ETV Bharat / state

শক্তিপীঠৰ পষেকীয়া দুৰ্গোৎসৱত ভক্তৰ ভিৰ, ৩ ঘণ্টাৰ বাবেহে খোলা মন্দিৰৰ দুৱাৰ

Kamakhya Temple : শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা মন্দিৰত পৰম্পৰাগত কুমাৰী পূজা সম্পন্ন । দশমী পূজাত পুৱা ১০ বজাত পুনৰ মন্দিৰৰ দুৱাৰ খোলা হ’ব ।

Durga Puja in Kamakhya Temple
কামাখ্যাধাম লোকাৰণ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 11, 2024 at 4:00 PM IST

|

Updated : October 11, 2024 at 6:56 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১১ অক্টোবৰ: মহিষমৰ্দিনী বন্দনাৰে মুখৰ হৈছে সমগ্ৰ ৰাজ্য । শাৰদীয় দুৰ্গা পূজাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । বিল্ববোধনৰে ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছতে ৰাজ্যজুৰি উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । ৰাজ্য়ৰ শক্তিপীঠৰ লগতে নীলাচলৰ বুকুৰ কামাখ্যা মন্দিৰতো চলিছে দেৱী‌ দুৰ্গাৰ আৰাধনা ।

শুকুৰবাৰে অষ্টমী আৰু নৱমীৰ দিনটোত কামাখ্যা ধাম পুৱাৰে পৰা লোকাৰণ্য হৈ পৰিছে । পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰি কামাখ্যা দেৱালয়ত আশিস ল'বলৈ শাৰী পাতিছে । নিজৰ মনোকামনা পূৰণৰ অৰ্থে মা কামাখ্যালৈ আগবঢ়াইছে পূজা-অৰ্চনা ।

কামাখ্যাধাম লোকাৰণ্য (ETV Bharat Assam)

ইপিনে,মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি আজি পুৱাৰ ভাগত অষ্টমী পূজাৰ লগতে নৱমী পূজা অনুষ্ঠিত হৈছে । অৰ্থাৎ পুৱাই সম্পন্ন হয় সন্ধিপূজা । কুমাৰী পূজা দুপৰীয়া হয় । বৃহস্পতিবাৰৰ নিশাৰে পৰাই মা কামাখ্যাৰ দৰ্শনৰ বাবে বহু ভক্তই ভিৰ কৰিছে । কিন্তু আজি ১২০০-১৩০০ ভক্তকহে মন্দিৰৰ গৰ্ভগৃহত দৰ্শন কৰিবলৈ দিয়া হ'ব বুলি সদৰী কৰিছে মন্দিৰ কৰ্তৃপক্ষই । কিয়নো আজিৰ দিনটো ৩ ঘন্টামানহে মন্দিৰৰ দুৱাৰ খোলা থাকিব ।

উল্লেখ্য় যে বিগত ২৯ ছেপ্টেম্বৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হয় পষেকীয়া দুৰ্গোৎসৱ । এই পষেকীয়া দুৰ্গোৎসৱৰ মাজেৰে কামাখ্যা দেৱালয়ত অনুষ্ঠিত হৈ আহিছে বিভিন্ন পূজা-অৰ্চনা ।

দশমী পূজাত পুৱা ১০ বজাত খোলা হ’ব মন্দিৰৰ দুৱাৰ

বৃহস্পতিবাৰে সপ্তমী পূজাৰ দিনা পুৱা ১০ বজাত মন্দিৰৰ দুৱাৰ খোলা হয় আৰু বিয়লি মন্দিৰৰ দুৱাৰ বন্ধ কৰি দেৱীৰ ভোগ আৰু আৰতি সমাপন কৰা কৰা হয় পৰম্পৰাগত নিয়মেৰে ৷ এই দিনটোত ভি আই পিৰ বিশেষ দর্শনৰ ব্যৱস্থা বন্ধ থাকে ৷ ইপিনে, কাইলৈ দশমী পূজাৰ দিনা পুৱা ১০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব । দুপৰীয়া ভোগ নিবেদনৰ পিছতে আবেলি ১ বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব ।

লগতে পঢ়ক:২৫ ছেপ্টেম্বৰৰ পৰা কামাখ্যাত দুৰ্গা পূজা, ভক্তৰ বাবে কি কি নিৰ্দেশনা ? - Durga Puja 2024

এখন ৪০০ বছৰীয়া দুৰ্গা পূজা; কিন্তু নৱমী পূজাত অংশ নলয় এটা সম্প্ৰদায়ে...কিয় জানেনে ?

Last Updated : October 11, 2024 at 6:56 PM IST