ETV Bharat / state

শান্তিৰ প্ৰতীক পাৰ চৰাই এটাও হ’ব পাৰে কাৰোবাৰ মৃত্যুৰ কাৰণ !

ককায়েকক কৈছিল 'চোৰ' ৷ তাৰ যে কি পৰিণাম হ’ব পাৰে সেয়া আছিল সৰু ভায়েকৰ কল্পনাৰো অগোচৰ

Golaghat murder
গোলাঘাটৰ নুমলীগড়ত নৃশংস হত্য়াকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 30, 2024 at 5:07 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: ৰাজ্য়ৰ বিভিন্ন ঠাইত সুৰাৰ বাবেই নিতৌ সংঘটিত হৈছে অপৰাধজনিত ঘটনাৰ লগতে নৃশংস হত্য়াকাণ্ড । ইতিমধ্য়ে সংঘটিত কেইবাটাও এনে ঘটনাই জোকাৰি গৈছে ৰাজ্য় । এইবাৰ তেনে এক ঘটনাই সংঘটিত হ'ল গোলাঘাট জিলাত । এটা সামান্য় কথাতেই জ্য়েষ্ঠ ভাতৃৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে এজন যুৱকে ।

'পাৰ চৰাই চোৰ' বুলি কোৱা বাবেই এজন সুৰামত্ত লোকে প্ৰাণ ল'লে কনিষ্ঠ ভাতৃৰ । গোলাঘাট জিলাৰ নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী মৰঙিৰ ৫ নং পোৰাজংঘলত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো । এটা পাৰ চৰাইক লৈ সুৰামত্ত ককায়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে ভাতৃক । মৰঙিৰ ৫ নং পোৰাজংঘলত সংঘটিত হয় নৃশংস হত্যাকাণ্ডটো । পাৰ চৰাই চোৰ বুলি কোৱা বাবেই দেওবাৰে নিশা সুৰামত্ত ককায়েক লাটুমণি বৰাই ভাতৃ যদু বৰাক মৰিয়াই মৰিয়াই হত্যা কৰে ।

গোলাঘাটৰ নুমলীগড়ত নৃশংস হত্য়াকাণ্ড (ETV Bharat Assam)

উক্ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত বগীজান আৰক্ষীৰ এটা দল উপস্থিত হৈ যদু বৰাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইয়াৰ পিচতেই আৰক্ষীয়ে আটক কৰে হত্যাত অভিযুক্ত ককায়েক লাটুমণি বৰাক । এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

এই সম্পৰ্কে মৃত্যু হোৱা যদু বৰাৰ মাতৃয়ে কয়," দুয়োজন ককায়েক-ভায়েকে প্ৰথমে তৰ্কযুদ্ধত লিপ্ত হয় । সেই সময়ত মই দুয়োজনক মনে মনে থাকিবলৈ কই শুই থাকিবলৈ কৈছো । তাৰ পাছতে যদু বৰাই দুৱাৰ বন্ধ নকৰাকৈ শুবলৈ যায় আৰু সেই সময়ত ককায়েক লাটুমণি বৰাই প্ৰহাৰ কৰাত তেজেৰে লুতুৰি পুতুৰি হৈ পৰে । তাৰ পাছতে মই গৈ দুৱাৰ বন্ধ কৰি দিও যদিও আঘাতপ্ৰাপ্ত যদুই দুৱাৰ খুলি ওলাই যোৱাত দুয়োৰে বগৰা-বগৰি লাগি যায় । মই উপায়ন্তৰ হৈ ওচৰত থকা গাঁওবুঢ়াক মাত লগাও । এটা সাধাৰণ পাৰ চৰাইৰ বাবে দুই ককাই ভায়েকৰ মাজত এই ঘটনা। তেনে সাধাৰণ ঘটনা । ককায়েকক পাৰ চৰাই চুৰি কৰি খায় বুলি কৈছিল ।"

আনহাতে, এই ঘটনা সম্পৰ্কে স্থানীয় গাওঁৰক্ষী বাহিনীৰ এজন সদস্যই কয়," এটা পাৰ চৰাইৰ বাবে ঘটনাটো সংঘটিত হৈছে বুলি জানিব পাৰিছো । ককায়েকক পাৰ চৰাই চোৰ বুলি কৈছিল ভায়েক যদু বৰাই । তাৰ পাছতে দুয়োজনৰ মাজত সংঘাত সৃষ্টি হ'ল । লাটুমণি বৰাই হত্যা কৰিলে যদু বৰাক ।"

লগতে পঢ়ক:ঘপিয়াই ঘপিয়াই স্বামীক হত্যা কৰি পত্নীৰ আত্মসমৰ্পন - SENSATIONAL MURDER IN DIBRUGARH

কিয়-কেনেকৈ ভূপেনে হত্যা কৰিলে মৌচুমীক ? - BRUTAL MURDER