ETV Bharat / state

উত্তম গগৈৰ হত্যাকাণ্ড : দীৰ্ঘদিনীয়া পৰিকল্পনা আছিল পত্নী-কন্যাৰ !

উত্তম গগৈৰ হত্যাত জড়িত ৪ অভিযুক্ত আটক । পত্নী আৰু কন্যাই ৰচনা কৰিছিল হত্যাৰ পৰিকল্পনা !

Dibrugarh Uttam Gogoi murder case
হত্যাকাণ্ডত জড়িত অভিযুক্তক আটক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 3, 2025 at 3:49 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : ক্ৰমান্বয়ে ডিব্ৰুগড়ৰ বৰবৰুৱাৰ হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ আহিছে । পত্নী আৰু কন্যাই মিলি হত্যা কৰাইছিল উত্তম গগৈক ! কেৱল সেয়াই নহয় উত্তম গগৈক হত্যাৰ বাবদ দুই চুপাৰি কিলাৰক সোণৰ গহনা আৰু ধনো দিছিল তেওঁলোকে । আৰক্ষীৰ তদন্তত লাহে লাহে সকলো কথা স্পষ্ট হৈ পৰিছে । ইতিমধ্যে গোচৰটোত উত্তম গগৈৰ পত্নী আৰু কন্যাৰ লগতে অভিযুক্ত দুই হত্যাকাৰীকো আটক কৰিছে আৰক্ষীয়ে ।

যোৱা ২৫ জুলাইত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড । বৰবৰুৱাৰ লাহন গাঁৱৰ উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকা অৱস্থাতে নিশা নৃশংসভাৱে হত‍্যা কৰি থৈ গৈছিল । মৃতদেহ উদ্ধাৰ হোৱা কোঠাটোৰ বিভিন্ন সামগ্ৰী খেলিমেলি হৈ আছিল ।

উত্তম গগৈৰ হত্যাত জড়িত ৪ অভিযুক্তক আটক (ETV Bharat)

প্ৰথম অৱস্থাত এয়া ডকাইতিকাণ্ড বুলিয়ে সকলোৱে সন্দেহ কৰিছিল । অৱশ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল আৰু দেওবাৰে নিৰ্দিষ্ট তথ্য প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে উত্তম গগৈৰ পত্নী, কন্যা আৰু আন দুজনক আটক কৰে ।

উত্তম গগৈৰ পত্নী আৰু কন্যাৰ লগতে বৰবৰুৱা আৰক্ষীয়ে আটক কৰা আন দুজনৰ ভিতৰত এজন নাবালক বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে পত্নী, কন্যাই দুই চুপাৰি কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক । এই হত্যাক ডকাইতিকাণ্ডৰ ৰূপ দিবলৈও চেষ্টা কৰিছিল । অৱশ্যে বৰবৰুৱা আৰক্ষীৰ তৎপৰতাত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে ।

Dibrugarh Uttam Gogoi murder case
উদীয়মান ব্যৱসায়ী উত্তম গগৈক হত্যা (ETV Bharat)

আৰক্ষীৰ জেৰাৰ অন্তত সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিছে । আৰক্ষীয়ে আটক কৰা যুৱক আৰু কিশোৰজনে সমগ্ৰ ঘটনাৰ বিৱৰণ দিছে । আনকি ঘটনা সংঘটিত কৰি লৈ যোৱা সোণৰ গহনা আৰু আন সামগ্ৰীসমূহো আৰক্ষীয়ে উদ্ধাৰ কৰে । মৃত উত্তম গগৈৰ ঘৰৰ ভিতৰতে লুকুৱাই ৰখা হৈছিল সামগ্ৰীবোৰ ।

ইফালে উত্তম গগৈৰ হত্যাৰ ৪ অভিযুক্তক আৰক্ষীয়ে আটক কৰা পাছতে বৰবৰুৱা আৰক্ষী থানাত ঘটনাৰ উচিত তদন্তৰ দাবীত অঞ্চলটোৰ ৰাইজে অৱস্থান গ্ৰহণ কৰে ।‌

অভিযুক্তক আটক কৰাৰ পিছতে বৰবৰুৱা আৰক্ষী থানাত উপস্থিত হৈ উত্তম গগৈৰ ভাতৃয়ে কয়, "দাদাৰ ৰক্তচাপজনিত সমস্যাত মৃত্যু হোৱা বুলি খবৰ পাইছিলো । কিন্তু গৈ দেখিছিলো যে কাণ এখন ছিগি আছে আৰু আলমাৰিটো খোলা আছিল । তেতিয়া আমি ডকাইতিৰ ঘটনা বুলি ভাবি লৈছিলো । তেওঁৰ পত্নী আৰু কন্যাই হত্যা কৰা বুলি স্বীকাৰ কৰিছে । কিয় এই কাম কৰিলে সেই কথা গম পোৱা নাই । আৰক্ষীয়ে আৰু দুজনক ধৰা বুলি কৈছে ।"

Dibrugarh Uttam Gogoi murder case
সোণৰ আ-অলংকাৰ উদ্ধাৰ (ETV Bharat)

ঘটনাত আৰু লোক জড়িত থকাৰ সন্দেহ :

বৰবৰুৱাৰ উত্তম গগৈৰ হত্যাকাণ্ডৰে জড়িত ৪ অভিযুক্তক আটক কৰা পাছতে খোৱাং সমজিলাৰ আৰক্ষী অধীক্ষক অমৃত ৰঞ্জন বৰ্মনে কয়, "যোৱা ২৫ জুলাইত বৰবৰুৱাৰ লাহন গাঁৱত উত্তম গগৈ ওৰফে চেং কাইৰ হত্যা হোৱাৰ খবৰ লাভ কৰিছিলো । ঘটনাৰ পাছৰে পৰা আৰক্ষীৰ তদন্ত আগবঢ়াই নিয়া হৈছিল । চেং কাইৰ পত্নী, কন্যা আৰু দুজন যুৱকক আটক কৰিছো । আমাৰ তদন্ত শেষ হোৱা নাই । আমাৰ সন্দেহ আৰু কেইজনমান মানুহ আছে । তেওঁলোককো জেৰা কৰা হ'ব ।''

দীৰ্ঘদিনৰ পৰাই হত্যাৰ পৰিকল্পনা কৰা হৈছিল :

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, "আটক কৰা যুৱক কেইজনক জেৰা চলাই থকা হৈছে । তেওঁলোকে কেনেকৈ কি অস্ত্ৰ ব্যৱহাৰ কৰি হত্যাকাণ্ড কৰিছিল তাৰ অনুসন্ধান কৰি থকা হৈছে । মৃতকৰ পত্নী, কন্যাৰ ফোনৰ সৈতে যোগাযোগ থকাৰ তথ্য লাভ কৰিছিলো । যুৱক দুজন চেং কাইৰ কন্যাৰ বন্ধু আছিল । কি কাৰণে এই ঘটনা সংঘটিত কৰিলে তাৰ বাবে জেৰা চলাই থকা হৈছে । বহুদিনৰ পৰাই এই ঘটনা কৰিবলৈ চেষ্টা কৰি আহিছিল যদিও সফল হ'ব পৰা নাছিল । আটক কৰাৰ ভিতৰত দুগৰাকীয়ে নাবালক আছে । এই ঘটনাৰ তদন্তৰ বাবে বৰবৰুৱা ৰাইজে যথেষ্ট সহযোগিতা কৰিছে ।"

লগতে পঢ়ক :নাবালকক অকথ্য নিৰ্যাতন চলোৱা এজন অভিযুক্তক আটক - ONE ARRESTED IN GELABIL