আমগুৰি: অসমৰ বৌদ্ধিক জগতত কম সময়ৰ ভিতৰতে চিনাকি হৈ পৰিছিল এটি নাম- ড° পৰিধি শৰ্মা । কেৱল চিনাকি হৈ পৰাই নহয়, লেখাৰে একপ্ৰকাৰ ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । কিন্তু কিছুদিনৰ পৰা এইগৰাকী পৰিধি শৰ্মাক লৈ ৰাজ্যত ব্যাপক চৰ্চাৰ লগতে বিতৰ্কৰো সৃষ্টি হৈছে । অৱশেষত প্ৰকৃত পৰিচয় উদ্ধাৰ হ'ল পৰিধি শৰ্মাৰ ।
অসমৰ বাতৰিকাকত, আলোচনীত ৰাজনৈতিক, সামাজিক, শৈক্ষিক, বিজ্ঞানভিত্তিক লেখনিৰে সুকীয়া পৰিচয় লাভ কৰা ড° পৰিধি শৰ্মাই ছদ্মনামেৰে নিজৰ মননশীল চিন্তা-চৰ্চা দাঙি ধৰিবলৈ সক্ষম হৈছিল । তেওঁ আন কোনো নহয়, শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ধ্ৰুৱজ্যোতি শইকীয়া । ধ্ৰুৱজ্যোতি শইকীয়াই ড° পৰিধি শৰ্মা ছদ্মনামেৰে এই লেখা-মেলা কৰিছিল ।
সাহিত্যিক-বুদ্ধিজীৱীৰেও সু-সম্পৰ্ক ৰখা ড° পৰিধি শৰ্মাই ফেচবুকত ভুৱা পৰিচয়েৰে একাউণ্ট খুলি সমালোচনামূলক সাহিত্য ক্ষেত্রখনত কম সময়ৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল । কৰ্ণাটকৰ এগৰাকী আই এ এছ বিষয়াৰ ফটো ব্যৱহাৰ কৰি আৰু দিল্লী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে নিজকে ফেচবুকত ভুৱা পৰিচয় দিছিল ধ্ৰুৱজ্যোতি শইকীয়াই ।
দিখৌমুখ ভৰলুৱাৰ যুৱক ধ্ৰুৱজ্যোতি শইকীয়াই ছদ্মনামেৰে কিছু তত্ত্বগধুৰ লেখনি প্ৰকাশ কৰি আহিছিল । বিজ্ঞান শাখাৰ গণিত বিষয়ৰ স্নাতক ধ্ৰুৱজ্যোতি শইকীয়াই অসমৰ বহু বুদ্ধিজীৱীক অন্ধকাৰত ৰাখি ছদ্মনামেৰে লেখনি প্ৰকাশ কৰিছিল । সাহিত্যৰ ক্ষেত্ৰখনৰ পৰা অসম চৰকাৰৰ বিত্ত বিভাগৰ এখন সমিতিত স্থান পোৱাৰ পাছত তেওঁৰ পৰিচয়ৰ ওপৰত সন্দেহৰ সৃষ্টি হোৱাত চি আই ডিয়ে তদন্ত আৰম্ভ কৰে ।

এইক্ষেত্ৰত ধ্ৰুৱজ্যোতি শইকীয়াই প্ৰকাশ কৰা সমগ্ৰ ফেচবুকৰ ফটো আৰু পৰিচয় ভুৱা বুলি প্ৰকাশ কৰাৰ লগতে নিজৰ নামটোক লৈ বিভিন্ন সময়ত পোৱা ভয়-ভাবুকিৰ বাবে কাল্পনিক নাম ব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰে । শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা এইজন ড° পৰিধি শৰ্মা প্ৰকৃততে কাৰোবাৰ প্ৰৰোচনাত পৰিছিল নেকি সেয়া সন্দেহৰ আৱৰ্তত । অৱশ্যে ড° পৰিধি শৰ্মাই ফেচবুক একাউণ্ট সন্দৰ্ভত নিজৰ দোষ স্বীকাৰ কৰাৰ লগতে সমগ্ৰ লেখনি নিজৰ বুলি দাবী কৰে । ইফালে ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে গৌৰীসাগৰ আৰক্ষীয়ে পুনৰ তেওঁক থানালৈ তলব কৰিছে ।
এই সন্দৰ্ভত ড৹ পৰিধি শৰ্মা ওৰফে ধ্ৰুৱজ্যোতি শইকীয়াই কয়, "পৰিধি শৰ্মা যিটো ছদ্মনাম লৈছিলো সেইটো কেৱল লেখা-মেলাৰ কাৰণেহে লৈছিলো । প্ৰকৃত নাম ধ্ৰুৱ শইকীয়া মোৰ । কোনো বেয়া উদ্দেশ্যত লোৱা নাছিলো, কেৱল লেখাৰ উদ্দেশ্যেহে সেই ছদ্মনামটো লৈছিলো । তাৰ বাদে কোনো ধৰণৰ বেয়া অভিপ্ৰায় নাই । মই প্ৰায় ২০১৮-১৯ৰ পৰাই লিখিছো । মই গণিত, পদাৰ্থবিদ্যা, ৰাজনৈতিক, সামাজিক সকলো বিষয়তে লিখো । ফেচবুকত সেইটো দিয়াটো ভুল হ'ল বেলেগৰ নাম আৰু ফটোখন । সেইটো মই স্বীকাৰো কৰিছো পুলিচৰ সন্মুখত ।"
তেওঁ লগতে কয়, "যেতিয়া মোৰ নামত প্ৰথম লিখিছিলো তেতিয়া মই বিভিন্ন ভাবুকি পাইছিলো । লেখাবিলাক অলপ কাঢ়া হয়, কাঢ়া লেখা লিখিলে ফোন কৰি কয় । সেই কাৰণে মই ভাবিলো কাল্পনিক নাম এটা লোৱা ভাল হ'ব । মই বেয়া ইণ্টেনচনৰ কাৰণে কৰা নাই, মই কেৱল লেখা-মেলাৰ কাৰণেহে ছদ্মনাম এটা ব্যৱহাৰ কৰিছো ।"