ETV Bharat / state

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি; বশিষ্ঠ মন্দিৰত প্ৰজ্বলন 1,11,111 গছি বন্তি

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি উপলক্ষে বশিষ্ঠ মন্দিৰত প্ৰজ্বলন কৰা হ’ল এক লাখ এঘাৰ হাজাৰ এশ এঘাৰ গছি চাকি ৷

Ram Lalla Pran Pratishtha Anniversary
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2025 at 10:23 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : চাওঁতে চাওঁতে এটা বছৰ শেষ হ’ল ৷ বিগত বৰ্ষৰ 22 জানুৱাৰীৰ দিনা ডবা-শংখৰ ধ্বনিৰ সহিতে পুৰোহিতৰ মন্ত্ৰোচাৰণৰ মাজৰেৰে অতি আৰম্বপূৰ্ণভাৱে অযোধ্যাত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল ৷ দেশ-বিদেশৰ পৰা অগণন লোকে ৰাম লালাক এবাৰ কাষৰ পৰা চাবলৈ অযোধ্যাত দৌৰি আহিছিল ৷ যি বাতৰিয়ে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় কেবাটাও সংবাদ সংস্থাৰ শিৰোনাম দখল কৰিছিল ৷

অযোধ্যাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ এটা বছৰ সম্পূৰ্ণ হ’ল । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত বুধবাৰে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা পৰিলক্ষিত হয় । এই অনুষ্ঠানৰ অংশস্বৰূপে গুৱাহাটী মহানগৰীৰ বশিষ্ঠাশ্ৰম দেৱালয়তো অনুষ্ঠিত কৰা হয় এক বিশেষ কাৰ্যসূচী । এক লাখ এঘাৰ হাজাৰ এশ এঘাৰ চাকি জ্বলাই উদযাপন কৰা হ’ল ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা এই বিশেষ দিনটো ।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি (ETV Bharat Assam)

বশিষ্ঠৰ অজয় দে নামৰ এজন যুৱকৰ নেতৃত্বত বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি তথা বৃহত্তৰ বশিষ্ঠ অঞ্চলৰ ৰাইজৰ সহযোগত প্ৰজ্বলন কৰা হয় এক লাখ এঘাৰ হাজাৰ এশ এঘাৰ চাকি । প্ৰজ্বলন কৰা চাকিৰে অংকন কৰা হয় শ্ৰীৰাম-সীতা, হনুমানৰ প্ৰতিচ্ছবি । লগতে ‘‘জয় শ্ৰী ৰাম’’ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ বশিষ্ঠাশ্ৰম দেৱালয় চৌহদ ।

উল্লেখ্য যে, বিগত বৰ্ষৰ 22 জানুৱাৰীৰ দিনা সমগ্ৰ দেশবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে কৰা হৈছিল । সেই হেতুকে 2024 চনৰ 22 জানুৱাৰীৰ দিনা বশিষ্ঠ মন্দিৰৰ প্ৰাংগনত প্ৰজ্বলন কৰা হৈছিল এক লাখ গচি মাটিৰ চাকি ।

লগতে পঢ়ক : ৫০০ বছৰৰ মূৰত উভতি আহিছে এই মুহূৰ্ত: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত অযোধ্যাত প্ৰথমটো দেৱালী