ডিব্ৰুগড় : অসমীয়াৰ হেঁপাহৰ ব'হাগ বিহুলৈ মাজত বেছি দিন নাই । বিহুক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । ইফালে লোকবাদ্য শিল্পী লগতে বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা লোকসকলৰো ব্যস্ততা বাঢ়িছে । কিয়নো পূৰ্বতকৈ লোকবাদ্য নিৰ্মাণ কৰা শিল্পীৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে । পৰম্পৰাগতভাৱে লোকবাদ্য নিৰ্মাণ কৰা শিল্পীৰ সংখ্যাও আঙুলিৰ মূৰত হিচাপ কৰিব পৰা ধৰণৰ হৈছে । তেনে সময়তে অৱশ্যে এই পৰম্পৰা ধৰি ৰাখিছে এগৰাকী শিল্পীয়ে । লোকবাদ্য নিৰ্মাণ কৰি সেইবোৰ বিক্ৰী কৰি স্বাৱলম্বিতাৰ পথো মুকলি কৰিছে । তেওঁ হৈছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মাহমৰাৰ থুলাই গাঁৱৰ ঢোলৰ ওজা ভূপেন গগৈ ।
ব্যস্ত লোকবাদ্য শিল্পী ভূপেন গগৈ
বিহুৰ আগমনৰ লগে লগে তেওঁৰ ব্যস্ততা দুগুণ বাঢ়িছে । থলুৱা বাদ্যযন্ত্ৰসমূহ নিৰ্মাণ কৰিছে ভূপেন গগৈয়ে । সুদীৰ্ঘ বছৰ ধৰি ভূপেন গগৈয়ে বিহুৰ লগত জড়িত বিভিন্ন লোকবাদ্য নিৰ্মাণ কৰাৰ লগতে 'থলুৱা লোকবাদ্যৰ সম্ভাৰ' নামেৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠানো গঢ়ি তুলি নিজৰ স্বাৱলম্বিতাৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে । শিল্পীগৰাকীয়ে পেঁপা, বাঁহী, গগনা, টকা, সুতুলী আদি লোকবাদ্য নিজে নিৰ্মাণ কৰি ৰাইজৰ বাবে আগবঢ়াই দিছে ।
বৃহত্তৰ টিংখাং অঞ্চলৰ একমাত্ৰ এই লোকবাদ্য প্ৰতিষ্ঠানখনলৈ ৰঙালী বিহুৰ পূৰ্বে গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হয় । অন্য বছৰৰ দৰে এইবাৰো গ্ৰাহকৰ পৰা আশানুৰূপ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ভূপেন গগৈয়ে ।

ভূপেন গগৈৰ লোকবাদ্যৰ সম্ভাৰত একোটা ঢোলৰ মূল্য আকাৰ অনুসৰি ৩ হাজাৰ টকাৰ পৰা প্ৰায় ৯ হাজাৰ টকা । আনহাতে যুৰীয়া ম'হৰ শিঙৰ পেঁপাৰ দাম ৬ হাজাৰ টকাৰ পৰা প্ৰায় ৯ হাজাৰ টকা । উল্লেখ্য যে প্ৰয়াত তুলসী ওজা আৰু গোলাপ ওজাৰ শিষ্য ভূপেন গগৈয়ে বহু বছৰ ধৰি ঢোলবাদ্যৰ সৈতে জড়িত হৈ অসমৰ বিভিন্ন প্ৰান্তত ঢোল বাদন আৰু ঢোলৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ লগতে স্থানীয়ভাৱে বহু যুৱক-যুৱতীক ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ।

এই সন্দৰ্ভত লোকবাদ্য শিল্পী ভূপেন গগৈয়ে কয়, "ঢোল, পেঁপা, বাঁহীৰ পৰা সৰুদৈয়া জাপি আদি সকলো মোৰ বিপণিখনত উপলব্ধ । ঢোলৰ বাদে আন সকলো বিহুৰ বাদ্যযন্ত্ৰ মই নিজে নিৰ্মাণ কৰি আহিছো । প্ৰথমে নিজে ঢোল বজোৱা শিকি পৰৱৰ্তী সময়ত আন বাদ্যযন্ত্ৰসমূহ বজাবলৈ শিকাৰ লগতে নিজে বনাবলৈ চেষ্টা কৰি ৰাইজৰ সমাদৰ লাভ কৰিছো । বিহুৰ বাদ্য নিৰ্মাণ কৰাৰ লগতে বিহুৰ বাদ্যসমূহ নতুন প্ৰজন্মক শিকোৱাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছো ।"

লগতে পঢ়ক :ৰঙালীক লৈ ভীষণ ব্যস্ত বাইহাটাৰ জিতুল চমুৱা - MAKING FOLK INSTRUMENTS FOR BIHU