গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ নতুন মোৰ : ২১ আগষ্টতহে দায়িত্বভাৰ ল’ব ড৹ মহন্তই - VC of Gauhati University
Dr Nani Gopal Mahanta : ১৪ আগষ্টত নহয়, ২১ আগষ্টতহে উপাচাৰ্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ড৹ ননীগোপাল মহন্তই ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ পত্ৰ প্ৰেৰণ কৰি এই কথা জানিবলৈ দিয়ে ড৹ মহন্তই ৷

Published : August 2, 2024 at 8:37 PM IST
গুৱাহাটী, ২ আগষ্ট : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে বিশিষ্ট শিক্ষাবিদ-অধ্যাপক ড৹ ননীগোপাল মহন্তই যোৱা ২৯ জুলাইত আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰাৰ পিচত সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি ৰাজ্যৰ বৌদ্ধিক মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ কিয়নো আনুষ্ঠানিকভাৱে শপত লোৱাৰ পিচতেই উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে তেওঁক উপাচাৰ্য পদত অধিষ্ঠিত কৰা বুজায় ৷
কিন্তু অতি আশ্চৰ্যজনক কথা এই যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানেও উপাচাৰ্য পদত কাৰ্যনিৰ্বাহ কৰি থকা অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈৰ উপাচাৰ্যৰ কাৰ্যকালৰ অন্ত পৰিব অহা ২০ আগষ্টতহে ৷ উপাচাৰ্য অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল শেষ নৌহওঁতেই অৰ্থাৎ ২৫ দিন পূৰ্বেই অসমৰ প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ ননীগোপাল মহন্তক শপতবাক্য পাঠ কৰোৱায় ৷ তাৰ পিচতেই ৰাজ্যৰ শৈক্ষিক মহলত এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ বৰ্তমানৰ উপাচাৰ্য অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়েও আশ্চৰ্য প্ৰকাশ কৰে ৷
উপাচাৰ্য অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে সামাজিক মাধ্যমযোগে কয়, ‘‘অহা ২০ আগষ্টলৈ মোৰ কাৰ্যকাল বাকী আছিল ৷ কাৰ্যকাল বাকী থকা অৱস্থাত নতুন উপাচাৰ্য নিযুক্তি দিয়াত অব্যাহতি ল’বলৈ সাজু ৷ ২০১৯ চনৰ ২১ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈছিলোঁ ৷ মোৰ জীৱনৰ সমগ্ৰ সাধনাৰ প্ৰাপ্তি আছিল এই দায়িত্ব ৷ মোৰ কাৰ্যকাল শেষ হ'বলৈ ২৫ দিন বাকী থাকোতেই ৰাজ্যপালে নতুন উপাচাৰ্য নিযুক্তি দি নিজেও নতুন চাকৰিত যোগদান কৰিলেগৈ ৷ ৪৩ বছৰৰ সম্পৰ্ক থকা বিশ্ববিদ্যালয়খনৰ পৰা আনন্দ মনেৰে যাবলৈ পোৱাহেতেঁন ভাল লাগিলহেঁতেন ।’’
উক্ত পোষ্টৰ পিচতে পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ তাৰ পিচতে ড৹ সন্দিকৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘ শপতগ্ৰহণ প্ৰক্ৰিয়াটো নতুনকৈ হৈছে ৷ আগতে নাছিল ৷ শপতগ্ৰহণ লোৱা মানে দায়িত্বই লয় ৷ মই প্ৰয়োজনটো বুজি নাপালো, কি কাৰণত ২৫ দিনৰ আগতে এটা নাম ঘোষণা কৰিব লাগে । কোনো বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত এনেকুৱা হোৱা দেখা নাই ৷’’
উল্লেখনীয় যে অধ্যাপক ড৹ ননীগোপাল মহন্তক শপতগ্ৰহণৰ তাৎপৰ্যক সন্মান জনাই উপাচাৰ্য অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে ১৩ আগষ্টৰ সন্ধিয়া কাৰ্যভাৰ হস্তান্তৰ কৰাৰ কথা আছিল ৷ তদুপৰি দুয়োগৰাকী উপাচাৰ্যৰ মাজত অনুষ্ঠিত হোৱা পাৰস্পৰিক আলোচনা অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে অধ্যাপক ড৹ ননীগোপাল মহন্তই ১৪ আগষ্টৰ পুৱা অনানুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ কথা আছিল ৷
কিন্তু অধ্যাপক ড৹ ননীগোপাল মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ শুকুৰবাৰে প্ৰেৰণ কৰা এখন পত্ৰক কেন্দ্ৰ কৰি সমগ্ৰ বিষয়টোৱে অন্য এক মোৰ লৈছে ৷ অধ্যাপক ড৹ মহন্তই পত্ৰখনত উল্লেখ কৰা মতে যিহেতু অধ্যাপক তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত কৰ্মৰত হৈ আছে, তেনেক্ষেত্ৰত উপাচাৰ্য পদত যোগদান কৰাৰ বাবে ছুটী মঞ্জুৰ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে অহা ২১ আগষ্টৰ পুৱা ১০ বজাৰ পৰা ১০:৩০ বজাৰ ভিতৰত যোগদান কৰিব বুলি সদৰী কৰে ৷
লগতে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদায়ী উপাচাৰ্যৰ বিশেষ পোষ্ট : ৰাজনীতিৰ প্ৰসংগ টানি ভিন্নজনৰ মতামত

