ETV Bharat / state

অসমত অৰুণাচলী সুৰাৰ অবৈধ বিক্ৰীক লৈ চিন্তিত চৰকাৰ: অৰুণাচল চৰকাৰৰ সৈতে অসমৰ আলোচনা - Illegal liquor

Keshab Mahanta-Chowna Mein meet: সুৰাৰ অবৈধ বিক্ৰী ৰোধত পাৰস্পৰিক সহযোগিতাৰ সিদ্ধান্ত অসম-অৰুণাচলৰ ৷ দুয়ো ৰাজ্যৰ আৱকাৰী বিভাগৰ মাজত হ’ব তথ্যৰ ক্ষিপ্ৰ আদান-প্ৰদান ৷

Keshab Mahanta-Chowna Mein meet
অৰুণাচলৰ প্ৰদেশৰ মন্ত্ৰী চাওনা মেইন আৰু অসমৰ মন্ত্ৰী কেশৱ মহন্ত (X/@keshab_mahanta)
author img

By ETV Bharat Assamese Team

Published : June 28, 2024 at 9:50 PM IST

|

Updated : June 28, 2024 at 10:08 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৮ জুন : অসমত অৰুণাচলী সুৰাৰ অবৈধ বিক্ৰীয়ে অসম চৰকাৰক ৰাজহ আৰু জনস্বাস্থ্য দুয়োটা দিশতে সমস্যাত পেলাই আহিছে ৷ অসমত অৰুণাচলী সুৰাৰ অবৈধ বিক্ৰী ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়াব অৰুণাচল প্ৰদেশ চৰকাৰে ।

গুৱাহাটীত আজি অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু অসমৰ আৱকাৰী মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত দুয়োখন চুবুৰীয়া ৰাজ্যৰ আৱকাৰী বিভাগৰ মাজত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় । বৈঠকত অবৈধ সুৰাৰ চোৰাং বিক্ৰী প্ৰতিৰোধৰ বাবে উভয় ৰাজ্যই ঐক্যবদ্ধভাৱে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয় ।

অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত শুকুৰবাৰে দুপৰীয়া সম্পূৰ্ণ সৌহাৰ্দপূৰ্ণ ৰূপত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠকখন ৷ বৈঠকত আৱকাৰী ৰাজহ বৃদ্ধিৰ বাবে দুয়োখন ৰাজ্যই পূৰ্ণ সহযোগিতাৰে কাম কৰাৰ লগতে অবৈধ সুৰাৰ বিক্ৰী ৰোধৰ উদ্দেশ্যে দুয়ো ৰাজ্যৰ আৱকাৰী বিভাগৰ মাজত ক্ষিপ্ৰতাৰে তথ্যৰ-আদান প্ৰদানৰ সিদ্ধান্ত লোৱা হয় । বৈঠকত সুৰাৰ চোৰাং সৰবৰাহ তথা অবৈধ বিক্ৰী বন্ধ কৰাৰ বাবে উভয় ৰাজ্যৰ আৱকাৰী বিভাগে যৌথ সহযোগিতাৰে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে ।

লগতে পঢ়ক: নুমলীগড়ত অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ

অবৈধ সুৰাৰ চোৰাং সৰবৰাহ আৰু বিক্ৰীৰ ফলত দুয়োখন ৰাজ্য চৰকাৰে যথেষ্ট পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হোৱাৰ বিষয়টোক লৈ উভয় পক্ষৰ মাজত বিস্তৃতভাৱে চৰ্চা চলে । বিষয়টোক অৰুণাচল চৰকাৰেও অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি বৈঠকত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী মেইনে অসমৰ আৱকাৰী মন্ত্ৰী মহন্তক অৱগত কৰে ।

চুবুৰীয়া ৰাজ্যখনৰ আৱকাৰী বিভাগৰ দায়িত্বতো থকা উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনাত জানিবলৈ দিয়ে যে অসমত চুবুৰীয়া ৰাজ্যখনৰ পৰা সুৰাৰ অবৈধ সৰবৰাহ তথা চোৰাং বিক্ৰী হ'ব নোৱাৰে, সেয়া সুনিশ্চিত কৰিব পৰাকৈ এইক্ষেত্ৰত থকা সকলো সুৰুঙা বন্ধ কৰিবলৈ অৰুণাচল চৰকাৰে ইতিমধ্যে প্ৰয়োজনীয় কঠোৰ ব্যৱস্থা লৈছে ।

অবৈধ সুৰাৰ চোৰাং সৰবৰাহ আৰু বিক্ৰী বন্ধ হ’লে উভয় ৰাজ্যই আৱকাৰী ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত উপকৃত হ'ব বুলিও বৈঠকত মতপোষণ কৰা হয় ।

লগতে পঢ়ক: শিৱসাগৰ আৰক্ষী থানাৰ আলহী হ’ল অৰুণাচলী সুৰা বেহাৰ মাষ্টৰমাইণ্ড মনোজ হাজৰিকা

Last Updated : June 28, 2024 at 10:08 PM IST