ETV Bharat / state

হনুমান মন্দিৰত গো-মাংস উদ্ধাৰৰ ঘটনা: ধুবুৰীত শাম কাটিছে উত্তেজনাপূৰ্ণ পৰিস্থিতি - DHUBRI BEEF CASE

লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ধুবুৰীৰ পৰিস্থিতি । ধুবুৰীৰ বালুৰচৰত হনুমান মন্দিৰৰ কাষত সন্দেহজনক গো-মাংস উদ্ধাৰক লৈ সৃষ্টি হৈছিল উত্তেজনাপূৰ্ণ পৰিস্থিতি ।

Dhubri beef case
ধুবুৰীত হনুমান মন্দিৰৰ কাষত বিশেষ মাংস উদ্ধাৰক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 8:52 PM IST

4 Min Read

ধুবুৰী: ক্ৰমাৎ স্বাভাৱিক হৈছে ধুবুৰীৰ পৰিস্থিতি । মঙলবাৰে আবেলি জিলা আয়ুক্তই ধুবুৰীত ১৬৩ ধাৰা উঠাই লোৱাৰ কথা ঘোষণা কৰাৰ পিছতে ধুবুৰী চহৰত সকলো দোকান-পোহাৰ খোলা হৈছে ৷ যাৰ বাবে লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ধুবুৰীৰ পৰিস্থিতি । জিলা আয়ুক্তৰ সভাপতিত্বত ধুবুৰীৰ সকলো ধৰ্মৰ নাগৰিকৰ সৈতে অনুষ্ঠিত পৰ্যালোচনা সভাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ধুবুৰী জিলা প্ৰশাসনে ।

উল্লেখ্য যে সোমবাৰে পুৱা ধুবুৰী জিলাৰ বালুৰচৰস্থিত হনুমান মন্দিৰৰ কাষত সন্দেহজনক গো-মাংস সদৃশ বস্তু উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । মন্দিৰৰ কাষত এইধৰণৰ বস্তু পোৱাক লৈ স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয় আৰু শ শ স্থানীয় ৰাইজে ঘটনাস্থলীত সমবেত হৈ কৰা প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰে ।

ধুবুৰীত শাম কাটিছে উত্তেজনাপূৰ্ণ পৰিস্থিতি (ETV Bharat Assam)

উত্তেজিত ৰাইজে ঘটনাস্থলীৰ ওচৰত থকা ৰাজপথ বাঁহেৰে বন্ধ কৰি দিয়ে । আনহাতে, প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ । ফলত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰু উত্তেজিত জনতাক নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়া, ধুবুৰীৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হয় ।

ইফালে আৰক্ষীয়ে সন্দেহজনক গো-মাংস সদৃশ বস্তুখিনি সংগ্ৰহ কৰি তদন্তৰ বাবে লৈ যাব খোজোঁতে ক্ষুব্ধ ৰাইজে বাধা প্ৰদান কৰে । তেওঁলোকে দাবী কৰে যে দোষীক চিহ্নিত কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগিব আৰু যিমান দিনলৈ তদন্ত সম্পূৰ্ণ নহয় সিমান দিন পৰ্যন্ত বস্তুখিনি তাৰ পৰা আঁতৰাব নালাগে ।

Dhubri beef case
প্ৰশাসনৰ নিৰ্দেশনা (ETV Bharat Assam)

ঘটনাস্থলীত ৰাইজে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক কৰায়ত্ত কৰাৰ দাবীত সোচ্চাৰ হয় । অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যাপকভাৱে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে । আনহাতে, স্থানীয় ৰাইজে এই ঘটনাক উদ্দেশ্যপ্ৰণোদিত আৰু ধৰ্মীয় উত্তেজনা সৃষ্টিৰ চেষ্টা বুলি উল্লেখ কৰি ইয়াৰ এক নিৰপেক্ষ তদন্তৰো দাবী জনায় ।

ইয়াৰ মাজতে ধুবুৰী জিলা আয়ুক্তই ৰাইজক উদ্দেশ্যি উৰাবাতৰিত কাণ নিদিবলৈ আহ্বান জনায় । সমগ্ৰ ঘটনাৰ প্ৰতি চোকা দৃষ্টি ৰখাৰ উপৰি চি আৰ পি এফৰ সহযোগত ধুবুৰী চহৰখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ ব্যৱস্থা কৰে জিলা আয়ুক্তই ।

চহৰখনত সুৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণে নিৰাপত্তৰক্ষী থকা বুলি দাবী কৰাৰ সমান্তৰালকৈ প্ৰয়োজনবোধে বাহিৰৰ পৰা নিৰাপত্তা বাহিনী অনাৰো পদক্ষেপ লোৱা হ'ব বুলি সদৰী কৰে জিলা আয়ুক্ত দিবাকৰ নাথে ।

তেওঁ কয়, "মই সমগ্ৰ ধুবুৰীবাসীক এটা কথায়ে ক'ব বিচাৰোঁ যে মোৰ সৈতে এছ পি চাহাব আৰু চি আৰ পি এফ কমাণ্ডেণ্ট চাহাবো আছো, সকলোৱে শান্তি বজাই ৰাখক । এয়া অধিক আবেগিক হোৱাৰ সময় নহয় । পৰিস্থিতি শান্তিপূৰ্ণ কৰি ৰাখিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ । ইতিমধ্যে ১৪৪ ধাৰা বলৱৎ কৰা হৈছে । সকলোৱে ঘৰৰ ভিতৰত থাকক । আৰু এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক । কোনো দুষ্কৃতিকাৰীৰ এই অসৎ কামৰ বাবে সকলোৱে উত্তেজিত হোৱাৰ কোনো কাৰণ নাই ।"

নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে কয়, "আমি পৰ্যাপ্ত পৰিমাণে নিৰাপত্তা বাহিনী মোতায়েন কৰিছোঁ । কিছু বাহিনী বাহিৰৰ পৰাও আহিব আৰু চি আৰ পি এফকো নিয়োগ কৰিছোঁ । মাত্ৰ এটায়ে অনুৰোধ থাকিব যে শান্তিৰে থাকক ।"

আনহাতে, উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ দুই-এঠাইত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হোৱা বুলিও তেওঁ লগতে সদৰী কৰে । জনাসাধাৰণৰ সুৰক্ষাৰ বাবে ইতিমধ্যে ধুবুৰী চহৰত 163(i) BNSS জাৰি কৰা বুলিও জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :বাংলাদেশী অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰেই গুলীয়াওক: ছাত্ৰ সংহতি দিৱসত আছুৰ গৰ্জন - SANGHATI DIVAS IN BONGAIGAON
লগতে পঢ়ক :কোণাৰ্কৰ সূৰ্য মন্দিৰৰ সৈতে সাদৃশ্য থকা এক মন্দিৰ ; য'ত পৰিছিল সতীৰ 'শিৰভাগ' - MAA MALINI THAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.