ETV Bharat / state

আমিনগাঁৱত জব্দ ৭১ কোটি টকাৰ ড্ৰাগছ

ট্ৰাকখনত গোপন কক্ষ বনাই আনিছিল নিচাযুক্ত টেবলেট । চালকৰ ফুট বোৰ্ডৰ তলত হেৰ'ইন আনোতেই পৰিল আৰক্ষীৰ জালত ।

Anti Drugs Operation in Guwahati
বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 7:25 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্য়াহত ৰখাৰ মাজতে গুৱাহাটীত পুনৰ জব্দ হ'ল বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু য়াবা টেবলেট । স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত কৌশলেৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি সৰবৰাহ কৰোতেই আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী । আজি এই তথ্য় সদৰী কৰিছে অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই ।

গোপন সূত্ৰৰ ভিত্তিত বিশেষ টাস্ক ফ'ৰ্চে (STF) অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে লগতে দুটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । বিশেষ টাস্ক ফ'ৰ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে শনিবাৰে এক সংবাদমেল সম্বোধন কৰি কয়, "শুকুৰবাৰে নিশা আমিনগাঁৱত অভিযান চলাই AS 01 DA 9276 নম্বৰৰ হুণ্ডাই আই ২০ বাহনখনৰ চালকৰ ফুট বোৰ্ডৰ তলত লুকুৱাই অনা অৱস্থাত ৪০ পেকেট হেৰ'ইন জব্দ কৰা হয় । জব্দ হোৱা ৫২০ গ্ৰাম হেৰ'ইনখিনিৰ বজাৰ মূল্য ৪ কোটি টকা । এই ঘটনাৰ লগত জড়িত বাহনখনৰ চালক কাছাৰৰ নজৰুল হুছেইন ওৰফে আলী হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে ।"

বিশেষ টাস্ক ফ'ৰ্চৰ সংবাদমেল (ETV Bharat Assam)

আনহাতে AS O1 SC 5622 নম্বৰৰ ট্ৰাকখনৰ পৰা ২ লাখ ৭০ হাজাৰ য়াবা টেবলেট জব্দ কৰা বুলিও বিশেষ টাস্ক ফ'ৰ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে উল্লেখ কৰি কয়, "ট্ৰাকখনত গোপন কক্ষ বনাই এই টেবলেটখিনি আনিছিল । জব্দ হোৱা টেবলেটখিনিৰ বজাৰ মূল্য ৬৭ কোটি টকা । ট্ৰাকখনৰ চালক সৰ্থেবাৰীৰ নুৰ ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে ।"

Anti Drugs Operation in Guwahati
বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ (ETV Bharat Assam)

বিশেষ টাস্ক ফ'ৰ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, "শুকুৰবাৰে জব্দ হোৱা ড্ৰাগছখিনি সৰবৰাহকাৰীয়ে অসমৰ সীমান্তৱৰ্তী ৰাজ্যৰ পৰা অসমৰ বাহিৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ।" আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত বিশেষ টাস্ক ফ'ৰ্চে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আমিনগাঁৱত ৭১ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ বাবে টাস্ক ফ'ৰ্চক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:অসমলৈ ড্রাগছ অহাৰ উৎস নিঃশেষ কৰাৰ দাবীৰে ৰাজ্যজুৰি সজাগতা সমদল - ANTI DRUGS AWARENESS RALLY

শিলচৰত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী - DRUGS SEIZED IN SULCHAR