ETV Bharat / state

বেলতলা ব'হাগী উৎসৱত জুবিন গাৰ্গক প্ৰদান কৰা হ'ব ড৹ ভূপেন হাজৰিকা বঁটা

২৪ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৪৮ সংখ্য়ক বেলতলা ব'হাগী উৎসৱ ।

Beltala Bohagi Festival preparation
বেলতলা ব'হাগী উৎসৱ উদযাপন সমিতিৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 6, 2025 at 7:24 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৪৮ বছৰত পদাৰ্পণ কৰিব মহানগৰীৰ বেলতলা ব'হাগী উৎসৱে । এইবাৰ অহা ২৪, ২৫ আৰু ২৬ এপ্ৰিলত আয়োজন কৰা হৈছে বেলতলা ব'হাগী উৎসৱৰ ৷ দেওবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে বেলতলা ব'হাগী উৎসৱ উদযাপন সমিতিৰ সম্পাদক সঞ্জয় গোস্বামীয়ে ।

সম্পাদকগৰাকীয়ে বিহুৰ প্ৰস্তুতি সন্দৰ্ভত কয়, "বিগত বছৰৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৮ সংখ্যক বেলতলা ব'হাগী উৎসৱৰ আয়োজন কৰা হৈছে । ২০১২ চনৰ পৰা প্ৰদান কৰি অহা ''ড৹ ভূপেন হাজৰিকা বঁটা'' এইবাৰ প্ৰদান কৰা হ'ব যুৱ প্ৰজন্ম হাৰ্টথ্ৰব জুবিন গাৰ্গক । এই বঁটা ২৫ এপ্ৰিলত বেলতলা ব'হাগী উৎসৱৰ মঞ্চত ভূপেন হাজৰিকাৰ ভগ্নী কবিতা বৰুৱাৰ উপস্থিতিত প্ৰদান কৰা হ'ব । এই বঁটাত আছে নগদ দুই লাখ টকা, ড৹ ভূপেন হাজৰিকাৰ এটা মূৰ্তি আদি ।

বেলতলা ব'হাগী উৎসৱ উদযাপন সমিতিৰ সংবাদমেল (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "২৪ এপ্ৰিলত অনুষ্ঠিত কৰা হ'ব সদৌ অসম ভিত্তিত হুঁচৰি, পাটমাদৈ প্ৰতিযোগিতা । পাটমাদৈ প্ৰতিযোগিতাত অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বৰ বিহুৱতী, বিহু সম্ৰাজ্ঞীৰ খিতাপ অর্জন কৰা নাচনীসকলেহে অংশগ্ৰহণ কৰিব পাৰিব । পাটমাদৈ প্ৰতিযোগিতাৰ বিজয়ীলৈ নগদ দুই লাখ টকা, স্মাৰক আদি প্ৰদান কৰা হ’ব । হুঁচৰি প্ৰতিযোগিতাৰ বিজয়ী দলক ট্ৰফীসহ ১ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ প্ৰাপ্তক ট্ৰফীসহ ৫১ হাজাৰ টকা প্ৰদান কৰা হ'ব ।"

সম্পাদকগৰাকীয়ে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন সন্দৰ্ভত উল্লেখ কৰি কয়, "২৪ এপ্ৰিলৰ নিশা সংগীত পৰিৱেশন কৰিব প্ৰিয়ংকা ভৰালী আৰু প্ৰাঞ্জিত হালৈয়ে। সেইদৰে ২৫ এপ্ৰিলৰ নিশা সংগীত পৰিৱেশন কৰিব জুবলী বৰুৱা আৰু ৰূপালী কাশ্যপে । লগতে প্ৰদান কৰা হ'ব ড৹ ভূপেন হাজৰিকা বঁটা । একেদৰে ২৬ এপ্ৰিলৰ সাংস্কৃতিক অনুষ্ঠান জুবিন গাৰ্গে পৰিৱেশন কৰিব । লগতে হুঁচৰি, পাটমাদৈ প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাসমূহ অন্তিম নিশা প্ৰদান কৰা হ'ব ।"

লগতে পঢ়ক:বয়সে আঁচুৰিলেও ঢোলৰ চাপৰ কেনেকৈ পাহৰিব, বিহুৰ বতৰত নাচিলে এপাক - RANGALI BIHU 2025

গৰু বিহুৰ গধূলিলৈ যদি তৰা-পঘাৰ যোগাৰ হোৱা নাই, তেন্তে আহক এইখন বিশেষ গাঁৱলৈ - RANGALI BIHU IN ASSAM