ETV Bharat / state

মৰম বিচাৰি ফুৰা জুবিনৰ প্ৰিয় খাদ্য কি আছিল ?

ৰুটি-দাইল খাই ভাল পোৱা ল'ৰাজনে মোমায়েকৰ ঘৰত কি কৰিছিল ?

ZUBEEN GARG
জুবিনৰ প্ৰিয় খাদ্য কি আছিল ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 11:17 AM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: কোনো দিনে উভতি নহাৰ বাটেৰে গুচি গ'ল সকলোৰে অতি মৰমৰ শিল্পীগৰাকী । থাকি গ'ল মাথোঁ স্মৃতি । এই স্মৃতিৰ কোঠাত এতিয়া প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গৰ অতীতৰ কথাবোৰে খুন্দিয়াবলৈ ধৰিছে । জুবিনে শৈশৱতে কি কৰিছিল ? আত্মীয়ৰ সৈতে কেনেদৰে সময় অতিবাহিত কৰিছিল ? কি কি খাদ্য় খাই ভাল পাইছিল ? জুবিনৰ প্ৰিয়খাদ্য় কি আছিল সেই বিষয়ে স্মৰণ কৰিলে শিল্পীগৰাকীৰ মোমায়েক আৰু মামীয়েকে ।

আপুনি জানেনে জুবিনৰ প্ৰিয় খাদ্য কি আছিল ? জুবিনৰ উৎপাতত ৰ'ব নোৱাৰি মামীয়েকে হেনো লুকুৱাই থ’বলগীয়া হৈছিল এবিধ খাদ্য় । এই বিষয়ে কান্দি কান্দি কৈ গ'ল জুবিনৰ মামীয়েক অলি অধ্যাপকে । যোৰহাটৰ পুলিবৰত আছে জুবিনৰ মোমায়েকৰ ঘৰখন । জুবিনৰ মামী অলি অধ্যাপকে ক'লে, "সদায় বেছিভাগ সময় সি ৰাতি আহিছিল । সি আহি মোৰ ল'ৰাটোলৈ ফোন কৰিব, বুবু গেটখন খোল বুলি । যদি গেটখন খোলাত পলম হয় তেতিয়া সি গেটৰ ওপৰেদি পাৰ হৈ আহে । আহি পোৱা মাত্ৰকে কিবা খাবি নেকি সোধো । সি একো নাখাও বুলি কৈ আমাক চাবলৈ অহা বুলিহে কয় ।"

জুবিনৰ প্ৰিয় খাদ্য কি আছিল, ক'লে মামীয়ে (ETV Bharat Assam)

ৰুটি-দাইল খাই ভাল পোৱা ল'ৰাজন :

জুবিনৰ প্ৰিয় খাদ্য় কি আছিল সেই কথা উল্লেখ কৰি অলি অধ্যাপকে কয়, "সৰুতে সি ৰুটি খাই ভাল পাইছিল । সি ৰুটি নাপালে দিনত ভাত নাখায় । সেয়েহে তাৰ কাৰণে মই ৰুটি লুকুৱাই ৰাখিছিলো । যদি ভাত নাখায়,তেতিয়া লুকুৱাই থোৱা ৰুটি আনি দিওঁ । জুবিনৰ আটাইতকৈ প্ৰিয় আছিল সৰু চৰাই দাইল আৰু সি মোক ফোন কৰি কয় মামী মোলৈ সৰু চৰাই দাইল বনাই থবি, মই আহি আছো ।"

মৰম ভাল পায়,মৰম বিচাৰি ফুৰে :

ভাগিনৰ দুষ্টামিৰ কথা মনত পেলাই থোকাথুকি মাতেৰে মামীয়ে ক'লে, "সৰুতে সি অলপ দুষ্ট আছিল । ঘৰৰ পিচফালৰ পুখুৰীটোত সি মাছ ধৰিবলৈ যায় । সি আমাৰ ঘৰৰ পিছফালে থকা ভীমকল জোপাত বক্সিং মাৰি থাকে । ঘৰৰ আগফালে থকা আমলখি গছ জোপাত উঠি বহি পথেৰে যোৱা সকলোকে মাতি থাকিব । নিজৰ ভাগিনতকৈও তাক বেছি মৰম কৰিছিলো । সি মৰম ভাল পায়, মৰম বিচাৰি ফুৰে । মোক এদিন কম্বলৰ চোলা এটা পিন্ধি ভয়ো খুবাইছিল । জুবিনে চুজি আৰু পকা মিঠাই খাই বৰ ভাল পাইছিল । যোৰহাটত জন্মদিন পালন কৰাৰ সময়ত মোৰ ওচৰলৈ আহি ফটো একপি উঠিছিল ।"

আনহাতে মোমায়েক নৃপেন্দ্ৰ নাথ অধ্যাপকে কয়, "জুবিনৰ জন্ম হৈছিল তুৰাত । তাৰ পিছদিনাই আমি তাক পাইছিলো । তাক মাহীয়েকে ডাঙৰ কৰাৰ দৰে, মই চাকৰি সূত্ৰে দিনত নাথাকো; কিন্তু ৰাতি আহি মোক ১ পৰা ২ বজাত উঠাই আনি গবামাৰি ধৰিছিল । এঘন্টামান ধৰি তাৰ লগত কথা পাতিব লগা হৈছিল... তাক মই সৰুতে চাইকেলত উঠাই ঘূৰাই ফুৰাব লগা হৈছিল । সেয়া নকৰিলে সি অসন্তুষ্ট হৈছিল ।"

লগতে পঢ়ক:শনিবাৰে বিয়লি জুবিনৰ নশ্বৰদেহ আহি পোৱাৰ সম্ভাৱনা: কাহিলীপাৰাৰ জুবিনৰ বাসগৃহত ক'লে মুখ্যমন্ত্ৰীয়ে

জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ : প্ৰধানমন্ত্রীকে ধৰি বিভিন্নজনৰ শোক প্ৰকাশ