েহে তেওঁলোকৰ বাবে সুকীয়া কলঘৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভাৰতীয় চাহ বোৰ্ডৰ ভূমিকা সন্দৰ্ভতো আশ্চৰ্য প্ৰকাশ কৰে ।

আনহাতে, এই সন্দৰ্ভত যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উপ-সভাপতি দিগন্ত প্ৰদীপ নেওগে কয়, "অসমৰ অৰ্থনীতিলৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ অৱদান যথেষ্ট আছে । অতি কষ্টেৰে সেউজ বিপ্লৱৰ জৰিয়তে উদ্যোগটোক আগবঢ়াই লৈ গৈ আছে যদিও প্ৰাপ্যৰ পৰা বঞ্চিত ক্ষুদ্ৰ চাহ খেতিয়কসকল ।"

লগতে তেওঁ কয় যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদন ব্যয় বৃদ্ধি হৈ গৈ থকাৰ পিছতো তেওঁলোকে কেঁচাপাতৰ উচিত মূল্য পোৱা নাই । সেয়েহে মনিটৰিং কমিটীয়ে নিৰ্ধাৰণ কৰি দিয়া পাতৰ মূল্য দিবলৈও তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক :ৰঙা চাহৰ আমেজ বহুত ল’লে; এইবাৰ জুতি লওঁক নীলা চাহৰ - BLUE TEA
লগতে পঢ়ক :এক ভৱিষ্যদৰ্শী চিন্তা ঝাংক্লা ষ্টুডিঅ': পুতলাৰ জৰিয়তে উত্তৰ-পূবৰ ঐতিহ্য সংৰক্ষণত ব্ৰতী এগৰাকী যুৱক - ZANKLA STUDIO