ETV Bharat / state

বিষয়বস্তু সন্দৰ্ভত ভুল হোৱা বুলি কেতিয়াও স্বীকাৰ নকৰো: ঋতু কলিতা - INFLUENCER RITU KALITA

অৱশেষত ইনফ্লুৱেঞ্চাৰ ঋতু কলিতাক সাময়িক সকাহ দি চৰ্তসাপেক্ষে মুকলি কৰি দিলে দিছপুৰ আৰক্ষীয়ে । পূৰ্বৰ দৰেই স্থিতিত অটল থাকিব কলিতা ।

Dispur police releases Influencer Ritu Kalita on condition
দিছপুৰ আৰক্ষীয়ে মুকলি কৰি দিলে ইনফ্লুৱেঞ্চাৰ ঋতু কলিতাক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 21, 2025 at 9:08 PM IST

2 Min Read

গুৱাহাটী: অৱশেষত ঋতু কলিতাক সাময়িক সকাহ দিছপুৰ আৰক্ষীৰ । চৰ্ত সাপেক্ষে কলিতাক মুকলি দিছে দিছপুৰ আৰক্ষীয়ে । অৱশ্যে ২৫ মাৰ্চত পুনৰ থানাত হাজিৰ হ'ব লাগিব ঋতু কলিতা । ২৫ মাৰ্চৰ পুৱা ১০ বজাত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছপুৰ আৰক্ষীৰ । মুকলিৰ পিছতে দিছপুৰ থানত উপস্থিত হৈ একাংশ সমৰ্থকে ঋতু কলিতাক গামোচা পিন্ধাই আদৰণি জনায় ।

ইয়াৰ পিছতে ঋতু কলিতাই পূৰ্বৰ দৰেই স্থিতি একেই থাকিব বুলি মন্তব্য কৰে । তেওঁ কয়, "কেইটামান শব্দ কোৱাত বেয়া হৈছে, সেয়া ভুল বুলি স্বীকাৰ কৰিছো । মোক পুলিচে মাতিছিল, যোৱা ৰাতি থানাত ৰাখিলে । পুলিচে পুলিচৰ কাম কৰিছে, মই সহযোগিতা কৰিছো । ইয়াৰ বাদে বিষয়বস্তু সন্দৰ্ভত ভুল হোৱা বুলি কেতিয়াও স্বীকাৰ নকৰো ।" লগতে এই সময়ত তেওঁক সমৰ্থন আগবঢ়োৱা অসমবাসী ৰাইজক তেওঁ ধন্যবাদ জনায় ।

দিছপুৰ আৰক্ষীয়ে মুকলি কৰি দিলে ইনফ্লুৱেঞ্চাৰ ঋতু কলিতাক (ETV Bharat Assam)

উল্লেখযোগ্য যে মঙলবাৰে অশ্লীল শব্দ ব্যৱহাৰ কৰি শিল্পী সমাজক সমালোচনা কৰিছিল ইনফ্লুৱেঞ্চাৰ ঋতু কলিতাই । ঋতু কলিতাৰ এই মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল শিল্পী সমাজ । বুধবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল শিল্পী সমাজে । শিল্পী সমাজৰ হৈ ৰূপম ভূঞা, বিপিন চাওদাং, কল্লোল বৰঠাকুৰ, ভৃগু কাশ্যপ, পদ্মনাভকে ধৰি কেইবাজনো কন্ঠশিল্পী উপস্থিত আছিল ।

ঋতু কলিতাৰ বিৰুদ্ধে বুধবাৰে দিছপুৰ থানাৰ লগতে মৰাণ, তেজপুৰ, আদিকে ধৰি ৰাজ্যৰ বহুকেইখন থানাত শিল্পী সমাজে দাখিল কৰিছিল এজাহাৰ । শিল্পীক তাচ্ছিল্য ভৰা মন্তব্য কৰাৰ বাবে জাঙুৰ খাই উঠিছিল ৰাজ্যৰ শিল্পী সমাজ । ইয়াৰ পাছতে ৰাজ্যৰ কেইবাখনো থানাত ঋতু কলিতাৰ বিৰুদ্ধে শিল্পী সমাজে দাখিল কৰিছিল এজাহাৰ ।

ৰিতু কলিতাৰ বিৰুদ্ধে দিছপুৰ থানাত 261/25 নম্বৰত গোচৰ ৰুজু হৈছে । গোচৰটোত সন্নিৱিষ্ট হৈছে BNSৰ 296, 352, 356(2), 351 আৰু 66 IT ACT. শিল্পী সমাজৰ এজাহাৰৰ ভিত্তিতে ঋতু কলিতাক বৃহস্পতিবাৰে দিছপুৰ থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল । সেই অনুসৰি থানাত হাজিৰ হোৱাৰ পিছতে দিছপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশাটো তেওঁক আটক কৰি ৰাখিছিল । ইয়াৰ পিছতে আজি দিনৰ ভাগত ঋতু কলিতাক চৰ্তসাপেক্ষে মুকলি দিয়ে দিছপুৰ আৰক্ষীয়ে ।

লগতে পঢ়ক: শিল্পী সমাজক সমালোচনা কৰি থানা পালেহি ঋতু কলিতা - RITU KALITA DETAINED

আচল নগেনক বিচাৰি এখন গাঁৱত লাগিছে হাহাকাৰ ! - ASSAMESE MOVIE CASE TU NAGEN TEASER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.