মিচিং স্বায়ত্ত পৰিষদৰ দুৰ্নীতিৰ চি বি আই তদন্ত হওক : কৃষক মুক্তি - KMSS Protest in Dhemaji
KMSS Protest: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি ছৈফ পাৱক হানি-খুচি হত্যা কৰাৰ চেষ্টা চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতি । দোষীক উপযুক্ত শাস্তি প্ৰদান দাবী প্ৰতিবাদীৰ ।

Published : July 31, 2024 at 10:21 PM IST
ধেমাজি,৩১ জুলাই: ধেমাজি জিলাৰ জোনাইত এখন আৰ টি আই আবেদনক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি ছৈফ পাৱক হানি-খুচি হত্যাৰ চেষ্টা চলোৱাৰ পিচত আজি পৰ্যন্ত দোষীক গ্ৰেপ্তাৰ নকৰাৰ বিৰুদ্ধে বুধবাৰে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিয়ে ৷ মিচিং স্বায়ত্ত পৰিষদৰ দুৰ্নীতিৰ চি বি আই তদন্ত কৰক, ধেমাজি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন হায় হায়, ৰণোজ পেগু হায় হায় আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ৷
এজহাৰ দাখিলৰ পিচতো গোচৰ পঞ্জীয়ন নকৰাত ক্ষোভ:
ভুক্তভোগীয়ে জোনাই আৰক্ষী থানাত এজহাৰ দাখিল কৰাৰ পিচতো জোনাই আৰক্ষী থানাই গোচৰ পঞ্জীয়ন নকৰাত জোনাই আৰক্ষীক তীব্ৰ সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ জখম হোৱা ছৈফ পাৱক জোনাই পৰা উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পিচত ভুক্তভোগী ছৈফ পাৱৰ পত্নী আৰু তেওঁ জোনাই আৰক্ষী থানাত তৰা গোচৰৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।
বিধায়ক ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধে অভিযোগ:
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উক্ত ঘটনাৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আইনী ব্যৱস্থা ল'বৰ বাবে দাবী জনায় । তেওঁ কয়,"বিধায়ক ডাঃ ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগুৰ ছত্ৰছায়াত MAC ত ভয়ংকৰ দুনীৰ্তি চলি আছে । MAC ৰ অধীনত চলি থকা এনে দুনীৰ্তিৰ তথ্য বিচৰাটোৱে কাল হ’ল ছৈফ পাৱৰ ।
তদুপৰি মিচিং জনগোষ্ঠীটোৰ জাতীয় সংগঠন TMPK ৰ নেতাসকলক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছিল যে দুৰ্বৃত্ত কেইজন TMPKৰ সদস্য হয় নে নহয় । কিন্তু তাৰো সুদুত্তৰ দিয়া নাই TMPK ই ৷" লক্ষণীয় যে উৎকট গৰমকো নেওচি প্ৰতিবাদত বহিল শতাধিক প্ৰতিবাদকাৰী ৷ অভিযুক্তক গ্ৰেপ্তাৰ নকৰাত ধেমাজি আৰু জোনাই আৰক্ষীক নিন্দা কৰাৰ লগতে RTI তথ্য প্ৰদানৰ পৰা বিৰত থকা মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ওপৰতো এইবাৰ CBIৰ তদন্তৰ কৰিবলৈ দাবী জনায় ৷

