ETV Bharat / state

মাটি মহিলা সমিতিৰ, বসুন্ধৰাত আবেদনকাৰী মন্ত্ৰীপত্নী: এই "ভুল" কিয় কৰিলে মন্ত্ৰীয়ে

বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ বাবে দান কৰা ভূমিৰ বাবে বসুন্ধৰাত মন্ত্ৰীৰ পত্নীয়ে আবেদন কৰাক লৈ খড়্গহস্ত ঢেকীয়াজুলি মহিলা সজাগতা সমিতি ।

Dhekiajuli Mahila Samiti urges people not to controversy land dispute
ঢেকীয়াজুলি মহিলা সমিতিৰ ভূমি বিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 11, 2025 at 4:32 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ বাবে ঢেকীয়াজুলি মহিলা সজাগতা সমিতিয়ে দান দিয়া মাটি স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ পত্নী শিল্পী আনন্দ সিংহলৰ নামত বসুন্ধৰাত আবেদন কৰাত খড়্গহস্ত হৈ পৰিছে ঢেকীয়াজুলি মহিলা সজাগতা সমিতি ।

বৃহত্তৰ ঢেকীয়াজুলি মহিলা সজাগতা সমিতিয়ে ঢেকীয়াজুলিৰ ৮ নং ৱাৰ্ডস্থিত ঢেকীয়াজুলি নগৰ মহিলা সমিতিৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰাত সভাত উপস্থিত স্থানীয় জাতীয় দল-সংগঠনৰ লগতে মহিলা সমিতিয়ে কোনোপধ্যেই মন্ত্ৰীপত্নীৰ নামত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ মাটি লিপিবদ্ধ হ’বলৈ দিয়া নহ’ব বুলি অংগীকাৰ কৰে ।

ঢেকীয়াজুলি মহিলা সমিতিৰ ভূমি বিবাদ (ETV Bharat Assam)

অৱশ্যে ঘটনা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলে মহিলা সমিতিৰ বিষয়ববীয়াৰ ওচৰত ভুলবশতঃ এনে হ’ল বুলি কৈ ক্ষমা বিচৰাত সমগ্ৰ ঘটনাটোত বিতৰ্ক নকৰিবলৈ ঢেকীয়াজুলি মহিলা সজাগতা সমিতিয়ে সংবাদ মাধ্যমত আহ্বান জনায় । উল্লেখ্য যে ঢেকীয়াজুলিৰ ১ নং ৱাৰ্ডত ঢেকীয়াজুলি মহিলা সজাগতা সমিতিৰ নামত আছে ২২ বিঘা মাটি । উক্ত ২২ বিঘা মাটিৰ ১৭ বিঘা মাটি ইতিমধ্যেই শ্বহীদ স্মাৰকৰ বাবে দান দিয়ে মহিলা সমিতিয়ে । বাকী থকা ৫ বিঘা মাটি বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম নিৰ্মাণৰ বাবে দান দিছিল মহিলা সমিতিয়ে ।

ইতিমধ্যেই প্ৰায় ৭ কোটি টকা ব্যয়সাপেক্ষ বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত । জিঅ’টেকত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ বাবে দান দিয়া মাটিখিনিৰ গৰাকীৰ নাম মন্ত্ৰীৰ পত্নী শিল্পী আনন্দ সিংহল বুলি থকাৰ লগতে তেওঁৰ নামতেই আবেদন কৰা বুলি জানিব পাৰি খড়্গহস্ত হৈ পৰিছে ঢেকীয়াজুলি মহিলা সজাগতা সমিতি ।

সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় বিধায়ক তথা মন্ত্ৰী সিংহলক অৱগত কৰি মাটিখিনি ব্যক্তিগত নামত নহয় মহিলা সজাগতা সমিতিৰ নামত লিখি দিবলৈ আহ্বান জনোৱাত মন্ত্ৰীগৰাকীয়ে এয়া ভুলবশতঃ হ’ল বুলি কৈ ক্ষমা বিচাৰি মন্ত্ৰীৰ পৰিয়ালৰ নামত দান দিয়া মাটি কেতিয়াও লোৱা নহয় বুলি মন্ত্ৰীগৰাকীয়ে জনোৱাত এই সন্দৰ্ভত বিতৰ্ক নকৰিবলৈ ঢেকীয়াজুলি মহিলা সজাগতা সমিতিৰ সম্পাদিকা বিনতা বৰুৱাই সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক: যুদ্ধংদেহী প্ৰস্তুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা বিজেপি মিত্ৰজোঁটৰ - ASSAM PANCHAYAT ELECTIONS 2025

শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কথা মানি চলাটোৱেই প্ৰকৃত মূলমন্ত্ৰ: সপ্তাৰ্শ্ব বৰদলৈ - ASSAM HSLC RESULT 2025