ETV Bharat / state

অসমীয়াৰ বীণখনিক এলাগী হ'বলৈ নিদিয়ে বুদ্ধেশ্বৰ কোঁৱৰে - DHEMAJI FOLK ARTIST

বিহুত ব্যৱহৃত বিভিন্ন বাদ্যৰ ভিতৰত অন্যতম হৈছে বীণ । কিন্তু এই বীণ এতিয়া যেন লোকবাদ্যৰ মাজৰ পৰা হেৰাই যাবলৈ আৰম্ভ কৰিছে ।

Dhemaji Folk artist
অসমীয়াৰ বীণখনিক এলাগী হ'বলৈ নিদিয়ে বুদ্ধেশ্বৰ কোঁৱৰে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 1:31 PM IST

5 Min Read

ধেমাজি : চ'তৰ শেষত ৰঙালীক বৰপীৰা পাৰি আমন্ত্ৰণ জনোৱা এবিধ লোকবাদ্য বা দেৱবাদ্যই হৈছে বীণ ৷ কিন্তু এতিয়া এই বীণখনিক আজিৰ প্ৰজন্মই নিছিনে বা পৰিৱেশনো নকৰে ৷ অসমৰ চহা গ্ৰাম্য জনজীৱনৰ সৈতে জড়িত হৈ থাকে লোকবাদ্যসমূহ ৷ লোকশিল্পীসকলে নিজৰ সৃজনী শক্তিৰে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোহোৱাকৈ বিভিন্ন লোকবাদ্য নিৰ্মাণ কৰি এটা জাতিৰ সংস্কৃতিৰ বৰপেৰা ভৰ্তি কৰে ৷

অসমীয়া চহা জীৱনৰ অভিন্ন উৎসৱৰ ভিতৰত বিহুৱে প্ৰধান ৷ অসমীয়া মানুহৰ তিনিটা বিহুৰ ভিতৰত ৰঙালী বিহুৱে আটাইতকৈ দীঘলীয়াকৈ পালন কৰে ৷ ৭ বিহুত সামৰণি পৰে বুলি কোৱা হয় যদিও আজিকালি পহিলা জেঠলৈকে মঞ্চ বিহুৱে চৌদিশে ৰজনজনাই থাকে ৷ তাৰ পিছতো এই ৰঙালী বিহুৱে কঢ়িয়াই আনে লোকশিল্পীসকলৰ হাতৰ যাদু ।

অসমীয়াৰ বীণখনিক এলাগী হ'বলৈ নিদিয়ে বুদ্ধেশ্বৰ কোঁৱৰে (ETV Bharat)

অসমৰ লোক-সংস্কৃতিৰ প্ৰতি আদৰ

বিভিন্ন লোকশিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠে ম'হৰ শিঙৰ পেঁপা, গগনা, বাঁহী, সুতুলী আৰু সাম্প্ৰতিক সময়ত হেৰাই যাব ধৰা বীণ । পৰিতাপৰ বিষয় যে একালত বিহুৰ অভিন্ন বাদ্য হিচাপে বিবেচিত এইবিধ দেৱবাদ্য তথা লোকবাদ্য এতিয়া বিহুৰ নামৰ লগত এলাগী হৈ পৰিছে । পিছে বিহুৰ এই বিশ্বায়নৰ সময়তো তাহানিৰ এই লোকবাদ্য আজিও নিৰৱে নিৰ্মাণ কৰি সুযোগ পালে বিভিন্ন ঠাইত পৰিৱেশনো কৰি আহিছে ধেমাজিৰ এগৰাকী লোক সংস্কৃতিৰ সাধক তথা শিল্পী চৌখাম গাঁৱৰ বুদ্ধেশ্বৰ কোঁৱৰে ৷ কোঁৱৰে সৰুকালৰে পৰা লোকবাদ্য বীণ প্ৰস্তুত কৰাৰ লগতে বিভিন্ন ঠাইত পৰিৱেশন কৰি সমাদৃত হৈছে । অসমৰ বাহিৰতো গৈ লোকবাদ্য বীণ বজাই সন্মান বুটলিবলৈ সক্ষম হোৱা বুদ্ধেশ্বৰ কোঁৱৰে বীণৰ উপৰিও গগনা, বাঁহী, ম'হৰ শিঙৰ পেঁপা, টোকাৰী আদি নিৰ্মাণ কৰে ৷

Dhemaji Folk artist
অসমীয়া বাপতি সাহোন বীণ (ETV Bharat)

সেয়ে ৰঙালী বিহুৰ প্ৰাকক্ষণত লোকশিল্পীগৰাকীয়ে ব্যস্ততা সম্পৰ্কত ইটিভি ভাৰতক কয়,"মই একেবাৰে গ্ৰাম্য পটভূমিতে ডাঙৰ দীঘল হোৱা ব্যক্তি । সৰুৰে পৰা লোকবাদ্য বজাই ভালপাওঁ, প্ৰস্তুত কৰি ভালপাওঁ ৷ শেহতীয়াকৈ অনুভৱ কৰিলো যে বীণ বাদ্যবিধ নতুন প্ৰজন্মই মিউজিয়ামৰ বাহিৰে হয়তো বেলেগত দেখিবলৈ নাপাব ! সেয়ে এই বাদ্য নিজে প্ৰস্তুত কৰি চৰ্চা অব্যাহত ৰাখিছো । ১৯৯০ চন মানতে এই বাদ্য প্ৰস্তুত কৰিম বুলি ভাবিলো ৷

বীণ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী

বীণত ব্যৱহৃত সামগ্ৰীবোৰৰ কথা উল্লেখ কৰি শিল্পীগৰাকীয়ে কয়,"কঁঠাল কাঠৰ পৰা তৈয়াৰ কৰিলে ইয়াৰ মাতটো শুৱলা হয় ৷ মূগা সূতা এডাল দৰকাৰ হ'ব আৰু ঘোঁৰা ফান বা নেজত থকা চুলিৰে ৰেপনিডাল প্ৰস্তুত কৰি লোৱা হয় ৷ বজাবলৈ কেৰাচিন তেলৰ প্ৰয়োজন হয় ৷ মূগা সূতাৰ সৈতে ঘোঁৰা ফানৰ সংঘৰ্ষ হ'লে শব্দৰ সৃষ্টি হয় ৷ বীণৰ উপৰিও ম'হৰ শিঙৰ পেঁপা, গগনা, সুতুলী, টোকাৰী আদি নিৰ্মাণ কৰা লগতে নাৰিকলৰ খোলাৰ বীণ প্ৰস্তুত কৰো ৷ কাঠৰ এইখন বৰবীণ বুলি কোৱা যায় ৷ সৰু বীণ বিধ অন্যান্য ঠাইত দেখিছো কিন্তু কাঠেৰে নিৰ্মাণ কৰা বৰবীণ বিধ অন্যান্য ঠাইত দেখা মনত নপৰে ৷ সেয়ে মৰমত সযতনে ৰাখিছো ৷ বহুকেইজন ব্যক্তিয়ে বীণ লৈ গৈছে আৰু প্ৰস্তুত কৰিবলৈ অৰ্ডাৰ লাভ কৰো ৷ বিহুৰ মঞ্চতেই মই বীণ বজাইছো ৷"

বিভিন্ন মঞ্চত বীণ বজাই সমাদৰ লাভ

তেওঁ কয়, "অসমৰ বাহিৰত গৈছো । উত্তৰ প্ৰদেশৰ 'ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল'ত বিভিন্ন ৰাজ্যৰ লোকবাদ্যৰ পৰিৱেশনৰ প্ৰতিযোগিতা আছিল ৷ তাতে মই বীণ পৰিৱেশন কৰিছিলো আৰু প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলো ৷ সেয়া ২০১৬ চন আছিল ৷ একেদৰে ডেৰাডুনত প্ৰথম স্থান পাইছিলো, গোৱাত ২০২১ চনত গৈছিলো তাতো বীণ বজাই প্ৰথম পুৰস্কাৰ পাইছিলো ৷"

হেৰাই যাব নেকি বীণ ?

লোকশিল্পীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি কয়, "মাজে মাজে অনুমান হয় অসমৰ অন্যান্য লোকবাদ্যৰ লগতে বীণ বাদ্যও হেৰাই যাব নেকি ? বিহুৰ মঞ্চবিলাক য'তে ত'তে সৃষ্টি হৈছে ৷ নামী -দামী শিল্পীসকলক লৈয়ে বিহু মঞ্চৰ সৃষ্টি হোৱা যেন অনুভৱ হয় ৷ আগতে বিহু মঞ্চত হুঁচৰি, বিহুৰ লগতে ঢোল, পেঁপা, বাঁহী আদি লোকবাদ্যসমূহৰ পৰিৱেশন কৰা প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছিল কিন্তু এতিয়া কোনো এখন মঞ্চতে এনেধৰণৰ প্ৰতিযোগিতা দেখা পোৱা নাযায় ৷ সেয়ে লোকশিল্পীসকলক একাষৰীয়া কৰা যেন অনুভৱ হয় ৷ হ'লেও ভালপাওঁ কাৰণে নিৰৱে বজাই থাকো ৷ আমাৰ সেইবিলাক নাই ৷ নিজৰ মনৰ সন্তুষ্টিৰ কাৰণেহে চৰ্চা অব্যাহত ৰাখিছো ৷"

তেওঁ জনোৱা মতে ৰঙালী বিহুৰ বাবে এতিয়ালৈকে প্ৰায় এহাজাৰ গগনা তেওঁ প্ৰস্তুত কৰিছে ৷ বিভিন্ন বিহু আখৰাৰ বাবে ব্যস্ত থকা নাচনীক ২০০-২৫০ দৰতে গগনা বিক্ৰী কৰিছে ৷ সেয়েহে তেওঁ লোকবাদ্য শিল্পীসকলক চৰকাৰৰ সংশ্লিষ্ট বিভাগে গুৰুত্ব দিয়াৰ লগতে নৱপ্ৰজন্মৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :লোকবাদ্যৰে স্বাৱলম্বী শিল্পী ভূপেন গগৈ - DIBRUGARH FOLK ARTIST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.