ETV Bharat / state

অসমত বলীয়া কুকুৰৰ ৰাজত্ব চলিছে: ৰকিবুল হুছেইন

প্ৰশাসনৰ বাধা স্বত্বেও ৰূপহীহাটত কংগ্ৰেছৰ দলীয় সভা । ৰকিবুল হুছেইনৰ আক্ৰমণ সন্দৰ্ভত চৰকাৰক সমালোচনা কংগ্ৰেছৰ ।

Rakibul Hussain attack
নগাঁৱত কংগ্ৰেছৰ দলীয় সভা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 10:39 AM IST

4 Min Read
Choose ETV Bharat

নগাঁও : নগাঁৱৰ ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে দেওবাৰে ৰূপহীহাটৰ হাতীপুখুৰীত প্ৰশাসনৰ বাধা অতিক্ৰম কৰি অনুষ্ঠিত হ'ল কংগ্ৰেছৰ দলীয় সভা । হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ উদ্যোগত আয়োজিত সভাৰ অনুমতি আইন শৃংখলাজনিত কাৰণত প্ৰশাসনে বাতিল কৰি পুৱাই মাইকযোগে স্থানীয় আৰক্ষীয়ে ঘোষণা কৰাৰ পাছতে হাতীপুখুৰীৰ এগৰাকী কংগ্ৰেছ কৰ্মীৰ বাসগৃহত অনুষ্ঠিত হয় কংগ্ৰেছৰ দলীয় সভা ।

সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সভাৰ আলোচনাৰ উদ্দেশ্যে দেওবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ দলীয় সভাত সাংসদ ৰকিবুল হুছেইনৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক নুৰুল হুদাও উপস্থিত থাকি ৰূপহীহাট কাণ্ডক লৈ চৰকাৰ, প্ৰশাসনৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰে । বিশেষকৈ ৰূপহীহাটত সাংসদৰ লগতে সাংসদৰ দেহৰক্ষীকো প্ৰহাৰ কৰা ঘটনাৰ গোচৰত হস্তক্ষেপ কৰা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবীও উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে ।

নগাঁৱত কংগ্ৰেছৰ দলীয় সভা (ETV Bharat)

মুখ্যমন্ত্ৰীয়ে এতিয়া ক্ষমতা প্ৰয়োগেৰে গোচৰৰ তদন্তকাৰী বিষয়াৰ কাম কৰি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে । দলীয় কৰ্মীসভাত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীৰ ভাষাৰেই ৰোৱা বুলি উল্লেখ কৰি অসমত এতিয়া বলীয়া কুকুৰৰ ৰাজত্ব চলা বুলি এক বিস্ফোৰক মন্তব্য কৰে । লগতে মুখ্যমন্ত্ৰীক সবাতোকৈ ভয়াতুৰ মুখ্যমন্ত্ৰী আখ্যা দি এবাৰ বিৰোধীত থাকি ৰাজনীতি কৰি দেখুৱাবলৈ আহ্বান জনায় ৰকিবুল হুছেইনে ।

"অস্তিত্বৰ সংকটত মুখ্যমন্ত্ৰী"

আনকি হিন্দী চিনেমাৰ উদ্ধৃতি ৰকিবুল হুছেইনে কয়, "যেতিয়া যাৰ পাল্লা ভাৰি দেখে তাৰেই কাষ চাপে তেওঁ । তেওঁ বিৰোধীত থাকিব নোৱাৰে । কাৰণ অপকৰ্ম ইমানেই বেছি কৰিছে যে ক্ষমতাত নাথাকিলে এদিন ৰাইজে তেওঁক দৌৰাই দৌৰাই বিচাৰ কৰিব । তেওঁ নিজে এতিয়া অস্তিত্বৰ সংকটত ভুগিছে । সেয়ে যিকোনো প্ৰকাৰে ক্ষমতাত থাকিব বিচাৰে ।"

আন্দোলন কৰিব কংগ্ৰেছে

ৰূপহীহাটত কংগ্ৰেছী সাংসদক কৰা আক্ৰমণত জড়িতসকলক কৰায়ত্ত কৰিব নোৱাৰে বুলিও উল্লেখ কৰে ৰকিবুল হুছেইনে । তেওঁ কয়,"ৰূপহীহাট কাণ্ডত জড়িতসকল এতিয়া মুখ্যমন্ত্ৰীৰ ডিঙিৰ কাঁইট হৈ পৰিছে । তলতো নাযায়, ওপৰতো নাযায় । ঘটনাত জড়িতসকলক গ্ৰেপ্তাৰ কৰিলেই নিজৰ নাম ওলাই যোৱাৰ ভয় আছে হিমন্ত বিশ্ব শৰ্মাৰ ।" ঘটনা সন্দৰ্ভত ইতিমধ্যেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীকো অৱগত কৰোৱাৰ কথাও উল্লেখ কৰি আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত বিশাল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে সাংসদ ৰকিবুল হুছেইনে ।

ড্ৰাগছ ব্যৱসায়ীক ৰক্ষণাবেক্ষণ

দেওবাৰে ৰূপহীহাটৰ হাতীপুখুৰীত অনুষ্ঠিত কংগ্ৰেছৰ দলীয় সভাত অংশগ্ৰহণ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ো মুখ্যমন্ত্ৰীৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে । সংবাদ মাধ্যমৰ সন্মুখত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, "প্ৰণালীগতভাৱে ৰাজপথত ৰকিবুল হুছেইনক হত্যা কৰাৰ বাবে আক্ৰমণ কৰা হৈছে । আৰক্ষীৰ ছত্ৰছায়াত থাকি কৰা এনে অত্যাচাৰৰ বিৰুদ্ধে আজি সকলো একত্ৰিত হৈছে । ৰকিবুল হুছেইনে এজাহাৰত ২৪ গৰাকীক অভিযুক্ত কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে মাত্ৰ ১০ জনৰ নাম ঘোষণা কৰিছে । ঘটনাত জড়িত ড্ৰাগছ ব্যৱসায়ী তজমুলৰ নামেই প্ৰকাশ নাপালে মুখ্যমন্ত্ৰীৰ তালিকাত । এনে ড্ৰাগছ ব্যৱসায়ী, চোৰ, ডকাইতক ৰক্ষণাবেক্ষণ দি মুখ্যমন্ত্ৰীয়ে ভেৰণীয়া গুণ্ডা হিচাপে নিয়োজিত কৰি আহিছে ।"

কংগ্ৰেছৰ দলীয় সভাখনত অংশগ্ৰহণ কৰি বৰ্তমানৰ স্থানীয় বিধায়ক নুৰুল হুদাইয়ো ৰকিবুল হুছেইনৰ আক্ৰমণত জড়িতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । ৰূপহীহাটৰ হাতীপুখুৰীত কংগ্ৰেছৰ সভাৰ অনুমতি বাতিল কৰা বুলি উল্লেখ কৰি সভালৈ ৰাইজৰ সমাগম নিষিদ্ধ কৰি মাইকযোগে ঘোষণা কৰাৰ পাছতো দলীয় সভা অনুষ্ঠিত হোৱাৰ সময়ত সমগ্ৰ ৰূপহীহাট অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে জিলা প্ৰশাসনে । সভাখনত জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া, কংগ্ৰেছ নেতা হাইদৰ আলীৰ লগতে মতিউৰ ৰহমান, ছাইফুল ইছলামসহ কেইবাগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :কেতিয়া জালত পৰিব ৰূপহীহাটকাণ্ডৰ অভিযুক্ত ? প্ৰশ্ন বহুজনৰ - RAKIBUL HUSSAIN ATTACK