ETV Bharat / state

গোলাঘাটত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ: এজন নিহত, আহত ২০

নামবৰ অভয়াৰণ্যত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এজন নিহত । কেইবাজনো আহত হৈছে ।

Golaghat accident
গোলাঘাটত ভয়ংকৰ দুৰ্ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 6:44 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট : গোলাঘাট জিলাৰ নামবৰ অভয়াৰণ্যৰ মাজমজিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয় । দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

ঘটনা অনুসৰি বুধবাৰে বিয়লি ডিমাপুৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা প্ৰিয়াংকী ট্ৰেভেলছ নামৰ AS-03-CC-2953 নম্বৰৰ যাত্ৰীবাহী বাছ আৰু ডিমাপুৰ অভিমুখী AS-17-C-5875 নম্বৰৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত যাত্ৰীবাহী বাছখনৰ চালক থিতাতে নিহত হোৱাৰ লগতে আহত হয় ২০ জনৰো অধিক যাত্ৰী । নিহত চালকজন নীল হাজৰিকা বুলি জানিব পৰা গৈছে । ঘটনাৰ খবৰ পোৱাৰ লগে লগে গোলাঘাট সদৰ আৰক্ষী থানা আৰু বগীজান আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক উদ্ধাৰ কৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

গোলাঘাটত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ (ETV Bharat)

অৱশ্যে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে আটাইকেইগৰাকী লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনা সন্দৰ্ভত এজন চৰকাৰী বিষয়াই কয়, "নামবৰ অভয়াৰণ্যৰ মাজমজিয়াত ডিমাপুৰৰ পৰা যোৰহাট অভিমুখী এখন যাত্ৰীবাহী বাছ আৰু ডিমাপুৰ অভিমুখী এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় । যাৰ ফলত যাত্ৰীবাহী বাছখনৰ চালক নীলমণি হাজৰিকা থিতাতে নিহত হয় আৰু বাকী বাছখনত থকা আহত যাত্ৰীসকলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে । যাত্ৰীবাহী বাছখনত ২২ জনৰো অধিক যাত্ৰী আছিল । দুয়োখন বাহনৰ বিস্তৰ ক্ষতি হৈছে । এই অঞ্চলত মোবাইলৰ নেটৱৰ্কৰ কিছু সমস্যা আছে, যাৰ বাবে উদ্ধাৰকাৰ্য চলাবলৈ কিছু পলম হৈছে ।"

লগতে পঢ়ক :প্ৰেমিকৰ বাবেই ল’লে নেকি এই সিদ্ধান্ত; বন্ধ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ - YOUNG WOMAN FOUND DEAD IN GUWAHATI