ETV Bharat / state

বিকশিত অসমত শিক্ষানুষ্ঠান নিৰ্মাণৰ ১৩ বছৰ পিছতো আৰম্ভ নহয় পাঠদান - CORRUPTION IN DIMA HASAO

ডিমা হাছাও জিলাত পলিটেকনিক কলেজ নিৰ্মাণ হ'লেও ১৩ বছৰে আৰম্ভ হোৱা নাই পাঠদান । পলিটেকনিক কলেজ নিৰ্মাণৰ কাম নিম্নমানৰ হোৱাৰ অভিযোগ ডিমাছা ষ্টুডেণ্টছ ইউনিয়নৰ ।

Dima Hasao Polytechnic college
নিৰ্মাণৰ ১৩ বছৰ পিছতো মুকলি হোৱা নাই ডিমা হাছাও পলিটেকনিক কলেজ (Dima Hasao Polytechnic college)
author img

By ETV Bharat Assamese Team

Published : April 8, 2025 at 2:52 PM IST

3 Min Read

হাফলং : ৰাজ্য চৰকাৰে অসমত শৈক্ষিক ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পিছতে ডিমা হাছাও জিলাত এখন পলিটেকনিক কলেজ নিৰ্মাণ হয় । কিন্তু নিৰ্মাণ হ'লেও আজিলৈকে মুকলি হোৱা নাই এই পলিটেকনিক কলেজখন ।

২০১১-১২ চনত ৰাজ্যৰ বিভিন্ন জিলাত পেকেজ নম্বৰ পলি-১৭ৰ অধীনত পলিটেকনিক কলেজ স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি ২০১১-১২ চনত ডিমা হাছাও জিলাৰ ছোটওয়াপুত ৬৫১,৫৩ লাখ টকা ব্যয়সাপেক্ষে পলিটেকনিক কলেজ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । এই পলিটেকনিক কলেজখনৰ নিৰ্মাণকাৰ্য সম্পন্ন হোৱাৰ সময়সীমা আছিল ২০২২ চনৰ ১ ডিচেম্বৰ ।

নিৰ্মাণৰ ১৩ বছৰ পিছতো মুকলি হোৱা নাই ডিমা হাছাও পলিটেকনিক কলেজ (Dima Hasao Polytechnic college)

কিন্তু বৰ্তমান ছোটওয়াপুত এই পলিটেকনিক কলেজখন নিৰ্মাণ হ'লেও যোৱা ১৩ বছৰে এই পলিটেকনিক কলেজখন মুকলি হোৱা নাই । ইতিমধ্যে এই পলিটেকনিক কলেজৰ নিৰ্মাণকাৰ্য অতি নিম্নমানৰ হোৱাৰো অভিযোগ ডিমাছা ষ্টুডেণ্টছ ইউনিয়নৰ ।

উল্লেখ্য যে লোক নিৰ্মাণ বিভাগৰ অধীনত এই পলিটেকনিক কলেজখন নিৰ্মাণৰ কাম কৰিছিল গুৱাহাটীৰ ইলাইট এজেন্সীয়ে । আনহাতে, ডিমাছা ষ্টুডেণ্টছ ইউনিয়নৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙ নেতৃত্বত এটা প্ৰতিনিধি দলে ছোটওয়াপু পলিটেকনিক কলেজখন পৰিদৰ্শন কৰি কয়, "যোৱা ১৩ বছৰেও এই পলিটেকনিক কলেজখন উদ্বোধন বা মুকলি হোৱা নাই । এই পলিটেকনিক কলেজৰ উদ্বোধন আৰু পাঠদান আৰম্ভ কৰাৰ বাবে আমি ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰীক বহুবাৰ স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পিছতো ৰাজ্য চৰকাৰ বা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।"

Dima Hasao Polytechnic college
নিৰ্মাণৰ ১৩ বছৰ পিছতো মুকলি হোৱা নাই ডিমা হাছাও পলিটেকনিক কলেজ (ETV Bharat Assam)

প্ৰমিত চেংয়ঙৰ লগতে অভিযোগ, "এই পলিটেকনিক কলেজৰ যিধৰণৰ নিম্নমানৰ কাম হৈছে ইয়াৰ বাবে লোক নিৰ্মাণ বিভাগৰ বিল্ডিং ডিভিজনৰ অধীনত কাম কৰা এজেন্সী আৰু এই কামৰ দায়িত্বত থকা বিভাগীয় বিষয়াসকলৰ বিৰুদ্ধে তদন্ত হ'ব লাগে ।"

ইফালে ডিমাছা ষ্টুডেণ্টছ ইউনিয়নৰ ফালৰ পৰা ৰাজ্য চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষক দুই সপ্তাহৰ সময়সীমা বান্ধি দিছে এই পলিটেকনিক কলেজ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে । ইয়াৰ পিছতো যদি চৰকাৰে কোনো সিদ্ধান্ত নলয় তেনেহ'লে ডিমাছা ষ্টুডেণ্টছ ইউনিয়নে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে ।

Dima Hasao Polytechnic college
ব্যৱহাৰ নহওঁতেই মেলিছে ফাঁট (ETV Bharat Assam)

প্ৰমিত চেংয়ঙে কয়, "শিক্ষা ক্ষেত্ৰত ডিমা হাছাও জিলা এতিয়াও পিছপৰি আছে । হাফলঙত এখন চৰকাৰী কলেজ আছে যদিও দুটা বিষয়ৰ বাহিৰে স্নাতকোত্তৰ ডিগ্ৰী কৰিব পৰা নাযায় । হাফলং চৰকাৰী কলেজখনত অসম বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপনৰ দাবী জনাই অহাৰ পিছতো এতিয়ালৈকে বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপন কৰা নাই ।"

তেওঁ লগতে কয়, "ডিমা হাছাও জিলা হৈছে ষষ্ঠ অনুসূচী জিলা আৰু এই পাহাৰীয়া জিলাত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ হৈছে আটাইতকৈ পুৰণি স্বায়ত্তশাসিত পৰিষদ । তথাপি এই পাহাৰীয়া জিলাখন শিক্ষাৰ ক্ষেত্ৰত পিছপৰি আছে । ৰাজ্যৰ অন্যান্য জিলা যেনেদৰে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে, কিন্তু ডিমা হাছাও জিলা পিছপৰি আছে ।"

ছাত্ৰনেতাজনে লগতে কয়, "উচ্চ শিক্ষাৰ বাবে এই পাহাৰীয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকল শিলচৰ, নগাঁও, গুৱাহাটী, লামডিং যাবলগীয়া হয় । এতিয়া ডিমা হাছাও জিলাৰ পৰা এ পি এছ চি, মেডিকেলত বহু ছাত্ৰ-ছাত্ৰীয়ে সুযোগ লাভ কৰা পৰিলক্ষিত হৈছে । এই অৱস্থাত ডিমা হাছাও জিলাত শিক্ষাৰ এনেধৰণৰ সুবিধা প্ৰদান কৰিলে অসমৰ এই পাহাৰীয়া জিলাখন শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব পাৰিব ।"

লগতে পঢ়ক: নিশা ছাত্ৰনেতাক দলবদ্ধ আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি, ক্ষমা খোজাৰ দাবী আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.