দেৰগাঁও: প্ৰকৃতি সৃষ্ট গছৰ ডাল আৰু শিপাৰ সহায়ত নিজৰ পৰিচয় বহন কৰি এতিয়া মৃত্যু ক্ষণ গণি থকা দলংখনৰ প্ৰতি গুৰুত্ব নাই স্থানীয় বিধায়ক কিম্বা জিলা প্ৰশাসনৰ । দেৰগাঁৱৰ ৰঙামাটিৰ দৰিয়া নদীৰ ওপৰৰ দলঙৰ এই সুলভ ছবি মন্ত্ৰী অতুল বৰা সমষ্টিত । ইংৰাজৰ শাসনকালতে নিৰ্মাণ কৰা এই দলংখনৰ আজি জৰাজীৰ্ণ অৱস্থাই ৰাইজক জীয়াতু ভোগাইছে । ছয়টাকৈ লোহাৰ খুঁটা দি নিৰ্মাণ কৰা দলংখনৰ অধিকাংশ খুঁটাই এতিয়া ধ্বংস গৰাহত পৰা দেখা পোৱা গৈছে ।
দলংখনৰ মুল অংশ দুটা গছৰ শিপাৰ ওপৰত ভৰ দি কোনোমতেহে আছে আৰু দলংখনৰ ওপৰেদি খোজ কাঢ়ি গ'লেই কপিবলৈ ধৰে, ফলত দুৰ্ভোগ ভুগিছে সৰ্বসাধাৰণ ৰাইজ । দলংখনৰ এটা অংশৰ ফালে আছে ইতিহাস প্ৰসিদ্ধ দানহবাবা থান আৰু আনফালে এখন গাঁও,য'ত বাস কৰে চাহ শ্ৰমিক ৰাইজে । বাৰিষাৰ আগমণৰ ক্ষণত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজৰ লগতে চহা কৃষক সকল । কাৰণ বাৰিষা ভৰা নদীৰ সোঁতে যি কোনো মুহূৰ্ততে দলংখন লৈ যাব পাৰে নদীৰ বুকুলৈ ।
ইতিহাস প্ৰসিদ্ধ দলংখন মেৰামতিৰ বাবে মন্ত্ৰী অতুল বৰাক বহুবাৰ জনোৱাৰ স্বত্বেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উথাপিত হৈছে । ফলত দলংখনৰে যাতায়তৰ অনুপযোগী হৈ পৰাত বিপাঙত পৰিছে কৃষিজীৱী লোকসকল ।
এই সন্দৰ্ভত চাহ জনজাতি ছাত্রসন্থাৰ এগৰাকী বিষয়ববীয়াই কয়,"ইতিহাস প্ৰসিদ্ধ দলংখনৰ মেৰামতিৰ বাবে বহুবাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাক অৱগত কৰোৱা পিছত কোনো ধৰণৰ সহাৰি প্ৰদান নকৰিলে । মূলত চাহ শ্ৰমিকৰ সমাজৰ লোকৰ যাতায়তৰ মূল সম্বল দলংখন পুনৰ নিৰ্মাণ নকৰা ফলত মৰণক শৰণ দি উক্ত দলংখনেৰে যাতায়ত কৰিব লগা হৈছে ।" আনহাতে বিভাগীয় কৰ্তৃপক্ষই যদি কোনো গুৰুত্ব নিদিয়ে তেন্তে ইতিহাস বিজড়িত এই দলংখন এদিন নদীৰ বুকুত জাহ যাব সেইয়া নিশ্চিত বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে ।