হাফলং: ৭৪ বছৰত ভৰি দিলে অসমৰ আটাইতকৈ পুৰণি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে । ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত ১৯৫২ চনৰ ২৯ এপ্ৰিলত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ (এন চি এইচ এ চি ) ৷ বৰ্তমান ই ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদ নামেৰে পৰিচিত । মূলতঃ উত্তৰ কাছাৰ পাহাৰ জিলা পৰিষদ নামেৰে নামাকৰণ কৰা এই জিলা পৰিষদৰ নাম সলনি কৰি ১৯৯৫ চনত স্বায়ত্ত শাসিত পৰিষদ কৰা হয় । বৰ্তমানৰ ডিমা হাছাওকে ধৰি জিলাখন প্ৰথম অৱস্থাত সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ অংশ আছিল, যিখন পিছলৈ ১৯৭০ চনত দুভাগত বিভক্ত হয় ।
পৰিষদৰ গঠন: ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ বিধান অনুসৰি ১৯৫২ চনৰ ২৯ এপ্ৰিলত উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ হিচাপে গঠন কৰা হৈছিল ।
প্ৰাৰম্ভিক গঠন: পৰিষদখনত প্ৰথম অৱস্থাত নিৰ্বাচিত আৰু মনোনীত প্ৰতিনিধিকে ধৰি ১৬ জন সদস্য আছিল আৰু প্ৰথম ছবছৰত এজন মহকুমা বিষয়াই অধ্যক্ষ হিচাপে কাম কৰিছিল ।
নাম সলনি: ১৯৯৫ চনৰ ১৩ ছেপ্টেম্বৰ এই পৰিষদক আনুষ্ঠানিকভাৱে স্বায়ত্ত শাসিত পৰিষদ হিচাপে স্বীকৃতি দিয়া হয় আৰু স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচিত আৰু মনোনীত সদস্য সংখ্যা ৩০ লৈ বৃদ্ধি হয় । ইয়াৰ পিছতে ২০১০ চনত জিলাখনৰ নাম আৰু পৰৱৰ্তী সময়ত পৰিষদখনৰ নাম সলনি কৰি ডিমা হাছাও কৰা হয় ।
জিলাৰ ইতিহাস: পৰিষদে সামৰি লোৱা অঞ্চলকে ধৰি ডিমা হাছাও জিলাখন পুৰণি কছাৰী ৰাজ্যৰ অংশ আছিল আৰু ডিমাছা কছাৰীকে ধৰি বিভিন্ন জনজাতীয় সংগঠনৰ বাসস্থান আছিল ।

স্বায়ত্তশাসিত ব্যৱস্থা: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ৱেবছাইটত প্ৰকাশ পোৱা মতে, ভাৰতৰ জনজাতীয় অঞ্চলসমূহক বিশেষ স্বায়ত্ত শাসন প্ৰদান কৰা ষষ্ঠ অনুসূচীৰ বিধান অনুসৰি পৰিষদখনে কাম কৰে ।
কাৰ্যসমূহ: পৰিষদৰ কাৰ্যবাহী ক্ষমতা আছে । ডিমা হাছাও জিলাৰ ভিতৰত শাসন আৰু উন্নয়নৰ বিভিন্ন দিশৰ তদাৰক কৰি স্বায়ত্ত শাসিত সংস্থা হিচাপে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে কাম কৰি আছে । আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চৌহদত বিভিন্ন অনুষ্ঠানৰ মাজেদি অসমৰ আটাতকৈ পুৰণি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কি ক'লে কুলেন্দু দাওলাগাপুৱে:
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভালে সংখ্যক গণ্যমান্য ব্যক্তিৰ সৈতে অংশগ্ৰহণ কৰে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ বিশেষ পৰামৰ্শদাতা কুলেন্দু দাওলাগাপুৱে ডিমা হাছাওবাসীক শুভকামনা জ্ঞাপন কৰে । তেওঁ কয়, "ষষ্ঠ অনুসূচীৰ বিধান অনুসৰি আমাক নিজা চৰকাৰ প্ৰস্তুত কৰিব পৰা এই ৰাজনৈতিক অধিকাৰ দিলে, এয়া এদিনতে হোৱা নাছিল । এয়া আমাৰ পূৰ্বজ, আমাৰ ডিমা হাছাওৰ লোক বিধানসভালৈ গৈ বহু আলোচনা আদি কৰাৰ পাছত আমাক ষষ্ঠ অনুসূচীৰ স্বীকৃতি দিছিল ।"
তেওঁ লগতে কয়, "ষষ্ঠ অনুসূচীৰ স্বীকৃতি দিয়াৰ পিছতে আমি স্বায়ত্ত শাসিত পৰিষদ লাভ কৰিছিলো । সময়ৰ লগে লগে ইয়াৰ ক্ষমতা বাঢ়ি গৈ থাকিল । সেয়ে আজি এই মুহূৰ্তত যিসকলৰ ত্যাগৰ ফলত এই ক্ষমতা লাভ কৰিলো তেখেতসকলক স্মৰণ কৰিছো, তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।"