মন্ত্ৰী অতুল বৰাৰ ভাইৰেল এখন ফ’টোক লৈ সামাজিক মাধ্যমত চৰ্চা - minister Atul Bora
Minister Atul Bora : সামাজিক মাধ্যমত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে মন্ত্ৰী অতুল বৰাৰ এখন ফ’টোৱে ৷ ফ’টোখন লৈ সামাজিক মাধ্যমত বিভিন্নজনে ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কি আছে ফটোখনত ?

Published : July 13, 2024 at 10:06 PM IST
গুৱাহাটী, 13 জুলাই : পশুপালন মন্ত্ৰী অতুল বৰাৰ এখন ফ’টোৱে সামাজিক মাধ্যমত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৷ ভাইৰেল হৈ পৰা এই ফ’টোখন লৈ সামাজিক মাধ্যমত বিভিন্নজনে ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আচলতে কি আছে মন্ত্ৰীগৰাকীৰ এই বিশেষ ফ’টোখনত ?
ফ’টোখনত পশু চিকিৎসকৰ সাজ পিন্ধি এটা গৰুক মন্ত্ৰী বৰাই বেজী দি থকা অৱস্থাত দেখা গৈছে ৷ অতুল বৰাই বেজী দিয়া ফ’টোখন সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে ৷ কোনোবাই এই কামৰ বাবে মন্ত্ৰী বৰাক প্ৰশংসাৰে উপচাই পেলাইছে ৷ আন কোনোবাই আকৌ এই কামৰ বাবে মন্ত্ৰীগৰাকীক সমালোচনা কৰিছে ৷
একাংশই প্ৰশ্ন কৰিছে এই বুলি যে এনেদৰে পশুধন এটাক বেজী দিব পাৰেনে ? এই সন্দৰ্ভত এগৰাকী নাম প্ৰকাশত অনিচ্ছুক পশু চিকিৎসকে প্ৰকাশ কৰিছে যে, যিকোনো পশুধনক বেজী দিয়া বা অস্ত্ৰোপচাৰৰ কৰাৰ বাবে পশু চিকিৎসক হ'ব লাগিব বা এইক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ থাকিব লাগিব ৷ এই বিষয়ক লৈ এতিয়া বিতৰ্ক চলি আছে সামাজিক মাধ্যমত ৷
লগতে পঢ়ক : নিৰ্বাচন প্ৰায় শেষ, এতিয়া খেতিত লগাৰ সময় - Minister Atul Bora On Paddy Field
উল্লেখ্য যে এদিন পূৰ্বে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পশুধনক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ বোকাখাত বিধানসভা সমষ্টিৰ বংকোৱাল গাঁৱত গোলাঘাট জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা পশু চিকিৎসা আৰু পশু টিকাকৰণ অভিযান অনুষ্ঠিত হৈছিল ৷ এই অনুষ্ঠানত পশু পালন আৰু পশু চিকিৎসা বিভাগৰ বিভিন্ন দায়িত্বত থকা বিষয়াসকল, চিকিৎসা কৰ্মীসকলৰ সৈতে মন্ত্ৰী অতুল বৰায়ো অংশগ্ৰহণ কৰে ৷ এই অভিযানৰ জৰিয়তে বংকোৱালকে ধৰি ইয়াৰ প্ৰায় তিনি কিলোমিটাৰৰ নিকটৱৰ্তী অঞ্চলসমূহৰ কেবাহাজাৰো পশুধন বিশেষকৈ শেহতীয়া বানৰ কবলত পৰি অসুস্থ হোৱা অঞ্চলটোৰ পশুধনসমূহৰ বিনামূলীয়া টিকাকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল ৷ এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে গৰু, ছাগলীক বেজী দি তাৰ ফটো সামাজিক মাধ্যমত আপলোড কৰে ৷ এই ফ’টোক লৈ এতিয়া ছ’চিয়েল মিডিয়াত চলিছে চৰ্চা ৷
লগতে পঢ়ক : ডাম্বেল-বাৰ্বেল দাঙি মহাদেৱ ডেকাৰ সৈতে শৰীৰচৰ্চাত ব্যস্ত মন্ত্ৰী অতুল বৰা - Minister Atul Bora

