ETV Bharat / state

পাঁচ শতাধিক ঢোলৰ অৰ্ডাৰ লৈ বিহুলৈ সাজু শম্ভূ দাস - Dhol Ready For Bihu

Dhol Ready For Bihu: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰঙালী বিহুৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে বাদ্য ভাণ্ডাৰসমূহত । প্ৰায় পাঁচশৰো অধিক ঢোলৰে ৰঙালী বিহুলৈ সাজু হৈছে ধেমাজিৰ অমূল্য বাদ্য ভাণ্ডাৰৰ স্বত্বাধিকাৰী শম্ভূ দাস ।

Sambhu Das is ready for Bihu with orders of five hundred Dhol in Dhemaji
পাঁচ শতাধিক ঢোলৰ অৰ্ডাৰ লৈ বিহুলৈ সাজু শম্ভূ দাস
author img

By ETV Bharat Assamese Team

Published : March 30, 2024 at 2:23 PM IST

2 Min Read
Choose ETV Bharat
পাঁচ শতাধিক ঢোলৰ অৰ্ডাৰ লৈ বিহুলৈ সাজু শম্ভূ দাস

ধেমাজি, ৩০ মাৰ্চ : অসমীয়া হেঁপাহৰ ৰঙালী বিহুলৈ মাজত প্ৰায় এপষেক । গছৰ ডালে ডালে কুলি-কেতেকীৰ অমিয়া মাত আৰু বিহু আখৰাতলীত ঢোলৰ গুমগুমনিয়ে কঢ়িয়াই আনিছে ৰঙালীৰ বতৰা ৷ শিপিনী ব্যস্ত তাঁতশালত । ঢোল-পেঁপা, গগনা গোটোৱাত ব্যস্ত বিহুৱা নাচনী । চৌদিশে মাথোঁ ৰঙালীক আদৰাৰ ব্যাপক ব্যস্ততা ।

ৰঙালী বিহুৰ আটাইতকৈ প্ৰয়োজনীয় লোকবাদ্যবিধেই হৈছে ঢোল ৷ ঢোলত চাপৰ ঠিকমতে নপৰিলে নাচনীৰ লাহী কঁকাল নাভাঙে ৷ প্ৰকৃততে ক’বলৈ গ'লে ঢোলেহে আনে ৰঙালী বিহুৰ মাদকতা ৷ সেয়ে বিহুৰ প্ৰাকমুহূৰ্তত বিভিন্ন ঢোলৰে সৰু বৰ বিপণীসমূহ ভৰি পৰিছে ৷

ধেমাজি জিলাৰ ভিতৰতে বিখ্যাত অন্যতম ঢোলৰ ব্যৱসায় প্ৰতিষ্ঠান হৈছে মাছখোৱা চাৰিআলিত থকা অমূল্য বাদ্য ভাণ্ডাৰ ৷ এই অমূল্য বাদ্য ভাণ্ডাৰত ঢোল, খোল, তবলা, নেগেৰা আদি সকলো লোকবাদ্য নিৰ্মাণ কৰে ৷ বিপনীখনৰ স্বত্বাধিকাৰ শম্ভূ দাসে জানিবলৈ দিয়া অনুসৰি অমূল্য বাদ্য ভাণ্ডাৰত এইবেলি বিহুৰ বাবে লাভ কৰিছে পাঁচশৰো অধিক ঢোল ৷

ব্যৱসায় প্ৰতিষ্ঠানটোৱে ঢোলসমূহ পাইকাৰী হিচাপে বিক্ৰী কৰাই নহয় খুচুৰা হিচাপেও বিক্ৰীও কৰে বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰী শম্ভূ দাসে ৷ ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট, ডিব্ৰুগড়, মাজুলী আদি আন আন জিলাৰ লোকসকলেও সম্ভূ দাসৰ ঢোল বিচাৰি ভিৰ কৰে বিপনীখনত ৷

নিম্নতম ৫০০ টকা মূল্যৰ পৰা ৮০০০ হাজাৰ টকা পৰ্যন্ত মূল্যৰ ঢোল বিক্ৰী কৰে প্ৰতিষ্ঠানটোৱে ৷ এতিয়া বিহুৰ বতৰত পাঁচ ছয়জন লোকক লৈ একেলগে দিনে-নিশাই ঢোল নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে শম্ভূ দাসৰ বাদ্য ভাণ্ডাৰ ৷

লগতে পঢ়ক: ঢোল-পেঁপাৰ মাতত কঁপিছে পানীতোলা: কঁকাল ভাঙি নাচিবলৈ ওলাই আহিল কণমানিও