ETV Bharat / state

ব'হাগতে বুৰিল মুখ্যমন্ত্ৰীৰ সপোনৰ ৰাজধানী: কৃত্ৰিম বানত ককবকাইছে ডিব্ৰুগড়বাসীয়ে

ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত ৰাজ্যৰ দ্বিতীয় ৰাজধানী । নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডত কৃত্ৰিম বানে লৈছে ভয়াৱহ ৰূপ ।

flash flood in Dibrugarh
ব'হাগতে বুৰিল মুখ্যমন্ত্ৰীৰ সপোনৰ ৰাজধানী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 2:12 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: এটা বছৰো হোৱা নাই অসমৰ প্ৰশাসনীয় ক্ষেত্ৰক বিকেন্দ্ৰীকৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা এক ঐতিহাসিক সিদ্ধান্তৰ । মুখ্যমন্ত্ৰীৰ সহজ প্ৰশাসন আৰু প্ৰশাসনীয় কাৰ্যৰ বিকেন্দ্ৰীকৰণৰ এক অভিলাষী আঁচনি আছিল দ্বৈত ৰাজধানীৰ ব্যৱস্থা । তাৰ বাবে নিৰ্বাচন কৰিছিল ৰাজ্যৰ এখন ঐতিহাসিক চহৰ তথা উজনি অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড়ক ।

অতি জাকজমকতাৰে মুকলিও কৰা হয় ৰাজ্যৰ দ্বিতীয়খন ৰাজধানীৰ সচিবালয় । কিন্তু উপযুক্ত পৰিকল্পনা আৰু পৰ্যাপ্ত আন্তঃগাঁথনিৰে ডিব্ৰুগড় চহৰখনক বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰাৰ যে কোনো ব্লুপ্ৰিণ্ট নাছিল সেয়া এতিয়া জলজল-পটপট হৈ পৰিছে । কেৱল ৰাজধানীৰ সাজ পিন্ধায়েই ডিব্ৰুগড়ক ৰাজকীয় মৰ্যাদা প্ৰদানৰ বিপৰীতে মূল সমস্যা সমাধানত যে কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাই সেয়া পৰিষ্কাৰ হ'ল নিশাটোৰ এজাক বৰষুণতে ।

ব'হাগতে বুৰিল মুখ্যমন্ত্ৰীৰ সপোনৰ ৰাজধানী: কৃত্ৰিম বানত ককবকাইছে ডিব্ৰুগড়বাসীয়ে (ETV Bharat Assam)

হয়, কৃত্ৰিম বানৰ কৱলত ঐতিহাসিক ডিব্ৰুগড় চহৰ । পুনৰ ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড় চহৰ । নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় চহৰৰ অন্যতম মানকটা পথ, জে'ল ৰোড, ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভসহ বহুকেইটা অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰিছে । একাঁঠু পানীৰ মাজেৰে আহিবলগীয়া হৈছে পথযাত্ৰী ।

নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে ঐতিহাসিক চহৰখনৰ পৌৰ নিগমৰ ২২ টা ৱাৰ্ডত কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে । দ্বিতীয়খন পৌৰ নিগম হিচাপে স্বীকৃতি দিয়াৰ পাছতে প্ৰশাসনৰ সু-পৰিকল্পনাৰ অভাৱত পানীৰ তলত ডিব্ৰুগড় চহৰ ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰো অংশ বিশেষ এতিয়া পানীৰ তলত । ডিব্ৰুগড় চহৰৰ বিভিন্ন বিভাগীয় চৰকাৰী কাৰ্যালয়ৰ ভিতৰত সোমাইছে কৃত্ৰিম বানৰ পানী । বিভিন্ন বিদ্যালয়, সামাজিক বনানীকৰণ বন সংমণ্ডলৰ কাৰ্যালয়, ডিব্ৰুগড় আদালতৰ কাৰ্যালয়ৰ চৌহদ, পুলিচ ৰিজাৰ্ভ, জনস্বাস্থ‍্য কাৰিকৰী বিভাগকে ধৰি ডিব্ৰুগড়ৰ মূল পথসমূহত একাঁঠু পৰ্যন্ত পানী ।

ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা এই অভাৱনীয় পৰিস্থিতিক লৈ অসহায় ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসন । মূলতঃ ডিব্ৰুগড় চহৰত বিজ্ঞানসন্মতভাৱে নলা নিৰ্মাণ নকৰা বাবেই এটা দিনৰ নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ কৃত্ৰিম বানৰ ফলত জনজীৱন ব্যাহত হৈছে ।

উল্লেখ্য যে পূৰ্বে এইদৰে ডিব্ৰুগড় চহৰ ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত পৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লগতে ইজনৰ পাছত সিজন মন্ত্ৰী আহি বিভিন্ন সময়ত পৰ্যালোচনা সভা অনুষ্ঠিত কৰে । কিন্তু কৃত্ৰিম বানৰ সমস্যা সমস্যা হৈয়ে ৰ'ল । ইতিমধ্যে ডিব্ৰুগড় চহৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ঠাই কৃত্ৰিম বানত বুৰ গৈছে । যদি নেৰা নপেৰাকৈ বৰষুণ দি থাকে তেতিয়াহ'লে কম সময়ৰ ভিতৰত ডিব্ৰুগড় চহৰ সম্পূৰ্ণ ৰূপত কৃত্ৰিম বানে বুৰাই পেলোৱাটো নিশ্চিত ।

কোনো এখন চৰকাৰে কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে

এটা দিন নেৰানেপেৰা বৰষুণ দিয়াৰ পাছতে ডিব্ৰুগড় চহৰ কৃত্ৰিম বানৰ কৱলত পৰাত ডিব্ৰুগড় চহৰৰ এগৰাকী সচেতন ৰাইজে কয়, "ব'হাগ মাহতেই কৃত্ৰিম বানত ডিব্ৰুগড় চহৰৰ ৰাইজ জুৰুলা হ'বলগা হৈছে । ই অতি দুখজনক কথা হৈছে । প্ৰতিবছৰে ডিব্ৰুগড় চহৰত কৃত্ৰিম বান হয় যদিও কোনো এখন চৰকাৰে কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে । ফলত ডিব্ৰুগড় চহৰত কোটি কোটি টকাৰে নলা নিৰ্মাণ কৰা হৈছে যদিও সফল হ'ব নোৱাৰিলে । এজাক বৰষুণৰ পাছতেই বিদ্যালয় বন্ধ ঘোষণা কৰিবলগা হৈছে । অহা বাৰিষাত কিমান ভয়ংকৰ পৰিস্থিতি হ'ব তাক লৈ চিন্তিত হৈছে ডিব্ৰুগড়ৰ ৰাইজ ।"

লগতে পঢ়ক :দিল্লীৰ লালা ৰাজপথ ৰায় মাৰ্গৰ এটা উপ-পথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে - ABSU ON PAHALGAM ATTACK
লগতে পঢ়ক :পুনৰ গৰজিল আৰক্ষীৰ বন্দুক, পিছে এইবাৰ কালৈ লক্ষ্য কৰি আৰক্ষীয়ে ফুটালে গুলী - JORHAT MOB LYNCHING CASE