হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ড: চাৰিবছৰৰ অন্তত ন্যায় পালে নন্দিতাৰ পৰিয়ালে
ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰ । ২০২১ বৰ্ষৰ ২১ আগষ্টত হত্যা কৰিছিল নন্দিতাক ৷

Published : August 21, 2025 at 9:09 AM IST
|Updated : August 21, 2025 at 3:10 PM IST
ধেমাজি : অৱশেষত ৰায় দিলে আদালতে ৷ ২০২১ চনতে মৰিধল মহাবিদ্যালয়ৰ নন্দিতা শইকীয়া নামৰ ছাত্ৰীগৰাকীক ঘপিয়াই হত্যা কৰা ৰিণ্টু শৰ্মা নামৰ হত্যাকাৰীটোক বৃহস্পতিবাৰে আদালতে মৃত্যুদণ্ডৰ ৰায়েৰে দণ্ডিত কৰিছে ৷ ছাত্ৰীগৰাকীৰ পৰিয়ালে সম্পূৰ্ণ ৪ বছৰৰ অন্তত লাভ কৰিলে ন্যায় । ৪ বছৰীয়া গোচৰটোত ধেমাজিৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বুধবাৰে মৰিধল মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ কৰ্মচাৰী তথা অভিযুক্ত ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰে । ভাৰতীয় দণ্ড বিধি ৩৪১/৩২৬/৩০৭/৩০২ৰ অধীনত দোষী সাব্যস্ত হয় নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মা ৷ আজি (বৃহস্পতিবাৰ) আদালতে হত্যাকাৰী ৰিণ্টু শৰ্মাৰ শাস্তি ঘোষণা কৰে ৷
ঘটনাটো কি আছিল ?
আজিৰ পৰা ৪ বছৰ পূৰ্বে অৰ্থাৎ ২০২১ বৰ্ষৰ ২১ আগষ্টত মৰিধল মহাবিদ্যালয়ৰ পৰা সহপাঠীৰ সৈতে ঢকুৱাখানাৰ ঘৰলৈ ঘূৰি আহি আছিল নন্দিতা শইকীয়া, কস্মিনা দত্ত আৰু পিতৃ দেৱ দত্ত । সেই সময়ত ধেমাজি নগৰৰ এখন ফাৰ্মাচীৰ সন্মুখত দিন দুপৰতে এখন দাৰে পৰিকল্পিতভাৱে ৰিণ্টু শৰ্মাই উপৰ্যুপৰি আক্ৰমণ কৰিছিল নন্দিতা শইকীয়া, কস্মিনা দত্তৰ লগতে পিতৃ দেৱ দত্তক । মূমূৰ্ষ অৱস্থাত নন্দিতা শইকীয়াক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰিছিল যদিও মৃত্যুৰে যুঁজি অৱশেষত ২৫ আগষ্টত নন্দিতা শইকীয়াৰ মৃত্যু হৈছিল । ইফালে আক্ৰমণৰ বলি হোৱা সহপাঠী কস্মিনা দত্তৰ পিতৃ দেৱ দত্তৰ এজাহাৰৰ ভিত্তিতে চলা গোচৰৰ আদালতে ৰায়দান দিয়ে ।
এইক্ষেত্ৰত চৰকাৰী অধিবক্তা আজয় ফোগলাই গোচৰ সম্পৰ্কত কয, "নন্দিতা শইকীয়াৰ হত্যাৰ গোচৰৰ আজি ৰায়দানৰ কথা আছিল ৷ গোচৰটো আছিল এনেধৰণৰ-২১/৮/২০২১ৰ মৰিধল মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰী নন্দিতা শইকীয়া আৰু কস্মিনা দত্তই হিন্দী পৰীক্ষা দি কস্মিনা দত্তৰ পিতৃ দেৱ দত্তৰ লগত বাইকত উঠি ঘৰলৈ উভতি আহিছিল ৷ তাৰ পাছত ধেমাজি এ এছ টি চি বাছ আস্থানৰ বিপৰীতে ড্ৰাগ হাউচৰ কাষৰ হোটেলত চাহ খাবলৈ বুলি মটৰ চাইকেলখন ৰখাই পাৰ্ক কৰিবলৈ নৌপাওঁতেই মৰিধল কলেজৰ ৰিণ্টু শৰ্মা নামৰ চতুৰ্থ বৰ্গত কৰ্মৰত এজন লোকে পূৰ্ব পৰিকল্পিতভাৱে হাতত লৈ অহা এখন দাৰে প্ৰথমে দেৱ দত্তৰ মূৰ আৰু হাতত আঘাত কৰে । পিছত কস্মিনা দত্তই আগবাঢ়ি অহাত তাইক আক্ৰমণ কৰে আৰু পিছত নন্দিতা শইকীয়াক মূৰত উপৰ্যুপৰি আঘাত কৰে । পৰৱৰ্তী সময়ত ৰাইজ আৰু প্ৰশাসনৰ সহযোগত তেওঁক কৰায়ত্ত কৰে ।"
লগতে পঢ়ক :টাডা গোচৰত ৩৮ জনক দোষমুক্ত আদালতৰ : কোন কোন হ'ল দোষমুক্ত ? - ASSAM TADA CASE

