গ্ৰন্থ অধ্যয়নৰ সংগ্ৰামত কলিয়াবৰৰ এটা পুথিভঁৰালৰ অৰিহণা
নৱপ্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰিবলৈ নিৰৱে বিপ্লৱ চলাই গৈছে কলিয়াবৰৰ ড৹ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী মহকুমা পুথিভঁৰালে ।

Published : April 23, 2025 at 11:01 AM IST
কলিয়াবৰ : আজি বিশ্ব গ্ৰন্থ দিৱস । শিক্ষাৰ্থীসকলক গ্ৰন্থ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যে এই দিনটোত বিভিন্ন প্ৰতিষ্ঠানে নানান কাৰ্যসূচী হাতত লৈছে । এই দিনটো একপ্ৰকাৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি লোকসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে পালন কৰা হৈছে । যাৰ বাবে বিভিন্ন পণ্ডিত, সাহিত্যিক তথা বিশিষ্ট নাগৰিকৰ মহান উক্তিবোৰ বিশেষকৈ শিশুসকলৰ মাজত প্ৰচাৰ কৰা হৈছে । তাৰ ভিতৰত এটা উক্তি উল্লেখ কৰিব পাৰি । ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিজ্ঞানী এ পি জে আব্দুল কালামে শিশুসকলক কৈছিল, "তুমি দিনটোত এঘণ্টা সময় কিতাপ পঢ়াৰ বাবে উলিয়াই ল'বা । দেখিবা, তুমি কেইদিনৰ পাছত তোমাৰ মনটো জ্ঞানৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰিবা...।"
ড৹ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী মহকুমা পুথিভঁৰাল
অৱশ্যে একাংশ ব্যক্তি তথা প্ৰতিষ্ঠানেও নিৰৱে গ্ৰন্থ অধ্যয়নৰ সংগ্ৰামখনত যোগাত্মক চিন্তাৰে সক্ৰিয়ভাৱে জড়িত হৈ আহিছে । আজি বিশ্ব গ্ৰন্থ দিৱসৰ দিনা আমি তেনে এটা প্ৰতিষ্ঠানৰ কথাই উল্লেখ কৰিব বিচাৰিছো । সেয়া হৈছে নগাঁও জিলাৰ কলিয়াবৰত থকা ড৹ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী মহকুমা পুথিভঁৰাল । দীৰ্ঘদিনৰ পৰাই মফচলীয়া অঞ্চলত কিতাপ পঢ়াৰ আনন্দ ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই পুথিভঁৰালটোৱে ।
উল্লেখ্য যে ডিজিটেল যুগত বিশ্বজুৰি কিতাপ পঢ়াৰ প্ৰতি মানুহৰ ধাউতি কমিছে যেন অনুমান কৰিব পাৰি । কিয়নো কম্পিউটাৰ, মোবাইল ফোন আৰু ইণ্টাৰনেটৰ আগমনে জ্ঞান আহৰণৰ বাবে কিতাপৰ বিকল্প ব্যৱস্থাৰ সৃষ্টি কৰিছে । ছাত্ৰ-ছাত্ৰীসকলেও নজনা কথা জানিবলৈ কিতাপ পঢ়াতকৈ ইণ্টাৰনেটৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে ।
পুথিভঁৰালৰ অৱদান
তেনে এক সময়তে কলিয়াবৰৰ ড৹ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী মহকুমা পুথিভঁৰালে গ্ৰামাঞ্চলত গ্ৰন্থ অধ্যয়নৰ এক পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে ।

বিশ্ব গ্ৰন্থ দিৱসৰ দৰে এক গুৰুত্বপূৰ্ণ দিৱসত কলিয়াবৰ মহকুমা পুথিভঁৰালৰ গ্ৰন্থাগাৰিক সৌৰভ জ্যোতি বৰাই কয়, "গ্ৰন্থৰ লগত যিকোনো ব্যক্তি জড়িত হৈ থকাৰ যি প্ৰৱণতা তাক অধিক ত্বৰান্বিত কৰিবৰ বাবে বিশ্ব গ্ৰন্থ দিৱস উদযাপন কৰি অহা হৈছে । ২০০৫ চনত প্ৰতিষ্ঠিত ড৹ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী মহকুমা পুথিভঁৰালে কলিয়াবৰ অঞ্চলটোত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে । বিশেষকৈ উঠি অহা প্ৰজন্ম, ছাত্ৰ-ছাত্ৰীসকলক কিতাপৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে । কলিয়াবৰৰ প্ৰায় সংখ্যক বিদ্যালয়ৰ লগত পুথিভঁৰালৰ পৰা যোগাযোগ কৰি ছাত্ৰ-ছাত্ৰীসকলক কিতাপ পঢ়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন কৰা হয় । তেওঁলোকো পুথিভঁৰাললৈ আহে । শিক্ষক-অভিভাৱকসকলেও এইক্ষেত্ৰত যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে । অধ্যয়নৰ এই প্ৰক্ৰিয়াটোৰ জৰিয়তে বহু ছাত্ৰ-ছাত্ৰীয়ে নিজ-নিজ ক্ষেত্ৰখনত সফলতাও লাভ কৰিছে ।"

ইফালে কলিয়াবৰৰ অন্যতম সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান 'প্ৰজন্ম কলিয়াবৰ'ৰ উদ্যোগত তথা কলিয়াবৰবাসীৰ সহযোগত অঞ্চলটোত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰন্থমেলাৰ । ৬ দিনীয়াকে অনুষ্ঠিত গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সঁহাৰি উল্লেখযোগ্য আছিল । গ্ৰন্থৰ প্ৰতি যে আকৰ্ষণ কমা নাই সেই কথা পুনৰ প্ৰমাণ কৰিছিল । এই ক্ষেত্ৰত ড৹ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী মহকুমা পুথিভঁৰালৰো অৱদান যথেষ্ট আছে । কলিয়াবৰৰ প্ৰতিগৰাকী সচেতন নাগৰিকে এই কথা স্বীকাৰ কৰিছে ।
উল্লেখ্য যে ১৯৯৫ চনৰ ২৩ এপ্ৰিলত পোনপ্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱস উদযাপন কৰা হৈছিল । সেইদিনাই বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে গ্ৰন্থ আৰু ইয়াৰ আনুষংগিক বিষয়সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যপন্থা হাতত লোৱা হৈছিল ।
লগতে পঢ়ক :বিশ্ব ধৰিত্ৰী দিৱস পালন, বৰষুণৰ মাজতে চোঁচৰাই আনিলে প্লাষ্টিকৰ আৱৰ্জনা - WORLD EARTH DAY 2025

