ETV Bharat / state

উত্তম গগৈৰ হত্যাকাণ্ড; পত্নী-কন্যাই মিলি ১০ লাখ টকাৰ চুক্তিত স্বামীক হত্যা

হত্যাকাৰীক লগত লৈ বৰবৰুৱাৰ পাত্ৰ গাঁৱৰ নলাত হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ বিচাৰি আৰক্ষীৰ অভিযান। উত্তম গগৈৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত বাৰবৰুৱা থানাত অৱস্থান লাহন গাঁৱৰ ৰাইজৰ।

dibrugarh uttam gogoi murder case
উত্তম গগৈৰ হত্যাকাণ্ডত ব্যৱহৃত সামগ্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 11:48 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : চাঞ্চল্যকৰ এক হত্যাকাণ্ডই জোকাৰি গৈছে‌ ডিব্ৰুগড়ৰ বৰবৰুৱা ।‌ বৰবৰুৱাৰ উত্তম গগৈৰ নৃশংস হত‍্যাক লৈ পত্নী কন্যাসহ চাৰিজনক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাছতে পাছতে সমগ্ৰ ঘটনাটোৱে ৰাজ্যত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবী কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে আৰক্ষীয়ে ঘটনাক লৈ তদন্ত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে ।‌ আজি (মঙলবাৰ) বৰবৰুৱা আৰক্ষীয়ে ব্যৱসায়ী উত্তম গগৈ ওৰফে ছেং কাইৰ হত‍্যাকাণ্ডত ব‍্যৱহৃত লোহাৰ পাইপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বৰবৰুৱাৰ পাত্ৰ গাঁৱৰ এটা নলাৰ পৰা উদ্ধাৰ কৰা হয় অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা পাইপ ।

স্থানীয় লোকৰ ভাষ্য (ETV Bharat Assam)

বৰবৰুৱা আৰক্ষীয়ে হত্যাকাৰী দ্বীপজ্যোতি বুঢ়াগোহাঁইক লগত লৈ SDRF আৰু DMCৰ সহায়ত অভিযান চলাইছিল ।‌ হত্যাকাণ্ড সংঘটিত কৰি দুই হত্যাকাৰীয়ে এই নলাত পেলাই দিছিল হত‍্যাকাণ্ডত ব‍্যৱহৃত লোহাৰ পাইপ । হত্যাকাণ্ডত ব্যৱহৃত আন আন সামগ্ৰীসমূহো বিচাৰি অভিযান আৰক্ষীৰ ।

কেনেকৈ সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড :

যোৱা ২৫ জুলাইত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো । বৰবৰুৱাৰ লাহন গাঁৱৰ উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকা অৱস্থাত নিশা নৃশংসভাৱে হত‍্যা কৰিছিল । মৃতদেহ উদ্ধাৰ হোৱা শুৱনি কোঠাটোৰ বিভিন্ন সামগ্ৰী ছেদেলি ভেদেলি কৰি মূল‍্যবান বয়বস্তু লৈ গৈছিল হত‍্যাকাৰীয়ে ।

হত‍্যাকাৰীয়ে এখন কাণ কাটি থৈ গৈছিল উত্তম গগৈৰ ।‌ এই ঘটনা ডকাইটি ঘটনা বুলি অনুমান কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহে বহু চাঞ্চল্যকৰ তথ্য । আৰক্ষীৰ তদন্তত পোহৰলৈ আহে উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক নিজৰ পত্নী আৰু কন্যাই চুপাৰী কিলাৰ লগাই হত্যা কৰিছিল ।

ইয়াৰ পিছত পাছতে দেওবাৰে পুৱা বৰবৰুৱা আৰক্ষীয়ে আটক কৰিছে উত্তম গগৈৰ পত্নী ববী গগৈ, নৱম শ্ৰেণীত অধ্যয়নৰত নাবালিক কন্যা আৰু জামিৰা মটক গাঁৱৰ দীপজ্যোতি বুঢ়াগোহাঁই আৰু তেওঁৰ সহযোগী এজন নাবালকক । আৰক্ষীৰ জেৰাত হত্যাকাৰীয়ে স্বীকাৰ কৰিছে পত্নী, কন্যাই দুই চুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক ।

৪ দিনৰ আৰক্ষী জিম্মাত ২ অভিযুক্ত :

ডিব্ৰুগড়ৰ বৰবৰুৱাত সংঘটিত চাঞ্চল্য আজিও অব্যাহত থকাৰ লগতে অভিযুক্তক মাৰাথান জেৰা চলাইছে আৰক্ষীয়ে । অভিযুক্ত ববী সোণোৱাল গগৈ, দ্বীপজ্যোতি বুঢ়াগোহাঁইক ৪ দিনৰ আৰক্ষী জিম্মাত লৈ মাৰাথান জেৰা চলাইছে আৰক্ষীয়ে । আনহাতে এই হত্যাকাণ্ডত অভিযুক্ত আনজন নাবালক অভিযুক্ত আৰু উত্তম গগৈৰ নৱম শ্ৰেণীত অধ্যয়নৰত কন্যাক শিশু সংশোধন গৃহলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

হত্যাকাৰীক উচিত শাস্তিৰ দাবীত বাৰবৰুৱা থানাত অৱস্থান লাহন গাঁৱৰ ৰাইজৰ :

উত্তম গগৈৰ ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি থকা কণমানি পুত্ৰক লৈ বিপাঙত পৰিছে পৰিয়ালৰ লোকৰ লগতে লাহন গাঁৱৰ গাঁওবাসী । পিতৃৰ জঘন‍্য হত‍্যাকাণ্ড, মাতৃ আৰু বায়েক ৰঙাঘৰত । শিশুটিৰ ভৱিষ‍্যতক লৈ চিন্তিত পৰিয়ালৰ লগতে গাঁওখনৰ সচেতন লোক ।

আনহাতে আজি লাহন গাঁৱৰ একাংশ মহিলাই বৰবৰুৱা আৰক্ষী থানাত অৱস্থান গ্ৰহণ কৰি হত্যাকাৰীক উচিত শাস্তিৰ দাবীত জনায় । এগৰাকী সচেতন মহিলাই কয়, "কিয় পত্নী কন্যাই এই ঘটনা সংঘটিত কৰিলে তাৰ ৰহস্য আৰক্ষীয়ে উদঘাটন কৰিব লাগে । প্ৰয়োজন হ'লে আৰক্ষীয়ে আৰু বেছি দিন জেৰা কৰিব লাগে । এই ঘটনাত তৃতীয় পক্ষ জড়িত আছে সেয়ে সৰু ল'ৰা- ছোৱালী ব্যৱহাৰ কৰিছে যাতে শাস্তিৰ পৰা বাচি যাব পাৰে । তেওঁৰ ব্যৱসায়ৰ লগত জড়িত মানুহখিনিকো তদন্তৰ আওতালৈ আনিব লাগে, তেতিয়া সকলো ৰহস্য ফাদিল হ'ব ।''

লগতে পঢ়ক : উত্তম গগৈৰ হত্যাকাণ্ড : দীৰ্ঘদিনীয়া পৰিকল্পনা আছিল পত্নী-কন্যাৰ !