ETV Bharat / state

বাঁহ কটাৰ ওপৰত নিষেধাজ্ঞা : তীব্ৰ বিৰোধিতা ডিমা হাছাও জিলা কংগ্ৰেছৰ - Dima Hasao Congress

Dima Hasao Congress : বাঁহ কটাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ বিৰুদ্ধে হাফলঙত জিলা কংগ্ৰেছৰ সংবাদমেল ৷ 30 ছেপ্টেম্বৰ পৰ্যন্ত এই নিৰ্দেশনা বলবৎ থাকিব বুলি উল্লেখ কৰা হৈছে জাননীত ৷

Dima Hasao Congress
ডিমা হাছাও জিলা কংগ্ৰেছৰ সংবাদমেল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : July 4, 2024 at 4:05 PM IST

2 Min Read
Choose ETV Bharat

হাফলং, 4 জুলাই : ডিমা হাছাও জিলাত বাঁহ কটাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি এক নিৰ্দেশনা জাৰি কৰিছে জিলা বন বিভাগৰ পূৰ্ব সংমণ্ডলে ৷ 1 জুলাইত জাৰি কৰা হৈছে এই নিৰ্দেশনা ৷ 30 ছেপ্টেম্বৰ পৰ্যন্ত এই নিৰ্দেশনা বলবৎ থাকিব বুলি উল্লেখ কৰা হৈছে জাননীত ৷ ইফালে ডিমা হাছাও জিলা বন বিভাগৰ পূৰ্ব সংমণ্ডলৰ এই নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে ডিমা হাছাও জিলা কংগ্ৰেছে ৷ এই সন্দৰ্ভত আজি হাফলং ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচা আৰু ডিমা হাছাও জিলা কংগ্ৰেছৰ উপ-সভাপতি অৰিপম বড়োৱে এক সংবাদমেল সম্বোধন কৰি বন বিভাগৰ এই নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰে ৷

বাঁহ কটাৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাৰ তীব্ৰ বিৰোধিতা ডিমা হাছাও জিলা কংগ্ৰেছৰ (ETV BHARAT ASSAM)

নিৰ্মল লাংথাচাই কয় যে, কেন্দ্ৰীয় চৰকাৰে 2017 চনত বন সংশোধনী বিল আইনত পৰিণত কৰি বাঁহক বন বিভাগৰ পৰা আতৰাই দিছিল ৷ বন আইন অনুসৰি বাঁহ গছ নহয় ঘাঁহ, যাৰ বাবে যি সকলে নিজৰ ভূমি বা বন বিভাগৰ বাহিৰে যিকোনো ভূমিত বাঁহৰ খেতি কৰে তেওঁলোকে বাঁহ কাটি বিক্ৰী কৰিব পাৰিব ৷ ইয়াৰ বাবে কোনো ধৰণৰ অনুমতিৰো প্ৰয়োজন নহ’ব ৷ কিয়নো বাঁহৰ খেতি কৰা খেতিয়কসকলে বাঁহ কাটি বিক্ৰী কৰিবলৈ হ’লে পাৰ্মিট বা অনুমতিৰ বাবে সমস্যাৰ সন্মুখীন হয় ৷ সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই বন সংশোধনী বিল আইনত পৰিণত কৰে বুলি মন্তব্য কৰে কৰে ৷ লগতে তেওঁ কয় যে, ব্যক্তিগত ভূমিত বা ফৰেষ্ট এলেকাৰ বাহিৰে খেতি কৰি বাঁহ কাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰে বন বিভাগে ৷ কিন্তু ৰিজাৰ্ভ ফৰেষ্টৰ পৰা বাঁহ কটাৰ ওপৰত বাধা আৰোপ কৰিব পাৰে বন বিভাগে ৷

কংগ্ৰেছ নেতাজনে কয় যে, কিন্তু ডিমা হাছাও জিলা বন বিভাগৰ পূৰ্ব সংমণ্ডলে যি নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনা স্পষ্ট নহয় ৷ এই নিৰ্দেশনাই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি তেওঁ জিলাখনৰ বন বিভাগৰ পূৰ্ব সংমণ্ডলে এই নিৰ্দেশনা জাৰি কৰিলে কিন্তু পশ্চিম সংমণ্ডলে এই নিৰ্দেশনা কিয় জাৰি কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে ৷ এই নিৰ্দেশনা ডিমা হাছাও জিলাৰ বন বিভাগে জাৰি কৰিব লাগিছিল বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : ৰাজ্যত বিদ্যুতৰ সংকট : চাহিদা ২৫০০ মেগাৱাট আৰু উৎপাদন ৪২০ মেগাৱাট - Power crisis in Assam