ETV Bharat / state

তদন্তত গাফিলতি ! থুবেৰ স্থানত দায়িত্ব দিয়া হ’ল উপেন কলিতাক - APSC Scam

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 9:46 PM IST

SIT for APSC scam : আদালতৰ নিৰ্দেশৰ পিচত দায়িত্বৰ পৰা অপসাৰণ কৰা হ’ল প্ৰতীক থুবেক ৷ তেওঁৰ স্থানত দায়িত্ব দিয়া হ’ল উপেন কলিতাক ৷ এছ আই টিৰ তদন্তকাৰী বিষয়া আছিল প্ৰতীক থুবে ৷

SIT for APSC scam
আৰক্ষী বিষয়া উপেন কলিতা (ANI)

গুৱাহাটী, ২৬ জুন: আদালতৰ কঠোৰ নিৰ্দেশৰ পিচত দায়িত্বৰ আঁতৰোৱা হ’ল প্ৰতীক থুবেক ৷ বুধবাৰে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটৰ মুখ্য তদন্তকাৰী বিষয়া আছিল প্ৰতীক থুবে ৷

প্ৰতীক থুবেক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পিচতে বুধবাৰে অসম চৰকাৰে তদন্তৰ দায়িত্ব অৰ্পণ কৰে অসম আৰক্ষীৰ চি আই ডিৰ উপ-আৰক্ষী অধীক্ষক উপেন কলিতাক ৷ অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰীৰ তদন্ত অব্যাহত ৰখাৰ দায়িত্ব উপেন কলিতাক অৰ্পন কৰা হয় ৷

উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ বিয়াগোম পৰীক্ষা কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিছিল বিশেষ তদন্তকাৰী গোট ৷ উক্ত তদন্তকাৰী গোটে তদন্তৰ নামত কৰা ভেকো-ভাওনা উন্মোচিত হয় আদালতত ৷ তদন্তকাৰী বিষয়া প্ৰতীক থুবেৰ নেতৃত্বত 9 মাহৰ অন্তত যোৱা 20 জুনত দাখিল কৰা অভিযোগনামাত নাছিল অভিযুক্তৰ বিৰুদ্ধে বিশেষ তথ্য-প্ৰমাণ ৷ এই কথাত অসন্তুষ্টি প্ৰকাশ কৰে আদালতে ৷ ইয়াৰ পিচতে আদালতে নিৰ্দেশ দিয়ে এছ আই টিৰ তদন্তকাৰী বিষয়া প্ৰতীক থুবেক দায়িত্বৰ পৰা অপসাৰণ কৰাৰ লগতে ডি এছ পি পৰ্যায়ৰ এজন বিষয়াক দায়িত্ব অৰ্পণ কৰিবলৈ ৷

আদালতৰ নিৰ্দেশনাৰ পিচতে বুধবাৰে ৰাজ্য চৰকাৰে প্ৰতীক থুবেক তদন্তৰ দায়িত্বৰ পৰা অপসাৰণ কৰি নতুনকৈ দায়িত্ব অৰ্পণ কৰে অসম আৰক্ষীৰ চি আই ডিৰ উপ-আৰক্ষী অধীক্ষক উপেন কলিতাক ৷ উল্লেখযোগ্য যে জ্যেষ্ঠ আই পি এছ বিষয়া, চি আই ডিৰ অতিৰিক্ত সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত আৰু আই পি এছ বিষয়া প্ৰতীক থুবেক মুখ্য তদন্তকাৰী বিষয়া হিচাপে লৈ গঠন কৰা এছ আই টিয়ে ২০ জুনত দাখিল কৰিছিল অভিযোগনামা ৷

২৩ জুনত এই সন্দৰ্ভত হোৱা এক শুনানিত কামৰূপ মহানগৰ জিলা বিশেষ ন্যায়াধীশৰ আদালতে তদন্ত প্ৰক্ৰিয়াৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এছ আই টিৰ তদন্তকাৰী বিষয়া প্ৰতীক থুবেক দায়িত্বৰ পৰা অপসাৰণ কৰিবলৈ এছ আই টিৰ মুৰব্বীক নিৰ্দেশ দিছিল ৷

লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰী : মুখ্য তদন্তকাৰী বিষয়াক দায়িত্বৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.