যদিহে ভূতবাংলা দেখা নাই ফুৰিবলৈ আহক অসমৰে এইখন আদৰ্শ গাঁৱলৈ - Dilapidated Model Village
Model Village in Assam: কিদৰে আছে ২০১৪ চনত চৰকাৰে ঘোষণা কৰা আদৰ্শ গাঁও । নামত আছে উপ-স্বাস্থ্য কেন্দ্ৰ, বিদ্য়ালয় কিন্তু নাই কোনো সুবিধা । নিৰ্মাণৰ ১৫ বছৰ পিচতো কাৰ্যক্ষম নহ'ল উপ-স্বাস্থ্যকেন্দ্ৰটো । 'নাই' শব্দটোহে আছে আদৰ্শ গাঁৱত । কোনখন জিলাত আছে এই গাঁওখন ?

Published : September 18, 2024 at 12:49 PM IST
|Updated : September 18, 2024 at 1:01 PM IST
তিনিচুকীয়া, ১৮ ছেপ্টেম্বৰ: চৰকাৰে ৰাজ্য়ত উন্নয়নৰ গংগা বোৱাই দিয়া বুলি দাবী কৰাৰ সময়তেই এখন আদৰ্শ গাঁৱৰ ৰাইজ জ্বলন্ত সমস্য়াৰে ভাৰাক্ৰান্ত হৈ আছে । যেনি চাই তেনি দেখা পোৱা যায় উন্নয়নৰ নামত আভুৱাভাৰা এখন ছবি । এই আদৰ্শ গাঁৱতেই নাই কোনো সা-সুবিধা ।
২০১৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিছিল বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে । জয়লাভ কৰাৰ পিচতে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰা ৰামেশ্বৰ তেলী আৰু শ্ৰমমন্ত্ৰীৰ দায়িত্ব লাভ কৰা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে ঘোষণা কৰিছিল লাংকাচি গাওঁখন 'আদৰ্শ গাঁও' হিচাপে । কিন্তু ঘোষণাতেই যেন সীমাবদ্ধ হৈ ৰ’ল আদৰ্শ গাঁও ।
নিৰ্মাণৰ ১৫ বছৰ পিচতো কাৰ্যক্ৰম নহ'ল উপ-স্বাস্থ্য কেন্দ্ৰ
লাংকাচী আদৰ্শ গাঁৱত আছে এটা উপ-স্বাস্থ্য কেন্দ্ৰ । নামত আছে এই উপ-স্বাস্থ্য কেন্দ্ৰটো, কামত পিছে একো নাই । গোঁহালিলৈ পৰ্যবসিত হৈছে এই স্বাস্থ্যকেন্দ্ৰটো ৷ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ ১৫ বছৰৰ পিচতো কাৰ্যক্ৰম নহ'ল আদৰ্শ পঞ্চায়তৰ এলেকাৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ। তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লাংকাচি গাঁৱৰ একমাত্ৰ উপ-স্বাস্থ্য কেন্দ্ৰটো বৰ্তমান জহি-খহি গৈ ভূত বাংলাত পৰিণত হৈছে । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা স্বাস্থ্য কেন্দ্ৰটোত আজিলৈকে নিয়োজিত নহ'ল কোনো চিকিৎসক, নাৰ্ছ । সামান্য বেমাৰ আজাৰ হ'লেই গাঁওবাসীয়ে যাব লাগে চহৰলৈ । জৰাজীৰ্ণ অৱস্থাত থকা এই উপ-স্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি কাৰ্যক্ষম কৰি তুলিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।
ভূত বাংলাসদৃশ অৱস্থা আদৰ্শ বিদ্যালয়ৰ
সমান্তৰালভাৱে এখন কেন্দ্ৰীয় চৰকাৰে দিয়া আদৰ্শ বিদ্যালয় আছে এই গাঁওখনত । পাঠ্যক্ৰম অব্যাহত আছে যদিও আদৰ্শ বিদ্যালয়ৰ নামত আছে আন এটা ভূত বাংলাসদৃশ হাবি, বননিৰে ভৰপূৰ জৰাজীৰ্ণ গৃহ । আজি পৰ্যন্ত নহ'ল আৰ্থ ফিলিং, নহ'ল চাৰিসীমাৰ পকী বেৰ । খেলপথাৰ,ৰাস্তা-ঘাট, চিকিৎসা সেৱা, বিদ্যালয়, কৃষি ওপৰত কি পালে আদৰ্শ গাঁৱৰ ৰাইজে, শুনিলে আপোনাৰ চকু কপালত উঠিব ৷
নাই এখন দলং
আদৰ্শ গাঁও বুলি ক'লে আপোনাৰ মনলৈ অহাটো স্বাভাৱিক সুন্দৰ এখন বিদ্যালয়, চিকিৎসালয়, খেলপথাৰ, ৰাস্তা-পদূলি। কিন্তু লাংকাচি আদৰ্শ গাঁৱৰ ছবি যেন ওলোটা । নাই, নাই আৰু নাই । এটা পকী পথৰ ওপৰত মাহ মাহ ধৰি বাঁহৰ দলং, লোহাৰ সাঁকোৰে অহা-যোৱা কৰিব লগা হৈছে ৰাইজে । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয়," চৌদিশে উন্নয়নৰ ঢাকঢোল বজাই থকা চৰকাৰে আজিপৰ্যন্ত বনাই দিব পৰা নাই এখন পকী দলং।"
এলাগী সাংসদ আদৰ্শ গাঁও
এই অৱস্থাৰ বিষয়ে ব্য়াখ্য়া কৰি সাধাৰণ ৰাইজে প্ৰশ্ন কৰিছে,"বিজেপি চৰকাৰৰ এয়া চমক আছিল নেকি আদৰ্শ গাঁৱৰ? ডাবল ইঞ্জিন চৰকাৰৰ এয়া এটা নমুনা মাথোঁ ।" ৰামেশ্বৰ তেলী আহিল আৰু গ'ল, সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতো বৰ্তমান একেই অৱস্থা । আদৰ্শ গাঁৱৰ এয়া এখন সঁচা বাস্তৱ ছবি । সাংসদ আদৰ্শ গাঁও এলাগী হৈয়ে ৰ'ল ।

