ETV Bharat / state

আৰক্ষীয়ে মুকলি কৰিবনে শৃংখল চলিহাক ? - SHRINGKHAL CHALIHA RELEASE

আৰক্ষীৰ এখন বলেৰ’ বাহনত বহাই লৈ ডিব্ৰুগড়-শিৱসাগৰ সীমান্তৰ দিশে নিয়া হৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ৷

SHRINGKHAL CHALIHA release
শৃংখল চলিহা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2025 at 10:29 PM IST

3 Min Read

মৰাণ: আটক কৰাৰ কেইটামান ঘণ্টা অতিক্ৰম কৰাৰ পিছতে মুকলি কৰা হ’ব বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক ৷ দুলীয়াজানলৈ গৈ থকা অৱস্থাত আদবাটতে আৰক্ষীয়ে শুকুৰবাৰে আটক কৰিছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক ৷

ইয়াৰ পিছৰে পৰা সংগঠনটোৰ নেতা-কৰ্মীৰে ভৰি পৰিছিল ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷

বাতৰি লিখাৰ সময়লৈকে শৃংখল চলিহাক ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা তিনিখন বিলাসী বাহনসহ আৰক্ষীৰ এখন বলেৰ’ বাহনত উঠাই ডিব্ৰুগড়-শিৱসাগৰ সীমান্তত মুকলি কৰি দিবলৈ লৈ যোৱা হৈছে । ডিব্ৰুগড়-শিৱসাগৰৰ সীমাতে মুকলি কৰি দিয়া হ’ব নেতাগৰাকীক ৷ এই কথা জানিবলৈ দিছে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে ।

উল্লেখযোগ্য যে, ১৭ মে’ত দুলীয়াজান থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ’ল পাম্প চাৰ্ভিছ ষ্টেচনত সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ পাছতে শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা বহুকেইটা দাবীৰে কেইবাটাও দল-সংগঠনে ঘোষণা কৰিছিল দুলীয়াজান বন্ধৰ ।

শুকুৰবাৰে ১১ টা সংগঠনে পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ১২ ঘণ্টীয়া দুলীয়াজান বন্ধত স্তব্ধ হৈ পৰে ৰাজপথ । কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বীৰ লাচিত সেনাৰ নেতা-কৰ্মীক আটক কৰে আৰক্ষীয়ে । ডিব্ৰুগড়ৰ প্ৰতিখন আৰক্ষী থানা ভৰি পৰিছিল বীৰ লাচিত সেনাৰ নেতা-কৰ্মী, সমৰ্থকৰে ।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৱদ্ধ কৰি ৰখা হৈছিল শৃংখল চলিহাক

দুলীয়াজান অভিমুখী বীৰ লাচিত সেনাৰ অৰ্ধশতাধিক কৰ্মকৰ্তাক মৰাণ আৰু ডিমৌত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে । বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক মৰাণৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই আটক কৰি ডিব্ৰুগড়লৈ নিছিল আৰক্ষীয়ে ৷

ডিব্ৰুগড় আৰক্ষীয়ে শৃংখল চলিহাক আটক কৰাৰ পাছতে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৱদ্ধ কৰি ৰাখিছিল । কাৰ্যালয়ৰ চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে ৷ তদুপৰি কাৰ্যালয়ত সাংবাদিকৰ লগতে আন কোনো ব্যক্তিৰ প্ৰৱেশতো বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে ৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ আহিছিল যদিও আৰক্ষীয়ে তেওঁকো বাধা প্ৰদান কৰে ৷ সন্ধিয়াৰে পৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বহুসংখ্যক আৰক্ষী, নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল, কিয়নো বীৰ লাচিত সেনাৰ বহু সদস্যৰ লগতে শৃংখল চলিহাৰ সমৰ্থকসকলে তাত ভিৰ কৰিছিল ।

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড়-শিৱসাগৰ সীমান্তত শৃংখল চলিহাক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা বুলি এই মুহূৰ্তত জানিব পৰা গৈছে ।

লগতে পঢ়ক: অ' চিয়ে পঠোৱা "প্ৰেমপত্ৰ" গ্ৰহণৰ পিছতে আটক শৃংখল চলিহাক - SHRINGKHAL CHALIHA DETAINED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.