ETV Bharat / state

শিলচৰত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

শিলচৰত ড্ৰাগছ বিৰোধী অভিযান । অভিযানত জব্দ বাহনসহ মুঠ ৪১৫ গ্ৰাম হেৰ’ইন । গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী ।

Drugs worth around Rs 2 crore seized in Silchar, two smugglers arrested
শিলচৰত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 1:28 PM IST

2 Min Read
Choose ETV Bharat

কাছাৰ: ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত । কাছাৰত পুনৰ বুজন পৰিমাণৰ হেৰ’ইন আৰু নগদ ধনসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক । গোপন সূত্ৰৰ ভিত্তিত শিলচৰ শিলডুবি-শিলকুৰি সংযোগী পথত এখন বাহনত অভিযান চলাই আৰক্ষীয়ে ৩৫ টা চাবোনৰ বাকচৰ পৰা মুঠ ৪১৫ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ২ কোটি টকা । হেৰ'ইনৰ সৈতে আনোৱাৰ হুছেইন আৰু ৰিপন আহমেদ লস্কৰ নামৰ দুজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হয় ।

তেওঁলোকৰ পৰা আৰক্ষীয়ে নগদ ২ লাখ টকাও জব্দ কৰে । হেৰ'ইনখিনি চুবুৰীয়া মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা আছিল বুলি জনায় কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ।

শিলচৰত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ (ETV Bharat Assam)

এই সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে । জিলাখন ড্ৰাগছমুক্ত কৰিব নোৱাৰালৈকে অভিযান চলি থাকিব । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমখন ড্ৰাগছমুক্ত কৰিব বিচাৰিছে । গতিকে এই অভিযান আমাৰ অব্যাহত আছে । এই অভিযানৰ এক বিশেষ অংশস্বৰূপে আমি সীমান্তৱৰ্তী অসম-মিজোৰাম সীমান্তৰ পৰা অভিযান আৰম্ভ কৰিছিলোঁ ।"

তেওঁ লগতে কয়, "উক্ত অভিযানত শিলডুবি-শিলকুৰি পথত আমি এখন বলেৰ' পিকআপ গাড়ী জব্দ কৰিছিলোঁ । গাড়ীখনৰ নম্বৰ হ'ল AS-11-CC-8697 । যেতিয়া আমি গাড়ীখনত তালাচী চলাওঁ, গাড়ীখনত এজন চালক আৰু এজন ব্যক্তি আছিল । তেওঁলোকৰ নাম হ'ল আনোৱাৰ হুছেইন লস্কৰ আৰু ৰিপন আহমেদ লস্কৰ । গাড়ীখনৰ বিশেষভাৱে নিৰ্মিত এটা কোঠাৰ পৰা ৩৫ টা চাবোনৰ বাকচত নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হওঁ ।"

লগতে পঢ়ক: ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হৈছে গাঞ্জা - GANJA SMUGGLER ARRESTED

এঘৰত ওলাইছে লাখে লাখে টকা আৰু সোণৰ গহণা: টকা গণিবলৈ আনিবলগীয়া হ'ল মেচিন - ANTI DRUG DRIVE IN TINSUKIA