ETV Bharat / state

প্রধানমন্ত্রী কৃষক সন্মান নিধি : কৃষিভূমি আৰু কৃষকৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে হিতাধিকাৰীৰ সংখ্যা - PM KISAN SAMMAN NIDHI

কৃষিপ্ৰধান ৰাজ্য অসমত কৃষিভূমি আৰু কৃষকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই আহিছে যদিও হ্ৰাস পোৱা নাই কৃষক হিতাধিকাৰীৰ সংখ্যা । ৰাজ্যত বৃদ্ধি পাইছে হিতাধিকাৰী কৃষকৰ সংখ্যা।

PM Kisan Samman Nidhi
কৃষিপ্ৰধান ৰাজ্য অসম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 15, 2025 at 3:43 PM IST

6 Min Read

গুৱাহাটী : অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ৰাজ্যখনত সিমানেই বাঢ়িবলৈ ধৰিছে হিতাধিকাৰী কৃষকৰ সংখ্যা । নিৰ্বাচনৰ সময়লৈ এই হিতাধিকাৰী কৃষকৰ সংখ্যা ২৩ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰখনে । এই লক্ষ্য নিৰ্দিষ্ট কৰা হিতাধিকাৰী কৃষক মানে হৈছে প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ হিতাধিকাৰী ।

লক্ষণীয় বিষয় যে এফালে কৃষিপ্ৰধান ৰাজ্যখনৰ লাখ লাখ খিলঞ্জীয়া কৃষকে খেতি কৰিবলৈ এৰি দিয়াৰ লগতে কৃষিভূমিৰ শ্ৰেণী বিভাজন হৈ কৃষিভূমিৰ পৰিমাণ কৰি আহিছে আৰু আনফালে কিন্তু ৰাজ্য চৰকাৰে পি এম কিষাণৰ হিতাধিকাৰী বৃদ্ধি কৰাৰ তৎপৰতা আৰম্ভ কৰিছে ।

PM Kisan Samman Nidhi
কৃষিপ্ৰধান ৰাজ্য অসম (ETV Bharat)

মাত্ৰ এবছৰৰ ভিতৰতে ৰাজ্যখনত পি এম কিষাণৰ হিতাধিকাৰী তিনি লাখতকৈও অধিক বৃদ্ধি পালে । অনাগত ছটা মাহৰ ভিতৰত আৰু ২ লাখ বৃদ্ধি কৰি বিজেপি মিত্রজোঁট চৰকাৰে শাসকীয় দলটোৰ বাবে ভোটবেংক সুৰক্ষিত কৰি ৰখাৰ তৎপৰতা আৰম্ভ কৰিছে ।

আঁচনিখনৰ বাবে থকা কেন্দ্ৰীয় চৰকাৰৰ পি এম কিষাণ প'ৰ্টেলৰ তথ্য অনুসৰি মাত্ৰ এবছৰৰ ভিতৰতে ৰাজ্যখনত তিনি লাখ কৃষক হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাইছে । হিতাধিকাৰী কৃষকৰ সংখ্যা বৃদ্ধিৰ লগে লগে পুনৰ এই আঁচনিখনত দুর্নীতি হোৱাৰ আশংকা কৰা হৈছে । ছদ্মবেশী কৃষকক হিতাধিকাৰী সজোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনে ।

  • পি এম কিষাণ আঁচনিত পূৰ্বে অন্তৰ্ভুক্ত হৈছিল ভুৱা হিতাধিকাৰী :

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পি এম কিষাণ আঁচনিৰ শুভাৰম্ভ কৰিছিল । এই আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীক বছৰি ছয় হাজাৰ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হয় । এটা বছৰত তিনিটা কিস্তিত এই ধন কৃষকক আদায় দিয়া হয় ।

প্ৰাৰম্ভতে অসম আৰু ঝাৰখণ্ডত এই আঁচনিৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী হোৱাৰ তথ্য পোহৰলৈ আহিছিল । এই কেলেংকাৰীৰ তদন্ত ইতিমধ্যে চি আই ডিয়ে কৰিছে আৰু ভুৱা হিতাধিকাৰীৰ নাম পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে ।

ৰাজ্যখনত প্ৰাৰম্ভতে এই আঁচনিৰ জৰিয়তে ১,১৭,৬৮৫ জন ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছিল আৰু ৮ লক্ষাধিক হিতাধিকাৰীয়ে কেইবাটাও কিস্তিত ধন লাভ কৰিছিল । পিচলৈ এনে ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হয় যদিও হিতাধিকাৰীৰ পৰা ১০ শতাংশ ধনো ওভতাই আনিবলৈ সক্ষম নহ'ল ।

PM Kisan Samman Nidhi
কৃষিভূমি আৰু কৃষকৰ সংখ্যা হ্ৰাস (ETV Bharat)

ৰাজ্যত পুনৰ ছদ্মবেশী কৃষকৰ নাম পি এম আঁচনিৰ অন্তৰ্ভুক্ত হ'বলৈ ধৰিছে নেকি এনে প্ৰশ্নৰ অৱতাৰণা হৈছে এই কাৰণেই যে বাস্তৱ ক্ষেত্ৰত ৰাজ্যখনত ব্যাপক হাৰত কৃষকৰ সংখ্যা টুটি আহিছে । এনে প্ৰেক্ষাপটত ৰাজ্যখনত এটা বছৰৰ ভিতৰতে তিনি লাখ কৃষকৰ নাম পি এম কিষাণত অন্তৰ্ভূক্ত হোৱাটোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে ।

  • এবছৰত বৃদ্ধি পালে তিনি লাখৰো অধিক হিতাধিকাৰী কৃষক :

ৰাজ্যত এবছৰত বৃদ্ধি পালে তিনি লাখৰো অধিক কৃষক । কৃষি বিভাগৰ এগৰাকী যুটীয়া সঞ্চালকে দিয়া তথ্য অনুসৰি ৰাজ্যখনত ২০২১ চনলৈ ৪১,৮৭,০২৩ জন আবেদনকাৰীৰ ভিতৰত ১০,৬৬,৫৯৩ খন আবেদন ৰাজহুৱা বিত্তীয় পি এফ এম এছে নাকচ কৰিছিল । পৰৱৰ্তী সময়ত অসম চৰকাৰৰ চি আই ডিয়ে কৰা অনুসন্ধানত ৩১,২০,৪৩০ জন হিতাধিকাৰীৰ ভিতৰত ১১,৭২,৬৮৫ জনক অযোগ্য বুলি ঘোষণা কৰা হৈছিল ।

চি আই ডিয়ে কৰা অনুসন্ধানৰ পাছত ৰাজ্যখনত ২০২০ চনৰ ডিচেম্বৰ পৰা ২০২১ চনৰ মাৰ্চলৈ নিৰ্ধাৰিত কিস্তিটোত ৰাজ্যখনৰ ১৫,৭৫,৭০৩ জন হিতাধিকাৰীয়ে পুঁজি লাভ কৰিছিল । ইফালে ২০২৪ চনৰ এপ্ৰিল-জুলাইৰ কিস্তিত পুঁজি লাভ কৰা হিতাধিকাৰীৰ সংখ্যা আছিল ১৮,১৪,৩২৩ গৰাকী ।

তেনেদৰে ২০২৪ চনৰ আগষ্ট-নৱেম্বৰৰ কিস্তিৰ হিতাধিকাৰীৰ সংখ্যা ১৮,৮৭,৫৭২ গৰাকী । ২০২৪ চনৰ ডিচেম্বৰৰ পৰা মাৰ্চৰ কিস্তি লাভ কৰা হিতাধিকাৰীৰ সংখ্যা হ'ল ২০,৮৭, ৪৬৮ গৰাকী । আনহাতে চলিত বৰ্ষৰ এপ্ৰিলৰ শেষত পি এম কিষাণ প'ৰ্টেলত উপলব্ধ তথ্য মতে ৰাজ্যখনত যোগ্য হিতাধিকাৰীৰ সংখ্যা ২১,২৪,৮৭০ গৰাকী আৰু ইয়াৰ পুঁজি পাবলৈ সক্ষম হৈ থকা হিতাধিকাৰীৰ সংখ্যা ২১,২৩,৬২৩ গৰাকী ।

এই হিচাপত দেখা গৈছে যে ৰাজ্যখনত মাত্ৰ এবছৰৰ ভিতৰত যোগ্য হিতাধিকাৰীৰ সংখ্যা ৩,১০,৫৪৭ গৰাকী বৃদ্ধি পাইছে । আনহাতে অনাগত ছমাহৰ ভিতৰত পুনৰ দুই লাখ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰখনে ।

এইখন চৰকাৰে হিতাধিকাৰীৰ সৃষ্টিত অধিক গুৰুত্ব দিয়াটো নতুন কথা নহয় । তেনেস্থলত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ২৩-২৪ লাখ হ'লেও কোনো আচৰিত কথা নহ’ব ।

PM Kisan Samman Nidhi
প্রধানমন্ত্রী কৃষক সন্মান নিধি (PM Kisan official page)
  • ৰাজ্যত কমি আহিছে কৃষক আৰু কৃষিভূমি :

কৃষি বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে দিয়া তথ্য অনুসৰি, ভূমি ব্যৱহাৰৰ পৰিসংখ্যা হিচাপত ২০১৫-১৬ বৰ্ষত ৰাজ্যখনত কৃষিৰ বাবে মুঠ মাটি ব্যৱহাৰ হৈছিল ২৮,০১,৪৭২ হেক্টৰ । ইয়াৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত ব্যৱহাৰ হৈছিল ২৭,৫৬,৪৯২ হেক্টৰ ভূমি ।

আনহাতে ৰাজ্যখনত বৰ্তমান সময়ত ১৮ লাখ কৃষক আছে । কেইবছৰমান পূৰ্বে এই সংখ্যা আছিল ৪০ লাখৰো অধিক । অৱশ্যে বৰ্তমানে ৰাজ্যখনত ১৮.৪৫ লাখ জনে কৃষি শ্রমিক হিচাপেও কাম কৰি আছে । গতিকে সেই হিচাপতো দেখা যায় যে ৰাজ্যখনত খেতিয়কৰ সংখ্যা কমিছে ।

ৰাজ্যখনত ২০১০-১১ বৰ্ষত ধান খেতি কৰা হৈছিল ২৫.৭০ লাখ হেক্টৰ ভূমিত, ২০২৩-২৪ বৰ্ষত ধান খেতি কৰা হয় ২৩.০৮ লাখ হেক্টৰ ভূমিত । গতিকে দেখা গৈছে যে ৰাজ্যখনত উদ্বেগজনকভাৱে কৃষিকাৰ্য কৰা মাটিৰ পৰিমাণ হ্ৰাস পোৱাৰ সমান্তৰালভাৱে কৃষকৰ সংখ্যাও ব্যাপক হাৰত হ্ৰাস পাবলৈ ধৰিছে ।

লক্ষণীয় বিষয় যে পি এম কিষাণ আঁচনিৰ আৰম্ভণিতে লাখ লাখ লোকে হিতাধিকাৰীৰূপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল । পৰৱৰ্তী সময়ৰ অনুসন্ধানৰ পাচত এইসকলক অযোগ্য বুলি ঘোষণা কৰা হয় । তাৰ পাছতো বৰ্তমান সময়ত পুনৰ এটা বছৰৰ ভিতৰত ৩ লাখ হিতাধিকাৰী নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিষয়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ ।

যি হাৰত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বাঢ়িছে, সেই হাৰত ভূমিহীনে মাটিৰ পট্টা লাভ কৰা নাই । গতিকে এই নতুনকৈ হিতাধিকাৰী অন্তর্ভুক্তি অভিযানত ছদ্মবেশী কৃষকেহে স্থান লাভ কৰাৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে ।

লগতে পঢ়ক : ভোট জলকীয়া খেতিৰে স্বাৱলম্বী জোনাইৰ ৩ বন্ধু

লগতে পঢ়ক : অসমত মুকলি হ'ব দেশৰ ভিতৰতে দ্বিতীয়টো ক্ৰীড়া বিজ্ঞান প্ৰতিষ্ঠান: দেৱজিৎ শইকীয়া

লগতে পঢ়ক : মুক্তিৰ পাছতে হাহাকাৰ: এনেকুৱা কি আছে ভাইমন দাৰ ট্ৰেইলাৰত ?

লগতে পঢ়ক : আৰক্ষীয়ে দিব নোৱাৰিলে তথ্য-প্ৰমাণ, মুকলি আকাশৰ তলত হত্যাকাণ্ডৰ অভিযুক্ত ভূপেন দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.