ETV Bharat / state

স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ডিমাছা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - DSU Protest

DSU Protest: স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত বৃহস্পতিবাৰে ডিমা হাছাও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ডিমাছা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শীঘ্ৰে এই দাবী পূৰণৰ আহ্বান সংগঠনটোৰ । ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ সাধাৰণ ৰাইজক এই আন্দোলনত সহযোগ কৰিবলৈ আহ্বান ।

DSU Protest
স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ডিমাছা ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 8, 2024 at 6:33 PM IST

2 Min Read
Choose ETV Bharat

হাফলং, ৮ আগষ্ট : স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত পুনৰ ডিমা হাছাওত প্ৰতিবাদ । বৃহস্পতিবাৰে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ডিমাছা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অনুসৰি ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাক সামৰি পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই প্ৰতিবাদী কাৰ্যসূচীত ডিমাছা ছাত্ৰ সন্থাৰ লগতে জিলাখনৰ বিভিন্ন ছাত্ৰ সংগঠনে অংশগ্ৰহণ কৰে ।

স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ডিমাছা ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat)

ডিমাছা ছাত্ৰ সন্থাৰ দাবী :

ইফালে ডিমাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে কয়,"এই প্ৰতিবাদ আজিৰ নহয়, ৩৩ বছৰৰ পৰা ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন দল-সংগঠনে সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অনুসৰি পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত আন্দোলন কৰি আহিছে । কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আমাৰ এই দাবীৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।" তেওঁ লগতে কয়,"পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী আমাৰ সাংবিধানিক অধিকাৰ, আমাৰ কৃষ্টি, সংস্কৃতি আৰু ভাষা ৰক্ষাৰ বাবে পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠন অত্যন্ত জৰুৰী । এই দাবী ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ সাধাৰণ ৰাইজৰ দাবী ।"

নেতাৰ প্ৰৱঞ্চনা :

সাধাৰণ সম্পাদকগৰাকীয়ে কয়,"নিৰ্বাচনৰ পূৰ্বে বহু নেতা ইয়ালৈ আহি আমাক প্ৰতিশ্ৰুতি দি যায় যে নিৰ্বাচনত আমাৰ চৰকাৰ গঠন হ'লে পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীৰ সফল ৰূপায়ণ কৰা হ'ব । কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিচতে এই নেতাসকলে তেওঁলোকৰ প্ৰতিশ্ৰুতি পাহৰি যায় ।" তেওঁ লগতে কয় যে স্বায়ত্তশাসিত ৰাজ্য গঠন নোহোৱা পৰ্যন্ত সংগঠনবোৰে এই আন্দোলন অব্যাহত ৰাখিব ।

প্ৰমিত চেংয়ুঙে কয়, "বিধানসভাৰ অহা অধিবেশনত আমি স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছো । ইয়াৰ উপৰিও ডিমা হাছাও জিলাৰ হাৰেংগাজাও, উমৰাংচো, মাইবাঙৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনত সকলো নিৰ্বাচনী সমষ্টিত ডিমাছা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্ত লৈছো ।" ইয়াৰ উপৰিও স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীৰ বাবে ডিমা হাছাও জিলাৰ সকলো গাঁৱৰ গ্ৰাম প্ৰধানৰ স্বাক্ষৰ অভিযান চলোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :কেতিয়া পাব স্থায়ী চাকৰি ? চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰী - APDCL CONTRUCTUAL EMPLOYEES PROTEST