এ পি এছ চি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়াৰ আকস্মিক মৃত্যু
এ পি এছ চি কেলেংকাৰীৰ তদন্ত কৰা অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ মজিয়াত বিস্ফোৰক সাক্ষ্য প্ৰদান কৰিছিল ডাঃ মৃগেন শইকীয়াই ।

Published : May 6, 2025 at 5:16 PM IST
গুৱাহাটী: এ পি এছ চি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়া আৰু নাই । মঙলবাৰে পুৱাৰ ভাগত গুৱাহাটী মহানগৰীৰ বতাহঘূলিৰ বাসগৃহত হৃদক্ৰিয়া বন্ধ হৈ আকস্মিক বিয়োগ ঘটে ডাঃ শইকীয়াৰ । এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে প্ৰয়াত ডাঃ শইকীয়াৰ ওচৰ চুবুৰীয়াই ।
অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মহকুমা স্বাস্থ্য বিষয়া মৃগেন শইকীয়া আছিল এ পি এছ চি চাকৰিৰ বজাৰৰ অন্যতম মধ্যস্থতাকাৰী । আনহাতে এ পি এছ চি কেলেংকাৰীৰ তদন্ত কৰা অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ মজিয়াত বিস্ফোৰক সাক্ষ্য প্ৰদান কৰিছিল ডাঃ মৃগেন শইকীয়াই । যি তথ্যই ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰিছিল ।
বিপ্লৱ শৰ্মাৰ তদন্ত আয়োগৰ আগত দিয়া সাক্ষ্যত দুগৰাকী মহিলা প্ৰাৰ্থীয়ে চাকৰিৰ আশাত ৰাকেশ পালৰ ঘনিষ্ঠ হোৱাৰ কথা উল্লেখ আছিল । যি কামত অতিষ্ঠ হৈছিল ৰাকেশ পালৰ পত্নী আৰু মাতৃ । তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰৰ বিয়াত পালে সোণৰ আঙুঠি দিয়া বুলিও আয়োগৰ মজিয়াত ভাষ্য প্ৰদান কৰিছিল ডাঃ মৃগেন শইকীয়াই ।
আয়োগৰ প্ৰতিবেদনত উল্লেখ আছিল যে ডাঃ মৃগেন শইকীয়াৰ স্বীকাৰোক্তি যে ৰাকেশ পালৰ হৈ তেওঁ কাম কৰিছিল আৰু অখিল গগৈকো সাক্ষাৎ কৰিছিল ৰাকেশ পালৰ সৈতে লগ লগাই দিয়াৰ উদ্দেশ্যৰে । কিন্তু ৰাকেশ পালৰ সৈতে সাক্ষাৎ বাতিল কৰিছিল অখিল গগৈয়ে । তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কমল কুমাৰ মেধিক ৩ লাখ টকা দিয়া বুলি শৰ্মা আয়োগৰ ওচৰত সাক্ষ্য দিছে ডাঃ মৃগেন শইকীয়াই ।
উল্লেখ্য যে, এ পি এছ চি কেলেংকাৰীৰ মহানায়ক ৰাকেশ পাল গ্ৰেপ্তাৰ হোৱাৰ পিছতে প্ৰায় ৫ বছৰ ধৰি পলাতক অৱস্থাত আছিল মৃগেন শইকীয়া । পৰৱৰ্তী সময়ত ৰাজসাক্ষী হোৱাৰ মনেৰে আদালতত তেওঁ আবেদন কৰিছিল । কিন্তু ৰাজসাক্ষী হিচাপে অভিযুক্ত শইকীয়াই যি ভাষ্য প্ৰদান কৰিছিল, তাত পতিয়ন যোৱা নাছিল আদালত ।
সেয়ে আদালতে ডাঃ শইকীয়াৰ ৰাজসাক্ষীৰ আবেদন নাকচ কৰে । আদালতে সেই আবেদন নাকচ কৰাত জেললৈ যাব লগা হৈছিল এ পি এছ চি গোচৰৰ অন্যতম অভিযুক্ত পশু চিকিৎসক মৃগেন শইকীয়া । পৰৱৰ্তী পৰ্যায়ত বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ আগত ডাঃ শইকীয়াই যি সাক্ষ্য দিছিল, সেয়াই অসমৰ ৰাজনীতি শেহতীয়াকৈ তল ওপৰ কৰিলে ।
পঞ্চায়ত নিৰ্বাচনতো শাসকীয় বিজেপি দলে অভিযুক্ত ডাঃ মৃগেন শইকীয়াই ন্যায়িক আয়োগৰ আগত দিয়া ভাষ্যক ঢাল হিচাপে লৈ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ।

