ETV Bharat / state

৫ টকাৰ ঢোলটো এতিয়া ১০ হাজাৰ হ'ল: বিদ্যাধৰে নেৰিলে হাতৰ বিদ্যা - DHOL TRADERS BUSY MAKING DHOL

জীৱনৰ ৬০ বছৰে অসমীয়া বাপতি সাহোন বিহুৰ ঢোল নিৰ্মাণ কৰাত ব্যস্ত এজন শিল্পী ।

Dhol makers busy with making of Assamese traditional drum in dibrugarh
বিহুৰ ঢোল নিৰ্মাণ কৰাত ব্যস্ত এজন শিল্পী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 21, 2025 at 8:32 PM IST

3 Min Read

ডিব্ৰুগড়: বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী । হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যৰ চৌদিশে এতিয়া ঢোল-পেঁপাৰ লহৰত ৰজনজনাই উঠিছে বিহু আখৰাৰ লগতে বিহু কৰ্মশালাসমূহ । বিহু কৰ্মশালাত ব্যস্ত হৈ পৰিছে নাচনী-ঢুলীয়াসকল । তেনে সময়ত ঢোল বনোৱা শিল্পীসকলৰো বাঢ়িছে ব্যস্ততা । কিয়নো ব'হাগ বিহু মানেই ঢোল ।

অসমীয়া জাতীয় জীৱনৰ অতি গুৰুত্বপূৰ্ণ বাদ্য হ'ল ঢোল । ঢোল অসমীয়া জনজীৱনত কেতিয়াৰ পৰা ব্যৱহাৰ কৰিবলৈ লোৱা হ'ল সেই বিষয়ে নিশ্চিত ৰূপত তথ্য লাভ নকৰিলেও কিন্তু যুগ যুগ ধৰি ৰঙালী বিহুৰ মূল বাদ্য হিচাপে বিবেচিত হৈ আহিছে ঢোল । সেয়ে ৰঙালী বিহু আহি পালেই ঢোল বনোৱাৰ ব্যস্ততা বাঢ়ে শিল্পীসকলৰ ।

বিহুৰ ঢোল নিৰ্মাণ কৰাত ব্যস্ত এজন শিল্পী (ETV Bharat Assam)

৬০ বছৰে কেৱল ঢোল নিৰ্মাণ কৰাত ব্যস্ত এজন শিল্পী:

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ৰ ডিকম বজাৰত এতিয়া ঢোল বনোৱাত ভীষণ ব্যস্ত বিদ্যাধৰ ৰবি দাস নামৰ শিল্পীজন । ১৯৬৭ চনৰ পৰাই ঢোল বনাই আহিছে ব্যক্তিজনে । জীৱনৰ ৬০ বছৰে কেৱল অসমীয়াৰ বাপতি সাহোন বিহুৰ বাবে ঢোল নিৰ্মাণ কৰাত ব্যস্ত এইজন শিল্পী । বিহু আহি পালেই ডিকম বজাৰৰ ব্যক্তিজনৰ দোকানত ঢোল কিনা আৰু ঢোল মেৰামতি কৰা লোকৰ ভিৰ বাঢ়ে ।

৫ টকাৰ পৰা ঢোল বনাই বৰ্তমান সময়লৈকে ঢোল বনাই পৰিয়াল চলাই আহিছে শিল্পীজনে । পূৰ্বে ৫ টকাত ঢোল বিক্ৰী কৰা ব্যক্তিজনে এতিয়া ১০ হাজাৰত বিক্ৰী কৰে ঢোল । কেৱল ঢোলেই নহয়, মৃদঙো নিৰ্মাণ কৰি আহিছে তেওঁ । ডিব্ৰুগড়, তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবছৰে ব্যক্তিজনৰ প্ৰতিষ্ঠানত ঢোল বনাবলৈ আহে বিভিন্নজন । মুঠৰ ওপৰত নতুন প্ৰজন্মক ঢোল বনাই আৰু মেৰামতি কৰি দিয়া বিদ্যাধৰ ৰবি দাস সকলোৰে পৰিচিত ।

১৯৬৭ চনৰ পৰাই ঢোল বনাই আহিছে বিদ্যাধৰ ৰবি দাসে:

জীৱনৰ ৬০ বছৰে কেৱল অসমীয়াৰ বাপতি সাহোন বিহুৰ ঢোল নিৰ্মাণ কৰি পৰিয়াল পোহপাল দিবলৈ সক্ষম হোৱা শিল্পীজনে কয়, "১৯৬৭ চনৰ পৰাই ঢোল বনাই আহিছো । মোৰ ইয়াত তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ঢোলৰ লগতে মৃদং বনাবলৈ ৰাইজ আহে । পূৰ্বে এটা ঢোল ৫ টকাত বিক্ৰী কৰিছিলো যদিও এতিয়া এটা ১০ হাজাৰ টকাত বিক্ৰী হয় । প্ৰতি বছৰৰ দৰে এইবাৰো ঢোল কিনিবলৈ আৰু বনাবলৈ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে ।"

লগতে পঢ়ক: জে এম চি এইচৰ ৰোগীৰ সুবিধাৰ্থে বিশেষ অনুদান ঔষধ ব্যৱসায়ী সন্থাৰ - JORHAT DRUG DEALERS ASSOCIATION

ঐতিহাসিক হজৰত লংগৰ আউলিয়াৰ মাজাৰ: আধ্যাত্মিক চেতনাৰে মনোবাঞ্ছা পূৰণৰ এক দৰ্শন ক্ষেত্ৰ - HISTORICAL HAZRAT LANGAR MAZAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.