ETV Bharat / state

দুখীয়া ৰাইজৰ ন্যায়ৰ বাবে কংগ্ৰেছে গ্ৰহণ কৰিব আন্দোলনৰ কাৰ্যসূচী: বিদ্যাছিং ৰংপি - Diphu Congress

Diphu Congress press meet: লাহৰীজানত সৌৰ প্ৰকল্পৰ বাবে ১৮ হাজাৰ বিঘা ভূমিৰ প্ৰতি বিঘাত ১ লাখ ৭৫ হাজাৰ টকা ক্ষতি পূৰণ দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিফুত কংগ্ৰেছৰ সংবাদমেল । জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যাছিং ৰংপিয়ে সংবাদমেলত লাহৰীজান সৌৰ প্ৰকল্প স্থাপনৰ অধিগৃহীত ভূমিৰ ক্ষতিপূৰণৰ টকাৰ পৰিমাণ কম কিয় বুলি প্ৰশ্ন কৰে ।

Diphu Congress press conference on solar project in Lahrijan
প্ৰসংগঃ লাহৰীজান সৌৰ প্ৰকল্প (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 29, 2024 at 11:05 PM IST

2 Min Read
Choose ETV Bharat

ডিফু,২৯ ছেপ্টেম্বৰ: দেওবাৰে বিয়লি কাৰ্বি আংলং জিলা কংগ্ৰেছে ডিফুস্থিত কংগ্ৰেছৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যাছিং ৰংপিয়ে । সংবাদমেলত জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যাছিং ৰংপিয়ে কয় যে,"অসম-নাগালেণ্ড সীমান্তৰ বৃহত্তৰ লাহৰীজান এলেকাত এপিডিচিএলৰ অধীনত ১৮ হাজাৰ বিঘা সৌৰ প্ৰকল্প স্থাপনৰ বাবে অধিগ্ৰহণ কৰিছে । উক্ত এলেকাৰ বিভিন্ন শ্ৰেণীৰ অধিগৃহীত ভূমিৰ বাবদ ৪ ডিচেম্বৰ ২০২৩ চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এক অধিসূচনা অনুসৰি সকলো শ্ৰেণীৰ ভূমিৰ বাবে প্ৰতি বিঘাত ১ লাখ ৭৫ হাজাৰ টকাহে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।"

কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যাছিং ৰংপিয়ে কয়,"এডিবি বেংকে নিশ্চয় উক্ত অধিগৃহীত ভূমিৰ ক্ষতিপূৰণৰ বাবে টকা পৰিষদক প্ৰদান কৰিছে, সেয়ে পৰিষদে অধিসূচনা যোগে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু প্ৰশ্ন হয় ২০২০ চনত চাৰিলেনযুক্ত পথ নিৰ্মাণত অধিগৃহীত ভূমিৰ ক্ষতি পূৰণ প্ৰদানৰ সিদ্ধানতকৈ লাহৰীজান সৌৰ প্ৰকল্প স্থাপনৰ অধিগৃহীত ভূমিৰ ক্ষতিপূৰণৰ টকাৰ পৰিমাণ কম কিয় ?" উক্ত ক্ষতিপূৰণৰ টকাৰ পৰিমাণ বহুত কম বুলি অভিযোগ কৰে নেতাগৰাকীয়ে ।

প্ৰসংগঃ লাহৰীজান সৌৰ প্ৰকল্প (ETV Bharat Assam)

২০২০ চনত চাৰিলেন যুক্ত পথ নিৰ্মানৰ বাবে অধিগ্ৰহণ কৰা ক্ষতিপূৰণৰ সিদ্ধান্ত আছিল প্ৰতি বিঘাই ব্যৱসায়ীক অঞ্চলত পিৰয়ডিক পট্টাৰ বাবদ ১২ লাখ টকা, নগৰীয়া বাৰ্ষিক পট্টাত ৯ লাখ টকা, গ্ৰাম্য পিৰিয়ডিক ৯ লাখ টকা, বাৰ্ষিক পট্টাত ৭ লাখ টকা । অব্যৱসায়িক পিৰিয়ডিক পট্টাৰ বাবে ১০ লাখ টকা, বাৰ্ষিক পট্টাত ৮ লাখ টকা, গ্ৰাম্য পিৰিয়ডিক পট্টাত ৭ লাখ টকা আৰু বাৰ্ষিক পট্টাত ৫ লাখ টকা প্ৰদান কৰিছিল ।

ইয়াৰোপৰি কৃষি ভূমি তথা শুকান ভূমিৰ পিৰিয়ডিক পট্টাত আৰু বাৰ্ষিক পট্টাৰ বাবে ৩ লাখ টকা প্ৰদান কৰিছিল, এনে সিদ্ধান্তৰ ফলত দুখীয়া দৰিদ্ৰ ৰাইজৰ প্ৰতি বঞ্চনা আৰু অন্যায় কৰা হ'ব । সেয়ে বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি দুখীয়া ৰাইজৰ ন্যায়ৰ বাবে কংগ্ৰেছে আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যাছিং ৰংপিয়ে ।

আজিৰ সংবাদমেলত ক্ৰমে, জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যাছিং ৰংপি, সাধাৰণ সম্পাদক অনিল বৰা, উপ-সভাপতি তথা মিডিয়া চেলৰ ছেমছনছিং ইংতি, উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক হোমছিং তিচ' আৰু মিডিয়া চেলৰ ইনচাৰ্জ পিটৰ তিচ' উপস্থিত আছিল ।

লগতে পঢ়ক: ডিফুত এ পি এইচ এল চিৰ সমদল: বিভিন্ন স্থানত আৰক্ষীৰ বাধা - APHLC Mass Rally in Diphu