লখিমপুৰৰ ত্ৰিবেণী সংগমত দুদিনীয়া কাৰ্যসূচীৰে মাঘী পূৰ্ণিমাৰ স্নানোৎসৱ
Triveni Sangam in Lakhimpur : অসম-অৰুণাচল সীমান্তৰ জহিং এলেকাস্থিত দেশৰ দ্বিতীয়খন ত্ৰিবেণী সংগম দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় মাঘী পূৰ্ণিমা স্নানোৎসৱ ৷ বহু দুৰ দুৰণিৰ পৰা ভক্তগণে ভিৰ কৰিছেহি ৷

Published : February 25, 2024 at 8:09 PM IST
|Updated : February 25, 2024 at 9:44 PM IST
লখিমপুৰ, ২৫ ফেব্ৰুৱাৰী : লখিমপুৰ জিলাত অৱস্থিত দেশৰ দ্বিতীয়খন ত্ৰিবেণী সংগম । অসম-অৰুণাচল সীমান্তৰ জহিং এলেকাস্থিত এই ত্ৰিবেণী সংগমত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় মাঘী পূৰ্ণিমা স্নানোৎসৱ ৷ ইয়াৰ পিচতে লখিমপুৰৰ ত্ৰিবেণী সংগমত লোকাৰণ্য হৈ পৰিছে পৰিৱেশ ।
ৰঙা নৈ, জহিং নৈ আৰু ঢেকিয়ানলা নৈৰ সংগমস্থল আছে লখিমপুৰৰ জহিং এলেকাত ৷ ধৰ্মীয় পণ্ডিতসকলে এই ত্ৰিবেণী সংগমক স্কন্ধ পুৰাণত বৰ্ণিত কুমাৰীকা ক্ষেত্রৰ ত্ৰিবেণী সংগম বুলি অভিহিত কৰিছে । এই ত্ৰিবেণী সংগমত পৌৰাণিক বহু ধৰ্মীয় কাহিনী সংপৃক্ত হৈ থকাৰ কথা উল্লেখ কৰিছে ধৰ্মীয় পণ্ডিতসকলে ।
শেহতীয়াকৈ কেইবছৰ মানৰ পূৰ্বৰে পৰা এই বৰ্ণিত কুমাৰীকা ক্ষেত্রক ত্ৰিবেণী সংগম বুলি চিনাক্ত কৰা হৈছে ৷ এই এলেকাটো স্হানীয় লোকে লক্ষী দ বুলি অভিহিত কৰি পূণ্যস্থান হিচাপে গণ্য কৰি আহিছে । অতীজৰ পৰাই যি কোনো ধৰ্মীয় কাম-কাজত এই লক্ষী দ ৰ পৰাই ৰাইজে জলোত্তলন কৰি আহিছে ।
সময়ৰ ক্ৰমে এই পবিত্ৰ স্থানত বিভিন্ন ধর্মীয় অনুষ্ঠানো আয়োজন কৰা হৈছে ।শেহতীয়াকৈ শনিবীৰৰ পৰা দুদিনীয়াকৈ এই ত্ৰিবেণী সংগমত মাঘী পূৰ্ণিমা উপলক্ষে স্নানোৎসৱৰ আয়োজন কৰা হৈছে । ইয়াৰোপৰি এই অঞ্চলত বিভিন্ন ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় । মাঘী পূৰ্ণিমাৰ স্নানোৎসৱ উপলক্ষে উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয় ত্ৰিবেণী সংগমত। বহু দুৰ দুৰণিৰ পৰাও ভক্ত প্ৰাণ ৰাইজে আহি ত্ৰিবেণী সংগমত স্নান কৰে।
উদ্যোক্তা সকলে এই ত্ৰিবেণী সংগমক দেশৰ ভিতৰতে অন্যতম তীৰ্থস্থান ৰূপে গঢ়ি তুলিবলৈ লোৱা প্ৰচেষ্টাৰ বাবে ৰজাঘৰৰ লগতে প্ৰজাসকলৰ সহযোগিতা কামনা কৰিছে ৷
লগতে পঢ়ক: লখিমপুৰত হ্ৰাস ধানৰ উৎপাদন, বৃদ্ধি ছন পৰা ভূমিৰ পৰিমাণ

