ONGC ৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন পথ অৱৰোধ চুতীয়া ছাত্ৰ সন্থাৰ
২০২২ চনৰ ১ জুলাইত অ'এন জি চিৰ বিৰুদ্ধে আৰম্ভ হৈছিল প্ৰতিবাদ । আজিও সমস্য়াৰ নহ'ল সমাধান ।

Published : February 8, 2025 at 10:16 AM IST
সৰুপথাৰ : আজি পুৱাৰ ভাগতেই ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই কৰিলে অনিৰ্দিষ্টকালীন পথ অৱৰোধ। কুঁৱলী ভেদি ছাত্ৰ সংগঠনটোৱে অ'এন জি চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । সৰুপথাৰ সমজিলাৰ আৰ্থ-সামাজিক উন্নয়ণৰ দাবীৰে অনিৰ্দিষ্টকালীন সৰুপথাৰ অ'এন জি চি কল'নী পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।
শনিবাৰে পুৱা ৫ বজাৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই । পুৱা ৬ বজাত অ'এন জি চিৰ বাহনসমূহ কল'নীৰ পৰা তৈল খাদসমূহলৈ যায় বাবে ৫ বজাৰ পৰাই এইদৰে প্ৰতিবাদ জনায় ।
উল্লেখ্য় যে, যোৱা ২০২২ চনৰ ১ জুলাইৰ পৰা অ'এন জি চিৰ বিৰুদ্ধে সৰুপথাৰ অ'এন জি চি কল'নীৰ সন্মুখত অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ছাত্ৰ সংগঠনটোৱে । ভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই ।
এই প্ৰতিবাদৰ বাবেই অ'এন জি চি কৰ্তৃপক্ষসহ সন্থাৰ প্ৰতিনিধিৰ লগত জিলা আয়ুক্তৰ কাৰ্যালয়ত সেই বৰ্ষৰ ২০২২ চনৰ ২২ জুলাইত এক আলোচনাত মিলিত হয় । অ'এন জি চি কৰ্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰিছিল । কিন্তু বৰ্তমানলৈকে এই দাবীসমূহ সমাধানৰ প্ৰতিশ্ৰতি ৰক্ষা নকৰিল অ'এন জি চিয়ে । যাৰ বাবে পুনৰ সংগঠনটোৱে অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।
ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক ৰক্তিক হাজৰিকাই এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "সৰুপথাৰ সমজিলাত ২৩ টাকৈ অ' এন জি চিৰ তৈল খাদৰ পৰা খাৰুৱা তেল উৎপাদন কৰি দৈনিক কোটি কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । তৎস্বত্বেও সৰুপথাৰ সমজিলাৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । তেওঁলোকে আজিলৈকে সমস্য়াসমূহ সমাধান নকৰিলে ।"
সংগঠনটোৱে উন্নতমানৰ চিকিৎসালয় নিৰ্মাণ, ধৰ্মীয় অনুষ্ঠান, নামঘৰসমূহৰ বাবে এককালীন সাহাৰ্য, সৰুপথাৰ সমজিলাত ২৩ টা তৈলখাদলৈ অহা-যোৱা কৰা মূলপথ নিৰ্মাণ, শিক্ষিত নিবনুৱাসকলক অ'এন জি চিত নিযুক্তি দিয়াৰ দাবী জনাইছে ।

