ভৰত নৰহৰ পাচত হাত এৰিলে কংগ্রেছৰ শিক্ষক কোষৰ অধ্যক্ষ ড৹ পদ্মেশ্বৰ দ’লেই - Congress leader resigned
Congress leader resigned: কংগ্রেছত ছুনামি । ইজনৰ পাচত সিজনে এৰিছে দল । ভৰত নৰহৰ পাচত এইবাৰ কংগ্রেছ ত্যাগ কৰিছে প্ৰদেশ কংগ্রেছৰ শিক্ষক কোষৰ অধ্যক্ষ ড৹ পদ্মেশ্বৰ দ’লেই ।

Published : March 25, 2024 at 7:50 PM IST
|Updated : March 25, 2024 at 8:27 PM IST
লখিমপুৰ, ২৫ মাৰ্চ : কালিকা লাগিছে কংগ্রেছ দলত । সন্মুখত লোকসভা নিৰ্বাচন। এজনৰ পাচত আন এজনকৈ কংগ্ৰেছ নেতাই কৰিছে দলত্যাগ ৷ সোমবাৰে কংগ্ৰেছ বিধায়ক ভৰত নৰহৰ পদত্যাগৰ পাচত এইবাৰ কংগ্রেছ ত্যাগ কৰিছে প্ৰদেশ কংগ্রেছৰ শিক্ষক কোষৰ অধ্যক্ষ ড৹ পদ্মেশ্বৰ দ’লেই । দ’লেই কেৱল দল এৰাই নহয়, প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে তুলিছে বিস্ফোৰক অভিযোগ।
- " class="align-text-top noRightClick twitterSection" data="">
ছাত্র অৱস্থাৰ পৰা কংগ্রেছ দলত সেৱা আগবঢ়াই অহা ড৹ পদ্মেশ্বৰ দ’লেই দলত্যাগ কৰি প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে, ২০১৯ চনৰ নিৰ্বাচনত তেওঁ লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ একাংশ দলীয় নেতাই দিয়া পৰামৰ্শ মতে আগবাঢ়িছিল যদিও মুৰকত দলে টিকট নিদিলে । ২০২৩ চনৰ মে’ মাহত ভূপেন বৰাই তেওঁক দিল্লীত লগ কৰি দুই কোটি টকা যোগাৰ কৰিবলৈ কৈছিল ৷ এই টকাৰে ভূপেন বৰাই ২০ লাখেৰে যোগাযোগ, ৩০ লাখেৰে ৰঙানদী সমষ্টিত নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছিল, বাকী ডেৰ কোটি টকা দলীয় পূঁজিত জমা ৰাখি তেওঁক টিকট দিয়াৰ পাচত নিৰ্বাচনত ব্যয় কৰাৰ পৰিকল্পনা কৰিছিল ।
ভূপেন বৰাৰ এই প্ৰস্তাৱ তেওঁ এৰাই চলি সাম্প্রতিক নিৰ্বাচনত দলীয় ৰেহৰূপ প্ৰত্যক্ষ কৰাৰ পাচত দলত্যাগ কৰাৰ সিদ্ধান্ত লয় বুলি জানিবলৈ দিয়ে দ’লেই ।
উল্লেখ্য যে, ধেমাজি জিলাৰ গোগামুখ নিবাসী ড৹ পদ্মেশ্বৰ দলে দিল্লীৰ শ্ৰীৰাম কলেজ কমাৰ্চৰ অৰ্থনীতি বিভাগৰ অধ্যাপক । সোমবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত দলত্যাগৰ কথা সদৰী কৰে । লগতে তেওঁ উদয় শংকৰ হাজৰিকাক টিকট দিয়াৰ বাবেও অসন্তুষ্টি প্ৰকাশ কৰে ।

