ETV Bharat / state

নগাঁৱৰ দায়িত্বভাৰ ল'ব দেৱাশীষ শৰ্মাই - RESHUFFLE OF ASSAM ADMINISTRATION

জিলা আয়ুক্ত পৰ্যায়ত বদলিৰ নিৰ্দেশ । নগাঁৱৰ নতুন আয়ুক্ত হ’ব দেৱাশীষ শৰ্মা । উৎফুল্লিত নগাঁওবাসী ।

Devashish Sharma transferred to Nagaon as the district commissioner
নগাঁৱৰ দায়িত্বভাৰ ল'বলৈ আহিব দেৱাশীষ শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 10:40 AM IST

2 Min Read

নগাঁও: ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল । মঙলবাৰে ৰাজ্য চৰকাৰৰ এক নিৰ্দেশ অনুযায়ী ৰাজ্যৰ কেইবাগৰাকী জিলা আয়ুক্তক কৰা হৈছে বদলি । ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক নগাঁৱলৈ বদলি কৰাৰ খবৰে উৎফুল্লিত কৰিছে নগাঁৱৰ সাধাৰণ জনতাক ।

বিভিন্ন সময়ত সাধাৰণ লোকৰ বিপদত থিয় দিয়াৰ লগতে বিভিন্ন সময়ত ব্যতিক্ৰমী কৰ্মৰে প্ৰায়েই চৰ্চাত থকা মৰিগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মাক নগাঁৱলৈ বদলিৰ নিৰ্দেশৰ খবৰ নিশাটোৰ ভিতৰতেই বিয়পি পৰে সামাজিক মাধ্যমত ।

RESHUFFLE OF ASSAM ADMINISTRATION
ৰাজ্য চৰকাৰৰ নিৰ্দেশনা (ETV Bharat Assam)

মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰি বদলিৰ নিৰ্দেশ অনুযায়ী:

  • নলবাৰী জিলা আযুক্ত বর্ণালী ডেকাক সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব হিচাপে বদলি
  • মৰিগাঁও জিলাৰ আয়ুক্ত তথা মুম্বাই অসম ভৱনৰ যুটীয়া আয়ুক্তৰ অতিৰিক্ত দায়িত্বত থকা দেৱাশীষ শর্মাক নগাঁও জিলা আয়ুক্ত হিচাপে বদলি । লগতে থাকিব মুম্বাই অসম ভৱনৰ অভিৰিক্ত দায়িত্ব ।
  • গোৱালপাৰাৰ জিলা আয়ুক্ত খনিন্দ্ৰ চৌধুৰীক মুখ্যমন্ত্ৰীৰ সচিবলৈ বদলি ।
  • নগাঁও জিলা আয়ুক্ত নৰেন্দ্র কুমাৰ শ্বাহক Employment & craftmen training ৰ সঞ্চালকৰ লগতে AHDC ৰ MD ৰ দায়িত্ব
  • পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব নিবেদন দাস পাটোৱাৰীক নলবাৰী জিলা আয়ুক্ত হিচাপে বদলি
  • ক্রীড়া যুৱ কল্যাণৰ সঞ্চালক প্রদীপ তিমুঙক গোৱালপাৰা জিলা আয়ুক্তৰ দায়িত্ব
  • ৰাজ্য চৰকাৰৰ যুটীয়া সাচিব অনামিকা তিৱাৰীক মৰিগাঁও জিলা আয়ুক্ত হিচাপে বদলি
  • ৰাজ্য চৰকাৰৰ যুটীয়া সচিব তথা মুখ্যমন্ত্ৰীৰ OSD কুন্তলমণি শর্মাক মুখ্যমন্ত্ৰীৰ OSD ৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিবৰ দায়িত্ব
  • ইফালে বিত্ত আৰু সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব বীৰেন্দ্ৰ মিট্টলৰ অতিৰিক্ত দায়িত্ব কৰ্তন কৰা হৈছে
  • ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ সচিব অনন্তলাল জ্ঞানীকো দিয়া হৈছে নতুন দায়িত্ব । ঔদ্যোগ, বাণিজ্যৰ লগতে কেবাটাও বিভাগৰ অতিৰিক্ত দায়িত্বত থকা ড৹ পি উদয় প্ৰবীণক অতিৰিক্ত দায়িত্ব কৰ্তন কৰা হৈছে ।

উল্লেখযোগ্য যে, এগৰাকী সমাজকৰ্মীৰ লগতে সাংস্কৃতিক কৰ্মী হিচাপে যথেষ্ট জনপ্ৰিয় মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক নগাঁও জিলাৰ আয়ুক্ত হিচাপে বদলি কৰাত উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী । দেৱাশীষ শৰ্মাক নগাঁও জিলাৰ আয়ুক্ত হিচাপে বদলি কৰাৰ খবৰ লাভ কৰাৰ লগে লগে সামাজিক মাধ্যমযোগে বিভিন্নজনে দেৱাশীষ শৰ্মাক অভিনন্দন আৰু স্বাগতম জনাইছে ।

লগতে পঢ়ক: অসমবাসীৰ সপোনক মোদী চৰকাৰে সিদ্ধিলৈ ৰূপান্তৰ কৰিলে : মুখ্যমন্ত্রী - 11TH ANNIVERSARY OF MODI GOVT

প্ৰাণপাই উঠিছে শীতৰ সময়ছোৱাত শুকাই যোৱা মৰাভৰলীয়ে - MORA BHARALI RIVER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.