ETV Bharat / state

এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ - DEFAMATION CASE SUIT BY DU

Dibrugarh University: এগৰাকী ছাত্ৰীৰ কৰ্মকাণ্ডই জোকাৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ উৰ্ত্তীণৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ছাত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়িছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ৷ ক্ষমা নুখুজিলে মানহানি গোচৰ তৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷

Dibrugarh University
ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 30, 2024 at 7:46 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, ৩০ জুলাই: ৰাজ্যৰ এখন আগশাৰীৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল ডিব্ৰুগড় বিশ্ববিদ্যালয় । ৰাজ্যৰ লগতে দেশৰ ভিতৰতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত নেতৃত্ব ল'বলৈ সক্ষম হৈছে । কিন্তু ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক লৈ শেহতীয়াকৈ কিছু বিতৰ্কিত খবৰ ৰাজহুৱা হোৱা পাচতে আজি অৰ্থাৎ মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ (ETV Bharat Assam)

সংবাদমেল আয়োজন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱাল আৰু পৰীক্ষা নিয়ন্ত্ৰক ড৹ প্ৰশান্ত কুমাৰ কাকতিয়ে জানিবলৈ দিয়া অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিক পৰীক্ষাত অৱতীর্ণ হোৱা 'বণিষা মধুকল্য' নামৰ এগৰাকী পৰীক্ষার্থীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে । উৰ্ত্তীণৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীয়ে ।

ঘটনা অনুসৰি পৰীক্ষার্থীগৰাকীয়ে ২০২৩ বর্ষত বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত স্নাতক তৃতীয় ষান্মাসিক পৰীক্ষাৰ চাৰিটা (পূৰ্বে উৰ্ত্তীণ নোহোৱা) বিষয়ৰ লগতে চলিত বৰ্ষত বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা স্নাতক দ্বিতীয় ষান্মাসিক পৰীক্ষাৰ দুটা বিষয়ত (পূৰ্বে উৰ্ত্তীণ নোহোৱা) অৱতীর্ণ হৈছিল । কিন্তু বিশ্ববিদ্যালয়ে প্রকাশ কৰি মহাবিদ্যালয়সমূহলৈ পঠিওৱা ফলাফলৰ তালিকা আৰু গ্রেড ছাৰ্ট অনুসৰি পৰীক্ষার্থীগৰাকীয়ে উক্ত দুয়োটা ষান্মাসিক পৰীক্ষাতে এটাকৈ বিষয়ত অনুৰ্ত্তীণ হৈ ৰয় ।

কিন্তু ছাত্ৰীগৰাকীয়ে www.results.shikshaৰ যোগে উৰ্ত্তীণ হোৱাৰ তথ্য লাভ কৰা বুলি দাবী কৰে আৰু বিগত সপ্তাহত তেওঁৰ অভিভাৱকৰ সৈতে বিশ্ববিদ্যালয়ৰ পৰীক্ষা বিভাগলৈ আহি www.results. shikshaৰ দ্বাৰা প্রকাশিত আৰু বিশ্ববিদ্যালয়ে ঘোষণা কৰা পৰীক্ষাকেইটাৰ ফলাফলৰ মাজত উদ্ভৱ হোৱা বিসংগতি সম্পর্কে অৱগত কৰে । বিশ্ববিদ্যালয়ে নিজস্ব ৰেকৰ্ড পৰীক্ষা কৰাত এই কথা পোহৰলৈ আহে যে ছাত্ৰীগৰাকীয়ে অনলাইন প'র্টেলৰ যোগেদি লাভ কৰা বুলি কৈ দাখিল কৰা উক্ত দুয়োখন গ্রেড ছাৰ্টেই প্রকৃততে ভুৱা ।

ছাত্ৰীগৰাকী বিশ্ববিদ্যালয়ত উপস্থিত হোৱাত তেওঁৰ পৰীক্ষাৰ বহী পুনৰ পৰীক্ষা কৰিবলৈ পৰীক্ষা নিয়ন্ত্ৰকৰ বিষয়াই আহ্বান জনাইছিল যদিও ছাত্ৰীগৰাকীয়ে তেনে নকৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ‌ই ইচ্ছাকৃতভাৱে ফেইল কৰাই দিছে বুলি দেৰগাঁও থানাত এজাহাৰ দাখিল কৰে । ইফালে সমগ্ৰ ঘটনাক ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা কৰাৰ অন্তত পোহৰলৈ আহিছে যে ছাত্ৰীগৰাকীয়ে উত্তীৰ্ণ হোৱা বুলি যিখন প্ৰমাণ পত্ৰ দাখিল কৰিছিল সেইখন আছিল সম্পূৰ্ণৰূপে ভুৱা ।

www.results.shiksha ৰ যোগে ছাত্ৰীগৰাকীয়ে উৰ্ত্তীণ হোৱা বুলি প্ৰকাশ হোৱা নাছিল বুলিও পৰীক্ষা নিয়ন্ত্ৰক ড৹ প্ৰশান্ত কুমাৰ কাকতিয়ে জানিবলৈ দিয়ে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্য আৰু গৰিমাক ম্লান কৰিবলৈ ছাত্ৰীগৰাকীয়ে যি পন্থা লৈছে তাৰ বাবে ২৪ ঘণ্টাৰ ভিতৰতে স্বীকাৰ কৰি ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে ছাত্ৰীগৰাকীৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মানহানি গোচৰ তৰা সিদ্ধান্ত লোৱা বুলি আজি সংবাদমেলত উল্লেখ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱাল আৰু পৰীক্ষা নিয়ন্ত্ৰক ড৹ প্ৰশান্ত কুমাৰ কাকতিয়ে ।

লগতে পঢ়ক: বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক