গোলাঘাট: অসম গৌৰৱ কাজিৰঙাৰ এশিঙীয়া গঁড় অসমৰেই নহয়, ভাৰতৰো এক বিশেষ সম্পদ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা এশিঙীয়া গঁড়ৰ খ্যাতি কেৱল ভাৰততেই সীমাবদ্ধ নহয় ৷ সমগ্ৰ বিশ্বতেই কাজিৰঙাৰ গঁড় প্ৰসিদ্ধ ৷ কিন্তু এইকথা আমি খুব কমসংখ্যক মানুহেহে জানো যে কাজিৰঙাৰ এশিঙীয়া গঁড়ক বিশ্ববাসীৰ আগত চিনাকি কৰি দিয়াৰ আঁৰত আছিল এজন বিশেষ ব্যক্তি ৷ ষাঠিৰ দশকতে যাৰ প্ৰচেষ্টাত অসমৰ এশিঙীয়া গঁড়ক বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছিল টেলিভিছনৰ পৰ্দাত ৷
অসমৰ গঁড়ক বিশ্বত চিনাকি কৰাই দিয়া ব্যক্তিজন
সেই সময়ত জাৰ্মানীৰ পৰা সম্প্ৰচাৰিত বাৰ্লিন টেলিভিছনৰ জৰিয়তে অসমৰ গঁড়ক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ আঁৰৰ ব্যক্তিজনৰ বিষয়ে আজি আমি বহুতেই হয়তো নাজানো ৷ সুদীৰ্ঘ ৯ বছৰ তথ্য সংগ্ৰহ আৰু সম্পাদনা কৰি তেওঁ পোন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰিছিল বাৰ্লিন বিশ্ববিদ্যালয়ত ।
আমি আজি ক'বলৈ লৈছোঁ সেই বিশেষ ব্যক্তিগৰাকীয়ে কেনেকৈ এই কামৰ লগত জড়িত হৈ পৰিছিল । তেওঁ আছিল এগৰাকী ব্ৰিটিছ শাসনকালৰ সু-চিকিৎসক, নাম তেওঁৰ ডাঃ ৰবীন বেনাৰ্জী । তেওঁ চিকিৎসা সেৱাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ উপৰি বিশ্ববাসীক পৰিচয় কৰাই দিছিল কাজিৰঙাত থকা এশিঙীয়া গঁড়ৰ বিষয়ে । যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে ১৯৭১ চনত ডাঃ ৰবীন বেনাৰ্জীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল ।

ডাঃ ৰবীন বেনাৰ্জীৰ অতুলনীয় কৰ্ম
সেয়া ব্ৰিটিছ শাসনকালৰ কথা । কৰ্মসূত্ৰে কলকাতাৰ পৰা অসমলৈ আহি অসমৰ প্ৰকৃতিৰ প্ৰতি আকৃষ্ট হৈ পৰৱৰ্তী সময়ত অসমত থাকি বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা লোকজন হ'ল পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জী । ১৯৬১ চনত পোন প্ৰথমবাৰৰ বাবে বাৰ্লিন টেলিভিছনৰ জড়িয়তে কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ লগতে বিভিন্ন জীৱ-জন্তুৰ প্ৰচাৰ কৰিছিল বিশ্ববাসীৰ আগত । যাৰ পৰিপ্ৰেক্ষিতত তেওঁক ১৯৭১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল ।
বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গঁড়ৰ তথ্যচিত্ৰ সংগ্ৰহ
অকল সেয়াই নহয়, তেওঁৰ বাসগৃহত নাহৰফুটুকী, অজগৰ সাপ আদিকে ধৰি বিভিন্ন বনৰীয়া জীৱ-জন্তু পোহপাল দিছিল ডাঃ বেনাৰ্জীয়ে । ডাঃ ৰবীন বেনাৰ্জীয়ে বোকাখাতৰ নাহৰজান চাহ বাগিচাত চীফ মেডিকেল অফিচাৰ হিচাপে যোগদান কৰাৰ পাছত কাজিৰঙাৰ পৰিৱেশ, পাৰিপাৰ্শ্বিকতা আৰু জীৱ-জন্তুৰ প্ৰতি আকৰ্ষিত হয়, বিশেষকৈ এশিঙীয়া গঁড়ৰ প্ৰতি । তাৰ পাছতে তেওঁ কাজিৰঙাৰ গঁড়ৰ তথ্যচিত্ৰ সংগ্ৰহ কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । আৰু সেইমতে ১৯৫২ চনৰ পৰা তথ্যচিত্ৰ সংগ্ৰহ কৰাৰ কাম আৰম্ভ কৰে । এনেকৈ সুদীৰ্ঘ বছৰ বিশেষকৈ গঁড়ৰ তথ্যচিত্ৰ সংগ্ৰহ কৰি সম্পাদনাৰ কাম আৰম্ভ কৰে ।

প্ৰায় ন বছৰ পাছত ১৯৬০ চনত প্ৰথমখন ডকুমেণ্টৰীৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত ১৯৬১ চনত পোন প্ৰথমবাৰৰ বাবে বাৰ্লিন টেলিভিছন প্ৰদৰ্শন হ'ব আৰু তাৰ পাছৰে পৰা কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ বিষয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰি ডাঃ ৰবীন বেনাৰ্জী নাহৰজান চাহ বাগিচাত থকা অৱস্থাত তেওঁৰ বাসগৃহটো নাহৰফুটুকীৰ লগতে অজগৰ সাপ আদিকে ধৰি বহু জীৱ-জন্তুৰ বাসস্থান আছিল । চাকৰিকাল শেষ হোৱাৰ পাছত তেওঁ গোলাঘাটত থাকি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি ব্ৰিটিছ চৰকাৰক অৱগত কৰি থাকিবলৈ ভূমি বিচাৰি আবেদন কৰে ।
ডাঃ ৰবীন বেনাৰ্জী সংগ্ৰহালয়
সেইমৰ্মেই তেওঁক গোলাঘাট নগৰৰ মাজমজিয়াত চৰকাৰে ১৪ বিঘা ভূমি আৰু এটা বাংলো প্ৰদান কৰে । তাৰ পাছৰ পৰা তেওঁ গোলাঘাটৰ স্থায়ী বাসিন্দা হিচাপে থাকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তথ্যচিত্ৰ সংগ্ৰহ কৰি প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । বৰ্তমান এই বাংলোটো Padmashree Dr Robin Banerjee Trust Natural History Museum হিচাপে জনাজাত ।
এই মিউজিয়ামত পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জীয়ে বিশ্বৰ বিভিন্ন দেশৰ পৰা সংগ্ৰহ কৰা সামগ্ৰীসমূহৰ উপৰি তেখেতে কেমেৰাৰ লেন্সত বন্দী কৰা বিভিন্ন ধৰণৰ আলোকচিত্ৰ প্ৰদৰ্শিত হৈ আছে । ইয়াৰ মূল আকৰ্ষণ হৈছে ইংলেণ্ডত ৮ ঘণ্টা সময় অপেক্ষা কৰি সংগ্ৰহ কৰা এটা ঈগল চৰাইৰ ফটো আৰু মাত্ৰ ৭ মিটাৰ আঁতৰৰ পৰা গ্ৰহণ কৰা এটা নাহৰফুটুকীৰ চিত্ৰ ।

ইয়াৰ উপৰি গছৰ শিপাৰ দ্বাৰা সৃষ্টি হোৱা প্ৰায় ৩০০ মিলিয়ন বছৰ পুৰণি গছৰ জীৱাশ্ম (300 Million Years old Plant Fossils) লামডিং বন বিভাগৰ পৰা সংগ্ৰহ কৰি এই মিউজিয়ামত সংৰক্ষিত কৰি ৰখা অৱস্থাত আছে । ইয়াৰ উপৰি তেওঁ কাজিৰঙাৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰ প্ৰদৰ্শন কৰিবলৈ জাপানৰ পৰা ক্ৰয় কৰিছিল এটা কেমেৰা ।
ৰবীন বেনাৰ্জীৰ বাল্যকাল
১৯০৮ চনৰ ১২ আগষ্টত পশ্চিমবংগৰ বৰমপুৰ নামৰ ঠাইত জন্মগ্ৰহণ কৰা পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জীয়ে শান্তি নিকেতনত প্ৰাৰম্ভিক শিক্ষাগ্ৰহণ কৰি কলিকতা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাবিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত ১৯৩৪ চনত লিভাৰপুল আৰু ১৯৩৬ চনত এডিনবাৰ্গত চিকিৎসাবিজ্ঞানৰ উচ্চ শিক্ষা গ্ৰহণ কৰে ।
কৰ্মজীৱন
ডাঃ ৰবীন বেনাৰ্জীয়ে ১৯৩৭ চনত লিভাৰপুল 'ৰয়েল নেভী'ত যোগদান কৰি দ্বিতীয় বিশ্বযুদ্ধ ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ পাছত সেই সময়ত যুদ্ধৰ বিভীষিকা দেখি ভাৰতলৈ ঘূৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ভাৰতলৈ ঘূৰি আহি তেওঁ ১৯৫২ চনত ব্ৰিটিছ চৰকাৰৰ অধীনত থকা অসমৰ চাবুৱা চাহ বাগিচাত মুখ্য চিকিৎসা বিষয়া হিচাপে যোগদান কৰে ।

তাৰ পাছত তেওঁ বোকাখাত সমজিলাৰ নাহৰজান চাহ বাগিচাত পাঁচটা কোম্পানীৰ চীফ মেডিকেল অফিচাৰ হিচাপে যোগদান কৰে । চাকৰিৰ কাৰ্যকাল শেষ হোৱাৰ পাছত তেওঁ গোলাঘাটত থাকি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি নগৰখনৰ মাজমজিয়াতে থাকিবলৈ লয় ।
ৰবীন বেনাৰ্জীৰ ব্যক্তিগত জীৱন
চিৰকুমাৰ ডাঃ ৰবীন বেনাৰ্জীয়ে যৌৱনকালত এগৰাকী ব্ৰিটিছ নাৰ্ছৰ প্ৰেমত পৰিছিল । কিন্তু সেই সময়ত বিভিন্ন পৰিস্থিতিৰ বাবে দুয়ো একেলগ হ'ব নোৱাৰিলে । যাৰ পৰিপ্ৰেক্ষিতত তেওঁ চিৰকুমাৰ হৈ আছিল । পৰৱৰ্তী সময়ত তেওঁ বাস কৰা ভূমিৰ কিছু অংশ বিবেকানন্দ কেন্দ্ৰ আৰু গোলাঘাট ডক্টৰ ক্লাবৰ নামত দান দিয়ে । বাকী থকা ভূমি বৰ্তমানলৈকে তেওঁৰ নামত আছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ বাবে আগভাগ লোৱা ডাঃ ৰবীন বেনাৰ্জীয়ে Kaziranga Wildlife Society নামৰ এটা বেচৰকাৰী সংগঠনৰ জন্ম দি কাম-কাজ চলাই আছিল ।

ডাঃ বেনাৰ্জীয়ে লাভ কৰা সন্মান
১৯৭১ চনত ডাঃ ৰবীন বেনাৰ্জীয়ে ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মান লাভ কৰে । আনহাতে, অসম কৃষি বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে । Service to Society through individual excellence NECCL, Guwahati, Assam আদি সন্মানো তেওঁ লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰি তেওঁ নিৰ্মাণ কৰা তথ্যচিত্ৰৰ বাবেও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।
ৰবীন বেনাৰ্জীয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ
পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত ৩২ খন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল । ইয়াৰ প্ৰথমখন আছিল কাজিৰঙা (Kaziranga), যিখন বাৰ্লিন টেলিভিছনত প্ৰদৰ্শন হৈছিল ।

জীৱনৰ অন্তিম দিনকেইটা
পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জীয়ে জীৱনৰ শেষৰ কালছোৱা গোলাঘাটৰ সমাজ জীৱনৰ লগত একাত্ম হৈ অতিবাহিত কৰিছিল । অৱশেষত ২০০৩ চনৰ ৬ আগষ্টত বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
তেওঁ নিজৰ হাতেৰে নিৰ্মাণ কৰা সংগ্ৰহালয় সম্পৰ্কে পৰিচাৰক নিতীশ দাসে কয়, "এই প্ৰজেক্টৰ জাপানৰ পৰা ডাঃ বেনাৰ্জীয়ে ক্ৰয় কৰিছিল তেখেতে প্ৰস্তুত কৰা তথ্যচিত্ৰ প্ৰদৰ্শন কৰিবলৈ । তেখেতৰ ২৭ খন তথ্যচিত্ৰ আছিল । তাৰে কাজিৰঙা প্ৰথম তথ্যচিত্ৰ । যাৰ বাবে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল আৰু ১৯৬১ চনত বাৰ্লিন টেলিভিছনত প্ৰদৰ্শন কৰিছিল ।"
নিতীশ দাসে কয়, "ইয়াৰ পিছত সমগ্ৰ বিশ্বৰ লোকে কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ বিষয়ে জানিব পাৰে আৰু তাৰ পাছৰে পৰা পৰ্যটকসকল আহিবলৈ আৰম্ভ কৰিছে । তেখেতে পাঁচটা কোম্পানীৰ চাহ বাগিচাৰ চীফ মেডিকেল অফিচাৰ আছিল নাহৰজানত আৰু চাকৰিৰ মাজত ছুটীৰ সময়ত তেওঁ কাজিৰঙালৈ যায় আৰু তেনেকৈয়ে কাজিৰঙাৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল । ১৯৫২ চনৰ পৰা ১৯৬০ চনলৈকে প্ৰায় ন বছৰ সময় লাগিছিল প্ৰস্তুত কৰিবলৈ ।"

বাসগৃহটো সন্দৰ্ভত তেওঁ কয়, "এইটো তেখেত থকা বাসগৃহ আছিল । তেখেতে অৱসৰ গ্ৰহণ কৰাৰ সময়ত পেঞ্চন প্ৰদান কৰা নাছিল । ব্ৰিটিছে ১৪ বিঘা ভূমি আৰু এই বাসগৃহ তেখেতৰ নামত লিখি দিছিল । তাৰ পাছত তেখেতে এই বাসগৃহটো মিউজিয়াম কৰাৰ সিদ্ধান্ত ল'লে আৰু সেইমতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সামগ্ৰী সংগ্ৰহ কৰি সংৰক্ষণ কৰা আৰম্ভ কৰিলে ।"
ভ্ৰমণপ্ৰিয় ৰবীন বেনাৰ্জীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ পুনৰ কয়, "তেখেতে সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰিছিল । ইয়াৰ উপৰি তেখেত বিশ্বৰ ৱাইল্ড লাইফ ২১ ছচাইটীৰ সদস্য আছিল । ১৯৬৯ চনত গোলাঘাটত স্থায়ীভাৱে থাকিবলৈ লয় । বৰ্তমান ট্ৰাষ্টৰ দ্বাৰা এই সংগ্ৰহালয় পৰিচালনা কৰি অহা হৈছে আৰু বিদ্যুৎ বিল, ভূমিৰ খাজনা আদি সংগ্ৰহ কৰা ধনৰ পৰা পৰিশোধ কৰা হয় । তেওঁ ৱাইল্ড লাইফৰ বাহিৰে বেলেগ চিন্তা কৰা নাছিল ।"