ETV Bharat / state

বানৰ তাণ্ডৱ : দহ বছৰত প্ৰাণ গ'ল ৯৬৪ গৰাকী লোকৰ, কৃষিখণ্ডৰ অপূৰণীয় ক্ষতি, সাহায্যৰ নামত কৃপনালি কেন্দ্ৰৰ - ASSAM FLOOD

বিগত দহটা বছৰত বানৰ তাণ্ডৱত প্ৰাণ গ'ল শ শ মানুহৰ, নষ্ট হ’ল বহু সম্পদ ৷

Assam flood
বানত ৰাজ্যৰ বিস্তৰ ক্ষতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 12, 2025 at 6:08 PM IST

5 Min Read

গুৱাহাটী : চলিত বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ বিস্তৰ ক্ষতি সাধন কৰিলে । শেহতীয়াকৈ ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও আজিৰ দিনটোতো সাতখন জিলাৰ কেইবাহাজাৰ লোক বানৰ কবলত আছে । প্ৰথমটো বানত ৰাজ্যৰ শ শ হেক্টৰ কৃষিভূমি বিনষ্ট হৈছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দিয়া তথ্য মতে, চলিত বানত এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হৈছে । লক্ষণীয় বিষয় যে প্রত্যেক বছৰ বাৰিষা বানে ৰাজ্যত প্ৰলয়ৰ সৃষ্টি কৰাটো নতুন কথা নহয় ।

Assam flood
বানৰ মাজতে কাটিছে পথাৰৰ ধান (ETV Bharat)

চলিত বৰ্ষতো তাৰ ব্যতিক্ৰম হোৱা নাই । কিন্তু উদ্বেগজনক কথাটো হ'ল যে প্ৰতি বছৰে ক্ষতি অনুপাতে ৰাজ্যখনে কেন্দ্ৰৰ পৰা ধন লাভ নকৰে । অথচ বানে কৰা ক্ষতিপূৰণৰ বাবে প্ৰতি বছৰে ৰাজ্য চৰকাৰক বৃহৎ পৰিমাণৰ পুঁজিৰ প্ৰয়োজন হয় ।

Assam flood
বানত বিস্তৰ ক্ষতি (ETV Bharat)
  • দহ বছৰত বানত প্ৰাণ গ'ল ৯৬৪ গৰাকী লোকৰ :

প্ৰত্যেক বছৰে বানত বহুলোকে প্ৰাণ হেৰুৱাব লগা হয় । চলিত বানতে এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হৈছে । বিগত দহ বছৰত ৰাজ্যত প্ৰলয়ংকাৰী বানে প্ৰাণ নিলে ৯৬৪ গৰাকী লোকৰ ।

এই তথ্য অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ । দিছপুৰৰ জনতা ভৱনস্থিত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ কাৰ্যালয়ৰ এগৰাকী প্ৰকল্প প্ৰৱন্ধকে জনোৱা মতে বিগত বৰ্ষত হোৱা সংহাৰী বানত ৰাজ্যখনত মুঠ ১১০জন লোকৰ মৃত্যু হৈছিল ।

আনহাতে বানত ৪৯,৫৮০.৪৩ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে বিধ্বস্ত হৈছিল ১,৪৫,২৪৯ টা বাসগৃহ । বছৰটোত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল ২,৩১৮টা পথ । ইফালে বিগত ২০১৫ চনৰ পৰা ২০২৪ বৰ্ষলৈকে ৰাজ্যখনত বানৰ ফলত ৯৬৪ গৰাকী লোকৰ প্ৰাণ হেৰুৱাইছে ।

বিষয়াগৰাকীয়ে দিয়া তথ্য অনুসৰি, ২০১৫ চনত ৬৬ গৰাকী, ২০১৬ চনত ৬৪ গৰাকী, ২০১৭ চনত ১৬০ গৰাকী, ২০১৮ চনত ৫৩ গৰাকী, ২০১৯ চনত ১০১গৰাকী, ২০২০ চনত ১৫০ গৰাকী, ২০২১ চনত ৩ গৰাকী, ২০২২ চনত ১৭৯ গৰাকী, ২০২৩ চনত ৭৮ গৰাকী আৰু ২০২৪ বৰ্ষত ১১০ গৰাকী লোকৰ বানত মৃত্যু হৈছিল ৷

ASSAM FLOOD
দহ বছৰত বানত প্ৰাণ গ'ল ৯৬৪ গৰাকী লোকৰ (ETV Bharat)
  • বানত কৃষিখণ্ডৰ বিস্তৰ ক্ষতি :

কৃষিপ্ৰধান ৰাজ্যখনত বানে প্ৰত্যেক বছৰে বিস্তৰ ক্ষতি সাধন কৰি আহিছে । বিগত ৯ বছৰত ৰাজ্যখনৰ কৃষি খণ্ড বিশেষকৈ শস্যৰ ব্যাপক ক্ষতি সাধন হৈছে । বিষয়াগৰাকীয়ে দিয়া চৰকাৰী তথ্য অনুসৰি, ২০১৫ চনত ১০৫ কোটি টকা, ২০১৬ চনত ৮৫ কোটি টকা, ২০১৭ চনত ১০০.১২ কোটি টকা, ২০১৮ চনত ২৩.৪৮ কোটি টকা, ২০১৯ চনত ১৫৭.৫৪ কোটি টকা, ২০২০ চনত ১৪৫.৮৬ কোটি টকা, ২০২১ চনত ৮.৫৫ কোটি টকা, ২০২২ চনত ১৫৪.৫৮ কোটি টকা আৰু ২০২৩ চনত ১৭.৯৯ কোটি টকাৰ শস্যৰ ক্ষতি হৈছিল ।

চনক্ষতি হোৱা শস্যৰ পৰিমাণ
২০১৫ চন১০৫ কোটি টকা
২০১৬ চন৮৫ কোটি টকা
২০১৭ চন১০০.১২ কোটি টকা
২০১৮ চন২৩.৪৮ কোটি টকা
২০১৯ চন১৫৭.৫৪ কোটি টকা
২০২০ চন১৪৫.৮৬ কোটি টকা
২০২১ চন৮.৫৫ কোটি টকা
২০২২ চন১৫৪.৫৮ কোটি টকা
২০২৩ চন১৭.৯৯ কোটি টকা

ইয়াৰ উপৰি ৰাজ্যৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো কোটি কোটি টকাৰ ক্ষতি হৈ আহিছে।

Assam flood
কলৰ ভূঁৰত পশুৰ বাবে খেৰ লৈ আহিছে এজন লোকে (ETV Bharat)
  • ৯ বছৰত ২৯ হাজাৰ কোটি টকাৰ বিপৰীতে দিলে তিনিশ কোটি টকা :

প্ৰত্যেক বছৰে বানত ৰাজ্যখনৰ ইমান বৃহৎ পৰিমাণৰ ক্ষতি হোৱাৰ পাছতো কিন্তু কেন্দ্ৰীয় চৰকাৰে অসমৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । আনকি ৰাজ্যখনে বিচৰা অনুসৰি সাহায্যও প্রদান কৰা হোৱা নাই । মাথোঁ এছ ডি আৰ এফ শিতানত অসমে পাবলগীয়া প্ৰাপ্য ধনৰাশি মোকলাই দিয়েই দায়িত্ব সামৰিছে কেন্দ্ৰই ।

উল্লেখ্য যে, বিগত ২০১৬ চনৰ পৰা ২০২৪ চনলৈ বিগত ৯টা বছৰত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা ২৯,০৩০.০২ কোটি টকা বিচাৰিছিল যদিও পালে মাত্র ৩২৩.৩৮ কোটি টকা । এই কথা আমি কোৱা নাই । এই কথা কৈছে ৰাজ্য চৰকাৰে ।

Assam flood
বানত ডুব গৈছে সেই ঘৰখন (ETV Bharat)

অসম বিধানসভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী কেশৱ মহন্তই দিয়া বিবৃত্তি অনুসৰি ২০২১ চনত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমে কেন্দ্ৰৰ পৰা বিচাৰিছিল ১,০৮৮.১৯ কোটি টকা । কিন্তু সেই বছৰত অসমে কেন্দ্ৰৰ পৰা পালে মাত্র ৪৪.৩৭ কোটি টকা ।

২০২২ চনত কেন্দ্ৰৰ পৰা অসমে ৩,০৭৩.৮৬ কোটি টকা বিচাৰিছিল যদিও পাইছিল মাত্র ২৫০ কোটি টকা । তাৰ পাছত ২০২৩ চনত অসমে কেন্দ্ৰৰ পৰা ১১৭.৬৮ কোটি টকা বিচাৰিছিল যদিও কেন্দ্ৰই অসমক এটা টকাও নিদিলে ।

Assam flood
বানৰ মাজতে নাৱেৰে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বন্যাৰ্তই (ETV Bharat)

২০২৪ চনতো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১,৬৮১.৪৯ কোটি টকা বিচাৰে যদিও কেন্দ্ৰীয় চৰকাৰে দিয়ে মাত্ৰ ২৯.০১৭ কোটি টকা । বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰৰ পৰা বিচৰা ধৰণে পুঁজি লাভ কৰা নাই । যাৰ ফলত ৰাজ্যৰ উন্নয়নৰ গতিতো বাধাৰ সৃষ্টি হৈছে ।

চনকেন্দ্ৰৰ পৰা অসমে বিচৰা টকাৰ পৰিমাণঅসমে কেন্দ্ৰৰ পৰা লাভ কৰা টকাৰ পৰিমাণ
২০২১ চন১,০৮৮.১৯ কোটি টকা৪৪.৩৭ কোটি টকা
২০২২ চন৩,০৭৩.৮৬ কোটি টকা২৫০ কোটি টকা
২০২৩ চন১১৭.৬৮ কোটি টকা
২০২৪ চন১,৬৮১.৪৯ কোটি টকা ২৯.০১৭ কোটি টকা

পিছে এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই কেন্দ্ৰীয় চৰকাৰৰ । কৃষি অৰ্থনীতিৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল ৰাজ্যখনত প্ৰত্যেক বছৰে বানে কৃষি খণ্ডৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাই আহিছে ।

লগতে পঢ়ক : বান-খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত তিনিচুকীয়াত আছুৰ প্ৰতিবাদী কাৰ্যসূচী

লগতে পঢ়ক : ৰাজ্যত পুনৰ বানত এজনৰ মৃত্যু, ২১ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.