নিৰ্বাচনৰ সময়ত ডাবল ইঞ্জিনৰ চৰকাৰ বানৰ সময়ত ছিংগল ইঞ্জিন হৈ পৰে: ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - AASU FELICITATION PROGRAMME
AASU reacts on flood : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ । অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয়ভাৱে কৰিব লাগে সমাধান- নগাঁৱত এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ।

Published : July 7, 2024 at 7:28 PM IST
নগাঁও, 7 জুলাই: বানৰ কবলত সম্প্ৰতি দিশহাৰা হৈছে ৰাজ্যবাসী । উজনি-নামনি সকলোতে এতিয়া বান বিভীষিকা ৷ কিন্তু অসমৰ বান সমস্যাক লৈ কেন্দ্ৰৰ মোদী চৰকাৰ মৌন হৈ থকাৰ অভিযোগ উত্থাপন কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।
দেওবাৰে নগাঁৱত অনুষ্ঠিত নগাঁও জিলা ছাত্ৰ সন্থাৰ এক অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত অসমৰ বান সমস্যা আৰু কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ কেইবাটাও ক্ষুৰধাৰ মন্তব্য কৰে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।
লগতে পঢ়ক: বানাক্ৰান্ত দুৰ্গতসকলৰ দুখৰ বুজ ল'বলৈ অসমলৈ আহক প্ৰধানমন্ত্ৰী : আছু - Assam Flood 2024
নিৰ্বাচনৰ সময়ত ডাবল ইঞ্জিন চৰকাৰ বুলি প্ৰচাৰ চলাই ভোট সংগ্ৰহ কৰা শাসকীয় বিজেপি চৰকাৰে অসমৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত ছিংগল ইঞ্জিনৰ ভূমিকাহে গ্ৰহণ কৰা বুলি বান পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ ভট্টাচাৰ্যই ।
দেশৰ অইন ৰাজ্যত বান সমস্যাই এনে ৰূপ ধাৰণ কৰিলে প্ৰধানমন্ত্ৰী নিজেই উপস্থিত হৈ পেকেজ ঘোষণা কৰিলেহেঁতেন বুলি মন্তব্য কৰি অসমৰ ক্ষেত্ৰত কোনো পেকেজ পৰ্যন্ত ঘোষণা নকৰাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে আছু নেতাগৰাকীয়ে ।
ৰাজ্যৰ বানপীড়িত লোকক অসম চৰকাৰে পৰ্যাপ্ত সাহায্য প্ৰদান নকৰাৰো অভিযোগ উত্থাপন কৰি অনতিপলমে কেন্দ্ৰীয় চৰকাৰক সাময়িকভাৱে এহেজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিবলৈকো দাবী উত্থাপন কৰে ড৹ ভট্টাচাৰ্যই । সমান্তৰালকৈ ৰাজ্যৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধানৰো দাবী কৰে আছুৱে ৷
উল্লেখ্য যে, অসমৰ বান সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ পৰিমাণ হ্ৰাস কৰিবলৈ বৃহৎ পুখুৰী খন্দাৰ পৰিকল্পনা পতিয়ানযোগ্য নহয় বুলি উল্লেখ কৰি অসমৰ বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।
লগতে পঢ়ক: অসম-উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে CAA মনা নাই আৰু নামানে : সমুজ্জল কুমাৰ ভট্টাচাৰ্য

